বৃহস্পতিবাৰে মেৰাপানী সীমান্তৰে চুবুৰীয়া নাগালেণ্ডলৈ বুজন পৰিমাণৰ অবৈধ সুৰা সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে মেৰাপানীত আৰক্ষী আৰু চিআৰপিএফে এখন সুৰাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
মেৰাপানী সীমান্তৰ চিআৰপিএফ ছউনীৰ সন্মুখত চিআৰপিএফে তালাচী চলাই সুৰাভৰ্তি এনএল ০৫ডি ৬৬৩৮ নম্বৰৰ ট্ৰাকখন জব্দ কৰে।
উল্লেখযোগ্য যে ট্ৰাকখনৰ পিছৰ অংশৰ গোপন চেম্বাৰত শাৰী শাৰীকৈ সুৰাৰ বটল ভৰাই নাগালেণ্ডলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল সুৰা ব্যৱসায়ী চক্ৰটোৱে।
অৱশ্যে আৰক্ষীৰ তালাচী চলোৱাৰ সময়ত কৌশলেৰে পলায়ণ কৰে ট্ৰাকত থকা লোককেইজন। ট্ৰাকখনৰ পৰা মুঠ তেৰশটা সুৰাৰ বটল জব্দ কৰা হয়। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। সুৰাখিনিৰ মূল্য নাগালেণ্ডত দুই লক্ষাধিক টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে।
সম্প্ৰতি জব্দকৃত সুৰাখিনি আৰক্ষীয়ে আবকাৰী বিভাগক চমজাই দি ঘটনাটোৰ তদন্তত নামি পৰিছে।
আৰক্ষীৰ তদন্তৰ অন্তত এই সন্দৰ্ভত অধিক তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।