জলসম্পদ বিভাগৰ দ্বাৰা এচ ডি আৰ এফ শিতানত ২০১৬-১৭ বৰ্ষত অনুমোদিত ৫ কৌটি ৭৫ লাখ ৯ হাজাৰ টকাৰে নৱ-নিৰ্মিত বহৰি-বাঘবৰ মথাউৰিৰ বেয়া অংশ মেৰামতিৰ কামৰ লগতে ব্ৰহ্মপুত্ৰ নদীত হোৱা গৰাখহনীয়া প্ৰতিৰোধৰ কাম সমূহ আজি পৰিদৰ্শন কৰে বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে।
পৰিদৰ্শনৰ সময়চোৱাত তেওঁলোকে বহৰি পাৰঘাটৰ পৰা নাৱেৰে যাত্ৰ আৰম্ভ কৰি কলতুলি, ফুলবাৰী হৈ তাৰাবাৰী চৰৰ কাষেৰে গৈ ভোগেৰপাৰ ঘাটত উপস্থিত হয়।
উপায়ুক্ত মালাকাৰে বৰপেটা জিলা গ্ৰাম্য অভিকৰণৰ অধীনত ৰূপায়িত হৈ থকা খহনীয়া প্ৰতিৰোধৰ বাবে এম জি এনৰেগা আঁচনিসমূহ পৰিদৰ্শন কৰে।
সমাগত বানপানীৰ পৰিপ্ৰেক্ষিতত বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধ আঁচনি সমূহ সঠিক আৰু সফলভাৱে নিৰ্মাণ কৰিবলৈ উপায়ুক্তই বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।
উপায়ুক্তই পৰিদৰ্শন কালত নৈপৰীয়া স্থানীয়লোকৰ সৈতে স্থানীয় সমস্যা সম্পৰ্কে মত বিনিময় কৰে আৰু সমাধানৰ কাৰণে সদিচ্ছা প্ৰকাশ কৰে। এই পৰিদৰ্শনৰ সময়চোৱাত উপায়ুক্তৰ সৈতে বৰপেটা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰী তথা বিভাগীয় বিষয়াসকলো উপস্থিত থাকে।