আজি বিয়লি লখিমপুৰৰ কদম কলাবালিত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত তিনিজনকৈ ছাত্ৰই থিতাতে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে আন দুজন ছাত্ৰ গুৰুতৰপূৰ্ণভাৱে আহত হৈছে।
প্ৰাপ্ত তথ্য মতে দুৰ্ঘটনাটোত নিহত কেইজনক ক্ৰমে ভাৰ্গৱ গগৈ, অভিজিত ৰায় আৰু জিতেন্দ্ৰ আগৰৱালা বুলি চিনাক্ত কৰাৰ বিপৰীতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইজনক ক্ৰমে নীৰজ আহমেদ আৰু ৰছিদ আগৰৱালা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। লগতে দুৰ্ঘটনাত হতাহত আটাইকেইজনেই উত্তৰ লখিমপুৰৰ নিৱাসী হোৱাৰ লগতে আটাইকেইজন লখিমপুৰৰ ছেণ্ট মেৰিজ বিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।
আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত ছাত্ৰ কেইজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে গুৰুতৰভাৱে আহত কেইজনক লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
উল্লেখযোগ্য যে এ এছ ০৭ এফ ৭৮৬৫ নম্বৰৰ আই টেন গাড়ীখনেৰে ছাত্ৰ কেইজনে তীব্ৰ গতিত অহাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত খুন্দিওৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।