বুধবাৰে পুৱতি নিশা অহা প্ৰলয়ংকৰী বানৰ ঢলে বোকাখাতৰ বিস্তীৰ্ণ এলেকা প্লাবিত কৰাৰ উপৰি অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ বিভাগীয় তথ্য মতে এতিয়ালৈ এই ঢলত বোকাখাত মহকুমাৰ মুঠ ২৬ খন গাঁও প্লাবিত হোৱাৰ উপৰি ১৯৫ হেক্টৰ কৃষি ভূমি বিনষ্ট হৈছে ৷ এই ঢলত মহকুমাটোৰ ১৮,০০০ লোক প্ৰতক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷
উল্লেখযোগ্য যে ডিফলু আৰু কঁহৰাৰ উপৰি কাৰ্বি আংলঙৰ পাহাৰৰ পৰা বৈ অহা পানী জান- জুৰিৰে নামি অহা ঢলত ক্ষতিগ্ৰস্ত লোকৰ বাবে বোকাখাতৰ মহকুমা প্ৰশাসনে কলাখোৱা প্ৰাথমিক বিদ্যালয়, কৈলাখাত প্ৰাথমিক বিদ্যালয় আৰু কৰাআটি গাঁৱৰ মহিলা সমিতি ভৱনত একোটাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰিছে ৷ ইয়াৰ বিপৰীতে ১৩ টা বিতৰণ কেন্দ্ৰৰ যোগেদি বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণ কৰিছে ৷
জানিব পৰা মতে এই সংহাৰী বানৰ ঢলত কাকচাং নিনাসী সুনীল মুড়া নামৰ লোকজনৰ মৃত্যু হোৱাৰ বিপৰীতে মহকুমাটোৰ প্ৰায় ২,৪০০টা পশুধন ক্ষতিগ্ৰস্ত হৈছে বুলি মহকুমা প্ৰশাসনে জনাইছে ৷ ইয়াৰ পাছতো শেহতীয়া ঢলত গৃহহীন হোৱা মহকুমাটোৰ মেথনি চাহ বাগিচাৰ লক্ষী মন্দিৰৰ সমীপৰ মাজলু ঘাটোৱাল আৰু তুলসী তেলেংগাৰ পৰিয়ালে আজিলৈকে কোনোধৰণৰ চৰকাৰী সাহাৰ্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
ইফালে বিভাগীয় তথ্যত মহকুমাটোত ডিফলু আৰু কঁহৰা নদীয়ে ক্ষতি কৰা বাট- পথৰ কথা কোৱা হৈছে যদিও কাৰ্বি আংলঙৰ সীমাতে থকা শিলভেটা কাকচাং সংযোগী দলঙৰ পুলৰ উল্লেখ নাই বিভাগীয় প্ৰতিবেদনত ৷ পথটোত থকা গুৰুত্বপূৰ্ণ কালভাৰ্টো ঢলে উটুৱাই নিয়াৰ পাছত অঞ্চলটোৰ জনসাধাৰণৰ মাজত যাতায়াতৰ সমস্যাৰ সৃষ্টি হৈছে ৷ একেদৰে বৰভেটা সাপজুৰি সংযোগ পথটো আমলখি বস্তিত ঢলে ছিঙি পেলোৱাত দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলটোৰ জনসাধাৰণ ৷ এতিয়ালৈকে বানবিধ্বস্ত অঞ্চলটোৰ ৬ খনকৈ বিদ্যালয় বন্ধ কৰি দিব লগা হৈছে বুলি জানিব পৰা গৈছে ৷