ৰাজ্য চৰকাৰৰ নতুন সিন্ধান্ত অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাক লৈ যি সকল পৰিয়ালে মুকলিত শৌচ কৰিব লগা হয় বা শৌচগাৰ নিৰ্মাণ কৰা নাই সেইসকলৰ ভিতৰত নিৰ্ধাৰিত এক লাখ পৰিয়ালৰ সৈতে মিছন সম্ভৱ নামে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
সেই উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বিশ্বনাথ জিলাতো আজি মিছন সম্ভৱ কাৰ্যসূচী সম্পন্ন হয়।
উল্লেখযোগ্য যে ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ নকৰা পৰিয়ালৰ ভিতৰত বিশ্বনাথ জিলাত প্ৰায় ৪০০০ পৰিয়ালৰ লক্ষ্য হিচাপে লৈ ‘মিছন সম্ভৱ’ কাৰ্যসূচী গ্ৰহণ কৰা হয়।
‘মিছন সম্ভৱ’ কাৰ্যসূচীৰ অংশ হিচাপে বিশ্বনাথৰ বিহালী সমষ্টিৰ বিহমাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিহমাৰী জাৰনিত কেন্দ্ৰীয়ভাৱে হাতত কোৰ লৈ প্ৰথমে এই আঁচনিৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজজ্যোতি কলিতাই।
উক্ত শুভাৰম্ভণী সভাত উপায়ুক্ত গৰাকীৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰবীন দাস, বিহমাৰী গাওঁ পঞ্চায়তৰ সভাপতি, জিলা স্বচ্ছ ভাৰত প্ৰেৰকৰ ৰাজ্যিক সমন্বয়ক ৰাজিৱ দাস, বিশ্বনাথ জিলা স্বচ্ছ ভাৰত প্ৰেৰক বৈশালী ভট্টাচাৰ্য্য , বিহালীৰ কাৰ্যবাহী অভিযন্তা তুলসি নাৰায়ন কলিতাকে আদি কৰি স্থানীয় বহুলোকে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানটি সাফল্য মণ্ডিত কৰাত সহায় কৰে।