ভাৰতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অৱশেষত চীনে মহাবাহু ব্ৰহ্মপুত্ৰৰ জল সম্পৰ্কীয় তথ্য প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। আগন্তুক বাৰিষা আৰম্ভ হোৱাৰ প্ৰাক্ক্ষণতে চীনে পুনৰ ব্ৰহ্মপুত্ৰৰ পানীৰ তথ্য প্ৰদান কৰা কাৰ্যই ভাৰতক বিশেষকৈ অসম তথা অৰুণাচল প্ৰদেশক যথেষ্ট সকাহ দিব।
প্ৰায় ডেৰ বছৰৰ বিৰতিৰ পাছত চীনে যোৱা ১৫ মে’ৰ পৰা পুনৰ ভাৰতক ব্ৰহ্মপুত্ৰৰ পানীৰ তথ্য প্ৰদান কৰাৰ কথা সদৰী কৰিছে কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰ্যালয়ে।
উল্লেখযোগ্য যে বিগত সময়ছোৱাত ভাৰত-চীনৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ পাছতেই চুবুৰীয়া ৰাষ্ট্ৰখনে ব্ৰহ্মপুত্ৰৰ পানীৰ তথ্য প্ৰদান বন্ধ কৰি দিছিল। কৌশলগতভাৱে চীনে কাৰিকৰী অসুবিধাৰ বাবেহে জল সম্পৰ্কীয় তথ্য প্ৰদান কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছিল।
নদীখনৰ জল সম্পৰ্কীয় তথ্য ভাৰতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হোৱালৈ চাই চীনৰ এনে স্থিতিয়ে সমস্যাত পেলাইছিল ভাৰতক। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে চীনক ব্ৰহ্মপুত্ৰৰ পানীৰ তথ্য পুনৰ প্ৰদান কৰাৰ বাবে বাৰে বাৰে আহ্বান জনাই আহিছিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীন ভ্ৰমণলৈ যাওঁতেও আনকি তেওঁ চুবুৰীয়া ৰাষ্ট্ৰখনক ব্ৰহ্মপুত্ৰৰ পানী তথ্য পুনৰ প্ৰদান কৰাৰ বাবে আহ্বান জনাইছিল।
মন কৰিবলগীয়া কথা যে ২০০৬ চনত স্বাক্ষৰিত এক চুক্তি অনুসৰি চীনে দীৰ্ঘদিন ধৰি বাৰিষা কালত (১৫ মে’ৰ পৰা ১৫ অক্টোবৰলৈকে) ব্ৰহ্মপুত্ৰৰ জল সম্পৰ্কীয় সকলো তথ্য প্ৰদান কৰি আহিছিল। উক্ত তথ্যই বাৰিষা কালত ভাৰতক বহু পৰিমাণে সহায় কৰিছিল। এই তথ্যৰ ভিত্তিতেই ব্ৰহ্মপুত্ৰৰ পানী বঢ়া-কমাৰ সন্দৰ্ভত চৰকাৰে আগতীয়াকৈ নদীখনৰ নামনি অংশত বাস কৰা লোকসকলক সৰ্তক কৰি দিব পাৰিছিল। কিন্তু ২০১৭ চনৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰখনে এই সম্পৰ্কীয় তথ্য ভাৰতক প্ৰদান কৰাটো বন্ধ কৰি দিয়াৰ ভাৰত ফলত সমস্যাত পৰিছিল।
এনেধৰণে তথ্য লাভ নকৰাৰ বাবেই যোৱা বছৰ বাৰিষা কালত নদীখনৰ নামনি অংশত বাস কৰা লোকসকলক কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ সতৰ্ক কৰি দিব পৰা নাছিল।