বিশ্বনাথ চাৰিআলিত আজি বিশ্বনাথ ফেচবুক ফ্ৰেণ্ডছ্ ক্লাবৰ উদ্যোগত এক গণ বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে ৰাজ্যত সঘনাই ঘটি থকা নিকৃষ্ট ধৰ্ষণ কাণ্ড সমূহৰ দৃষ্টান্তমূলক শাস্তিৰ সপক্ষে এক প্ৰৱল জনমত গঢ়ি তোলাৰ লগতে ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়া আইন প্ৰণয়ন কৰাৰ দাবীত প্ৰতিবাদকাৰী সকলে কপাঁই তোলে বিশ্বনাথ নগৰৰ মাজমজিয়া।
উক্ত গণ বিক্ষোভ কাৰ্যসূচীটোত বিশ্বনাথৰ কেইবাটাও জাতীয় দল-সংগঠনৰ লগতে বিশ্বনাথৰ উকিল সন্থাইও সহযোগ কৰে।
বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াত অনুষ্ঠিত এই গণ বিক্ষোভত বিক্ষোভকাৰী সকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিশ্বনাথ ঘাটপথ আৰু পাভৈ পথ অৱৰোধ কৰি ৰখাত স্তব্ধ হৈ পৰে ৰাজপথ আৰু শতাধিক যান বাহন আৱদ্ধ হৈ পৰে।
বিক্ষোভকাৰী সকলে অৱশেষত কিছু সময়ৰ পিছত বিশ্বনাথ জিলা প্ৰশাসনৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।