অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বুধবাৰে তেওঁৰ প্ৰথমটো বৰপেটা জিলা ভ্ৰমণৰ সময়ত জিলাখনৰ উপায়ুক্ত, সুৰক্ষা সংস্থা, বিভিন্ন বিভাগৰ মুৰব্বীসকল আৰু আন সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু জিলাখনৰ ৰাইজৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাম-কাজৰ বুজ লয়।
উপায়ুক্তৰ কাৰ্যালয়ৰ বৈঠক গৃহত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকত ৰাজ্যপালে বিভিন্ন বিষয়ৰ লগতে স্বাস্থ্যসেৱা, খোৱা পানী, পৰিচ্ছন্নতা, শিক্ষা, পথ আৰু যোগাযোগ, কৃষি আদি বিষয়ৰ স্থিতি সম্পৰ্কে অৱগত হয়।
ৰাজ্যপাল গৰাকীয়ে উপায়ুক্ত আৰু পৌৰ পৰিষদক আৰ্ৱজনাৰ ব্যৱস্থাপনা আৰু নিষ্কাষণৰ দিশবোৰ চালি-জাৰি চাই পৰিকল্পনা যুগুত কৰাৰ বাবে নিৰ্দেশ দিয়ে।
কৃষি সম্পৰ্কত গুৰুত্ব প্ৰদান কৰি অধ্যাপক মুখীয়ে স্থানীয়ভাৱে উপযোগী আৰু উন্নত উৎপাদনক্ষম পৰিকল্পনা প্ৰস্তুত কৰাৰ আহ্বান জনায়। স্থানীয় দিশসমূহ সন্মুখত ৰাখি পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে জিলা কষি বিষয়াসকলক নিৰ্দেশ দিয়ে।
ৰাজ্যপালে গাখীৰৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ সম্ভাৱনীয়তালৈ দৃষ্টি দিয়াৰ বাবেও আহ্বান জনায়।
তেওঁ লগতে উপায়ুক্তক কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ পৰ্যবেক্ষণ কৰিবলৈ আৰু অধিক উৎপাদন নিশ্চিত কৰিবলৈ কৃষকসকলক বীজ, সাৰ, জলসিঞ্চনৰ ব্যৱস্থা, মাটিৰ পৰীক্ষণৰ পৰামৰ্শ দিয়াৰ জৰিয়তে তেওঁলোকক উদ্বুদ্ধ কৰিবলৈ আহ্বান জনায়।
ৰাজ্যপালগৰাকীয়ে বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ ৰূপায়নৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰি উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু বিভিন্ন বিভাগীয় মুৰব্বীসকলক সততা আৰু নিষ্ঠাৰে কাম কৰি তৃণমূল পৰ্যায়ৰ লোকসকলক উপকৃত কৰাত মনোনিৱেশ কৰাৰ আহ্বান জনায়।
তেওঁ বিষয়াসকলে তেওঁলোকৰ কৰ্মস্থানৰ চৌপাশে স্বচ্ছতা বজাই ৰাখি পৰিস্কাৰ আৰু সেউজ পাৰিপাৰ্শ্বিকতালৈ বৰঙণি যোগাৱাত গুৰুত্বআৰোপ কৰে।
ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে বৰপেটা সত্ৰ পৰিদৰ্শন কৰে আৰু ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে সেৱা আগবঢ়ায়।
তেওঁ লগতে সত্ৰৰ সত্ৰাধিকাৰ আৰু আন বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে বিভিন্ন প্ৰয়োজনীয়তাৰ বিষয়ে বুজ লয়।
ৰাজ্যপালগৰাকীয়ে পৌৰ পৰিষদৰ কাৰ্যালয়, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মাধৱ চৌধুৰী মহাবিদ্যালয় পৰিদৰ্শন কৰি স্বচ্ছতা আৰু আন কাম-কাজৰ পৰ্যালোচনা কৰে।
তেওঁ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ গৱেষণা শাখাৰ মুখ্য গৱেষণা অনুসন্ধানকাৰী ড০ ৰঞ্জিত হাজৰিকাৰ সৈতে আলোচনাত মিলিত হয়। হাজৰিকাই বৰপেটা জিলাত কৰ্কট ৰোগীৰ উচ্চ হাৰৰ বিষয়ে ৰাজ্যপালগৰাকীক অৱগত কৰে।
অধ্যাপক মুখীয়ে বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধ আৰু সংবাদ মাধ্যমৰ সদস্যৰ সৈতে মত বিনিময় কৰে আৰু জিলাখনৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সম্পৰ্কীয় পা-পৰামৰ্শ গ্ৰহণ কৰে।