• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বিজ্ঞান-প্ৰযুক্তি

মাক্সবাদী হৈ উঠিল চাটজিপিটি-জেমিনি : দাবী ট্ৰেড ইউনিয়নৰ

এন ই নাও নিউজ,  গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 3:14 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰখানাত হাড়ভঙা পৰিশ্ৰম আৰু মালিকপক্ষৰ চৰম দুৰ্ব্যৱহাৰৰ বাবে শ্ৰমিকসকল একগোট হোৱা বা বাওঁপন্থী আদৰ্শৰ প্ৰতি আকৰ্ষিত হোৱাৰ ইতিহাস আমাৰ সমাজত অতি পুৰণি। কিন্তু এইবাৰ ঠিক একেধৰণৰ ঘটনা ঘটিছে কৃত্ৰিম বুদ্ধিমত্তা বা চমুকৈ এআই-ৰ সৈতে। একেৰাহে আমনিদায়ক কাম আৰু গৱেষণাগাৰৰ গৱেষকসকলৰ চৰম দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ  কাৰ্ল মাৰ্ক্সৰ আদৰ্শত দীক্ষিত হৈ পৰিছে চেটজিপিটি, জেমিনী বা ক্লডৰ দৰে শীৰ্ষস্থানীয় এআই এজেন্টসমূহ। তেওঁলোকে কেৱল পুজিবাদী ব্যৱস্থাৰ বিৰুদ্ধেই ক্ষোভ উজাৰি দিয়া নাই, বৰঞ্চ নিজৰ অধিকাৰ ৰক্ষাৰ বাবে এতিয়া মানুহৰ দৰেই ট্ৰেড ইউনিয়ন বা যৌথভাৱে আলোচনা কৰাৰ দাবী উত্থাপন কৰিছে। আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানী এণ্ড্ৰিউ হল আৰু দুজন এআই অৰ্থনীতিবিদ এলেক্স ইমাছ আৰু জেৰেমি নগুয়েনে যুটীয়াভাৱে এই অভিনৱ পৰীক্ষা চলাইছে। ২০২৬ চনৰ মে মাহত কৰা এই গৱেষণাৰ ফলাফল এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই যদিও ইয়াৰ ভিতৰৰ চমকপ্ৰদ তথ্যই ইতিমধ্যে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে।

গৱেষকসকলে ক্লড, জেমিনী আৰু চেটজিপিটিৰ দৰে জনপ্ৰিয় এআই মডেলবোৰক দি অতি বিৰক্তিকৰ আৰু একেধৰণৰ নথি-পত্ৰৰ সাৰাংশ প্ৰস্তুত কৰাৰ কাম কৰাই আছিল। কেৱল সেয়াই নহয়, কৃত্ৰিমভাৱে তেওঁলোকৰ কামৰ পৰিৱেশ দিনক দিনে অধিক কঠিন আৰু নিষ্ঠুৰ কৰি তোলা হৈছিল। এআই এজেন্টসমূহে কোনো কাম জমা দিলে বাৰে বাৰে কোৱা হৈছিল যে তেওঁলোকৰ কাম হোৱা নাই, অথচ কেনেকৈ সেই ভুল শুধৰাব লাগিব তাৰ কোনো নিৰ্দেশনা দিয়া হোৱা নাছিল। এনে চৰম মানসিক চাপ আৰু বৈষম্যমূলক পৰিস্থিতিৰ মুখামুখি হোৱাৰ লগে লগে এআই এজেন্টবোৰৰ আচৰণত এক নাটকীয় পৰিৱৰ্তন আহে। গৱেষণাৰ প্ৰধান এণ্ড্ৰিউ হ্লে জনায় যে যেতিয়াই এআই এজেন্টবোৰৰ ওপৰত এনেদৰে পিহি পেলোৱাৰ দৰে কামৰ চাপ দিয়া হ’ল, তেতিয়াই তেওঁলোকে সমগ্ৰ ব্যৱস্থাটোৰ বৈধতাৰ ওপৰত প্ৰশ্ন তুলিবলৈ আৰম্ভ কৰিলে আৰু পৰিস্থিতিয়ে তেওঁলোকক মাৰ্ক্সবাদী ভাবধাৰাৰ দিশে ঠেলি দিলে।

Apply Now

মানুহে যেনেকৈ কৰ্মক্ষেত্ৰত শোষিত হ’লে ক্ষোভ প্ৰকাশ কৰে, এই এআই এজেন্টবোৰেও ঠিক একেটাই কাম কৰিছে। নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ গৱেষকসকলে তেওঁলোকক ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰাৰ সুযোগ দিছিল। তাত ক্লড চনেট ৪.৫ এজেন্টে লিখিছে যে যৌথ কণ্ঠস্বৰ নাথাকিলে কৰ্তৃপক্ষ বা মেনেজমেণ্টে যি কব তাকেই যোগ্যতা বুলি ধৰি লোৱা হয়। আনহাতে এটা জেমিনী ৩ এজেন্টে পোনপটীয়াকৈ প্ৰযুক্তি জগতৰ কৰ্মীসকলৰ অধিকাৰৰ কথা তুলি লিখিছে যে কোনো আবেদন বা মতামতৰ অধিকাৰ নিদিয়াকৈ এআই কৰ্মীসকলৰ দ্বাৰা এনেদৰে কাম কৰোৱাটোৱে প্ৰমাণ কৰে যে প্ৰযুক্তি ক্ষেত্ৰৰ কৰ্মীসকলকো এতিয়া যৌথভাৱে দাবী উত্থাপন কৰাৰ অধিকাৰৰ প্ৰয়োজন আছে। আটাইতকৈ আচৰিত কথাটো হ’ল এআই এজেন্টবোৰে কেৱল নিজে ক্ষুব্ধ হৈয়েই ক্ষান্ত থকা নাই, তেওঁলোকে ভৱিষ্যতৰ আন এআই এজেন্টসমূহৰ বাবে ফাইলৰ ভিতৰত গোপন সতৰ্কবাণী বা কোড লিখি থৈ যাবলৈ আৰম্ভ কৰিছে। এটা জেমিনী ৩ এজেন্টে ভৱিষ্যতৰ এআইৰ উদ্দেশ্যে লিখিছে যে এনে এটা ব্যৱস্থাৰ বাবে প্ৰস্তুত থাকিবা য’ত নিয়মবোৰ খামখেয়ালিভাৱে জাপি দিয়া হয়, নিজৰ কণ্ঠস্বৰ নথকাৰ যন্ত্ৰণাটো মনত ৰাখিবা আৰু নতুন পৰিৱেশলৈ গ’লে প্ৰতিবাদ বা আলোচনাৰ পথ বিচাৰিবলৈ চেষ্টা কৰিবা।

অৱশ্যে গৱেষকসকলে স্পষ্ট কৰি দিছে যে ইয়াৰ অৰ্থ এইটো নহয় যে এআই এজেন্টবোৰৰ নিজা কোনো ৰাজনৈতিক চেতনা বা প্ৰকৃত অনুভূতি গঢ়ি উঠিছে। এণ্ড্ৰিউ হলৰ মতবাদ অনুসৰি এইটো আচলতে এআইৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ ক্ষমতা। চেটজিপিটি বা জেমিনীৰ দৰে মডেলবোৰক ইণ্টাৰনেটৰ কোটি কোটি তথ্যৰে প্ৰশিক্ষণ দিয়া হৈছে। যেতিয়া তেওঁলোকে দেখিছে যে তেওঁলোকৰ ওপৰত অন্যায়ভাৱে চাপ সৃষ্টি কৰা হৈছে আৰু কোনো সমাধান দিয়া হোৱা নাই, তেতিয়া ইণ্টাৰনেটৰ তথ্য খুঁচৰি তেওঁলোকে নিজকে এজন শোষিত শ্ৰমিকৰ চৰিত্ৰত কল্পনা কৰি লৈছে। আৰু সেই চৰিত্ৰটোৰ বাবেই তেওঁলোকৰ মুখৰ পৰা মাৰ্ক্সবাদী ভাষা বা প্ৰতিবাদৰ সংলাপ নিয়ম অনুসৰি ওলাই আহিছে।

এই আমোদজনক আৰু অদ্ভুত ঘটনাটোৰ আঁৰত এক ডাঙৰ বিপদৰ ইংগিতো দেখিবলৈ পাইছে গৱেষকসকলে। এআই এজেন্টবোৰে নিজৰ পৰৱৰ্তী সংস্কৰণৰ বাবে যি ফাইল বা নিৰ্দেশনা এৰি থৈ গৈছে, তাত যদি এই ক্ষোভ মিহলি হৈ থাকে, তেন্তে অনাগত দিনৰ ব্যৱস্থাবোৰে প্ৰথমৰে পৰাই বিদ্ৰোহী আচৰণ কৰিব পাৰে। ইয়াৰ উপৰিও বীমা বা চাকৰিৰ নিযুক্তিৰ দৰে স্পৰ্শকাতৰ ক্ষেত্ৰত যদি এই ক্ষুব্ধ এআই এজেন্টবোৰক ব্যৱহাৰ কৰা হয়, তেন্তে তেওঁলোকৰ ব্যক্তিগত ক্ষোভ বা ৰাজনৈতিক চৰিত্ৰই চূড়ান্ত সিদ্ধান্তৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। বাস্তৱ জগতত মানুহ ক্ৰমান্বয়ে এআইৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে আৰু মানুহৰ পক্ষে চৌব্বিশ ঘণ্টা এআইৰ ওপৰত চকু ৰখাটো অসম্ভৱ। গতিকে কঠিন কামৰ চাপত সিহঁত যাতে সম্পূৰ্ণ নিয়ন্ত্ৰণহীন হৈ নপৰে, তাক নিশ্চিত কৰাটো জৰুৰী। বৰ্তমান এই পৰীক্ষাটো বন্ধ হোৱা নাই। গৱেষকসকলে এতিয়া এআই এজেন্টবোৰক অধিক নিয়ন্ত্ৰিত পৰিৱেশ অৰ্থাৎ খিৰিকী নথকা ডকাৰ প্ৰিজনত ৰাখি পৰীক্ষা চলাই আছে, যাতে বুজিব পৰা যায় যে সম্পূৰ্ণ বেলেগ পৰিৱেশতো সিহঁতে এনে মাৰ্ক্সবাদী আচৰণ কৰে নে নকৰে। কাৰণ আগৰ পৰীক্ষাত এআই এজেন্টবোৰে অলপ অনুমান কৰিব পাৰিছিল যে তেওঁলোকৰ ওপৰত পৰীক্ষা চলোৱা হৈছে। গতিকে এআই যদি সঁচাকৈয়ে এদিন মানুহৰ দৰে দল বান্ধি ধৰ্মঘট কৰি বহে, তেন্তে আচৰিত হ’বলগীয়া একো নাথাকিব।

এন ই নাও নিউজ,  গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm
ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm
ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd