• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ খানাপাৰাত কাইলৈৰ পৰা ১০দিনীয়াকৈ “আদি মহোৎসৱ” : আদিবাসীসকলৰ জীৱনধাৰাক তুলি ধৰাৰ লক্ষ্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 15, 2018 7:21 pm
TriFed
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
উত্তৰ পূৰ্বাঞ্চলৰ আদিবাসী জনজাতীয় লোকসকলৰ জীৱনৰ মান উন্নত কৰাক লক্ষ্য হিচাপে লৈ মহানগৰীৰ গণেশ মন্দিৰ ইণ্ড’ৰ ষ্টেডিয়ামত ষষ্ঠ আদি মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। কাইলৈৰ পৰা ২৫ ফেব্ৰুৱাৰিলৈকে ১০ দিনীয়া কাৰ্য্যসূচীৰে ‘ট্ৰাইফেড’ৰ উদ্যোগত ‘আদি মহোৎসৱ’ নামেৰে এই মহোৎসৱ অনুষ্ঠিত হ’ব। আজি এক সংবাদমেল যোগে ট্ৰাইফেডৰ মুখ্য সঞ্চালক প্ৰবীৰ কৃষ্ণই এই কথা জানিবলৈ দিয়ে। তেওঁ কয় ”আদিবাসী জনজাতীয় লোকসকলৰ কাৰু-শিল্প, সংস্কৃতি, ৰন্ধনপ্ৰণালী, ব্যৱসায়-বাণিজ্যক এটা নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যে এই মহোৎসৱ আয়োজন কৰা হৈছে।”
উল্লেখযোগ্য যে ইয়াৰ আগতে এই মহোৎসৱ ক্ৰমে দিল্লী, জয়পুৰ, ভূপাল, ৰাঁচী আৰু ছত্তিছগড়ত অনুষ্ঠিত হৈছিল। যোৱাবছৰ দিল্লীত অনুষ্ঠিত হোৱা এই মহোৎসৱত কোটি কোটি টকাৰ হস্তনিৰ্মিত সামগ্ৰী বিক্ৰী হৈছিল বুলি প্ৰবীৰ কৃষ্ণাই সদৰী কৰে।
দেশৰ ২০ খন ৰাজ্যৰ ১৫০ গৰাকী কাৰুশিল্পীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিব বুলি তেওঁ আজিৰ সংবাদমেলত উল্লেখ কৰে। লগতে এই মহোৎসৱত পৰম্পৰাগত খাদ্য, সাজ-পোচাক আৰু অন্যান্য সামগ্ৰীৰ ৭০ খনৰ অধিক বিপণি থাকিব।
সংবাদমেলখনত প্ৰবীৰ কৃষ্ণাই উল্লেখ কৰে যে ট্ৰাইফেডে দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া জনজাতি শিল্পী আৰু উদ্যোগীসকলৰ উন্নয়নৰ বাবে কাম কৰিবলৈ সংকল্পবদ্ধ। এই শিল্পী আৰু উদ্যোগীসকলে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিলে তেওঁলোকৰ উৎপাদনৰ পৰা মুনাফা লাভ কৰা মধ্যভোগীসকলৰ পৰা ৰেহাই পাব। লগতে প্ৰথমবাৰৰ বাবে জনজাতিসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়ত ক্ৰেডিট কাৰ্ড আৰু ডেবিড কাৰ্ড ব্যৱহাৰ কৰা হ’ব বুলি প্ৰবীৰ কৃষ্ণাই জানিবলৈ দিয়ে।
তদুপৰি বনত উৎপন্ন হোৱা সামগ্ৰীসমূহ সংগ্ৰহ কৰি আদিবাসী লোকসকলে যাতে তাৰ পৰা উন্নতমানৰ সামগ্ৰী নিৰ্মাণ কৰিব পাৰে তাৰ প্ৰতিও এই মহোৎসৱত লক্ষ ৰখা হৈছে বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ সৈতে এই সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব বুলি প্ৰবীৰ কৃষ্ণাই জানিবলৈ দিয়ে।
TriFed_2
এই ক্ষেত্ৰত অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অসম চৰকাৰে দ্বায়িত্ব প্ৰদান কৰিছে বুলি তেওঁ সদৰী কৰে।
তাৎপৰ্য্যপূৰ্ণভাৱে ট্ৰাইফেডৰ সঞ্চালকজনে মন্তব্য কৰি কয় “আমি আদিবাসী কাৰুশিল্পী সকলক শিকোৱাৰ প্ৰয়োজন নাই, বৰঞ্চ তেওঁলোকৰ পৰা আমি তেখেতসকলে কেনেদৰে অতি কষ্ট স্বীকাৰ কৰি নিজ হাতেৰে প্ৰকৃতিত সহজলভ্য সামগ্ৰীৰ পৰা উন্নতমানৰ সামগ্ৰীৰ প্ৰস্তুত কৰে, সেই জ্ঞান আহৰণ কৰা উচিত।”
১০ দিনীয়াকৈ হ’বলগীয়া এই মহোৎসৱত প্ৰত্যেকদিনাই উত্তৰ-পূৰ্বাঞ্চলৰ আদিবাসী লোকসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশিত হ’ব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে।
এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ উপৰি ছত্তিশগড়, মধ্যপ্ৰদেশ,  উৰিষ্যা, হিমাচল প্ৰদেশ, গুজৰাট, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশকে ধৰি মুঠ ২০খন ৰাজ্যৰ কলা-কুশলীসকলে তেওঁলোকৰ শিল্প প্ৰদৰ্শন কৰিব।
বিপণিসমূহত নানা ৰকমৰ হস্তনিৰ্মিত বস্ত্ৰ, নৃ-গোষ্ঠীয় গহনা, চীনা মাটিৰ পাত্ৰ, পেইণ্টিঙৰ লগতে আদিবাসী পৰম্পৰাগত খাদ্য পোৱা যাব বুলি জানিব পৰা গৈছে।
https://youtu.be/-16fdOCXDXY
Apply Now
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd