বৰপেটা চহৰৰ গান্ধীনগৰত আজি সংঘটিত এটা অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়৷ জানিব পৰা মতে, আজি দিনৰ প্ৰায় ১২.৩০ বজাত গান্ধীনগৰ নিৱাসী শিক্ষক নজিমুল হকৰ বাসগৃহত এই অগ্নিকাণ্ডটো সংঘটিত হয়৷
জুই লগাৰ দেখি লগে লগে স্থানীয় ৰাইজ উপস্থিত হৈ জুই নুমোৱাৰ চেষ্টা চলায় যদিও জুয়ে ক্ৰমে ব্যাপক ৰূপ ধাৰণ কৰাত অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিত হৈহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুয়ে গোটেই ঘৰটোক গ্ৰাস কৰাৰ পৰা ৰক্ষা কৰে। তথাপি হকৰ বাসগৃহৰ এটা কোঠা জুইত সম্পূৰ্ণৰূপে জাহ যায়। ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি লোকচান হয়।
অনুমান কৰা মতে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে৷