• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিগাঁৱত এন আৰ চিৰ চূড়ান্ত খচৰাত সোমাল ৩৯ টা বিদেশী পৰিয়ালৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 8:42 am
এন আৰ চি
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ প্ৰকাশ পোৱা নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত মৰিগাঁৱৰ ৩৯টা বিদেশী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই তথ্য বৃহস্পতিবাৰে সংবাদ মাধ্যমত সদৰি কৰে মৰিগাঁৱৰ উপায়ুক্ত তথা এন আৰ চিৰ মৰিগাঁৱৰ সমন্বয়ক হেমেন দাসে। এই  কথা সদৰি হোৱাৰ পিছতে জিলাখনৰ বিভিন্ন দল-সংগঠন তথা ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আদালতে বিদেশী বুলি ৰায় দিয়া, বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা আৰু ‘ডি’ ভোটাৰৰূপে চিহ্নিত কৰা লোকসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্তিত ন্যায়ালয় আৰু এন আৰ চি কৰ্তৃপক্ষই নিৰ্দেশ দিয়াৰ পিছতো মৰিগাঁৱত এনে ধৰণৰ ৩৯টা পৰিয়ালৰ নাম কেনেকৈ অন্তৰ্ভুক্ত হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

Apply Now

জানিব পৰা মতে জয়নাল আবেদিন নামৰ লোকজনৰ পাঁচজনীয়া পৰিয়ালটোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰৰপীঠে বিদেশী বুলি ৰায় দিয়াৰ পিছতো  সদ্য প্ৰকাশিত চূড়ান্ত খচৰাত তেওঁলোকৰ নাম প্ৰকাশ হৈছে।

২০১২ চনৰ ১০ ছেপ্তেম্বৰত মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণে এফ টি (চি) ১৭৯/০৯ নং গোচৰত জয়নাল আবেদিনসহ তেওঁৰ পৰিয়ালৰ আনোৱাৰা বেগম (পত্নী), হাবিজুৰ ৰহমান (পুত্ৰ), দুই জীয়ৰী ক্ৰমে মিনাৰা বেগম, মস্কৰা বেগমক বিদেশী নাগৰিক বুলি ৰায় দিছিল।

ইয়াৰ পিছতে জয়নাল আবেদিনে লেখ আবেদন নং ডব্লিউ পি (চি) ৬১৬৮/ ১২ যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠত গোচৰ ৰুজু কৰাত ন্যায়ালয়ে তেওঁৰ আবেদন বাতিল কৰি মৰিগাঁও বিদেশী ন্যায়াধিকৰণৰ ৰায়কে বাহাল ৰাখে। জয়নাল আবেদিনে পুনৰ ১৩৯/১৩ নং আবেদনযোগে দুজনীয়া বিচাৰপীঠত আবেদন কৰাত সেই আবেদনো বিচাৰপীঠে খাৰিজ কৰে।

নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত জয়নাল আবেদিনৰ পৰিয়ালৰ উপৰি বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা আৰু ‘ডি’ ভোটাৰ হিচাপে চিহ্নিত আন ৩৮টা পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাত এখন বিদেশী নাগৰিকমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত ৰাইজৰ মাজত শংকাৰ সৃষ্টি হৈছে।

আনহাতে,  সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত, মৰিগাঁও জিলা জাতীয়তাবাদী  যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ললিত পাঁচনি, মৰিগাঁও জিলা আক্ৰাছুৰ সভাপতি শিৱাজী ডেকা, মৰিগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি যুগল কিশোৰ চৌধুৰী, গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি ইবাদুল আলী, কলিতা জনগোষ্ঠীৰ যদুমণি বৰাকে ধৰি সংগঠনসমূহৰ নেতৃবৃন্দই এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সংগঠনকেইটাৰ নেতাসকলে এখন বিদেশীমুক্ত নাগৰিকপঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত মৰিগাঁৱৰ ঘটনাটোক সহজভাৱে ল’ব পৰা নাই। তেওঁলোকে শীঘ্ৰে এক তদন্তৰ জৰিয়তে ইয়াৰ লগত জড়িত ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd