• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীতাৰ্তজনৰ বাবে মানৱতাৰ উমেৰে উমাল এখন কম্বল

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
January 9, 2018 10:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ শীতৰে সেমেকা ৰাতিপুৱাটোত শাৰীৰিকভাৱে অক্ষম বাবু বৰা নামৰ ভিখাৰীজনৰ নি:সম্বল শৰীৰটো ঢাকি দিলে মানৱতাৰ উমসনা এখন কম্বলে। প্ৰতিদিনে যোৰহাটৰ ব্যস্ত এ টি ৰোডৰ ফুটপাথত এমুঠি ৰ’দ বিচাৰি অহা ভিখাৰীজনক এদিন লক্ষ্য কৰাৰ পিছত এগৰাকী সামাজিক কৰ্মী ৰাতুল বৰুৱাই  তেওঁৰ শৰীৰ এখন কম্বলেৰে উমাল কৰি তুলিলে।

যোৱা কেইদিন ধৰি ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি অহাৰ সময়তে লাভ কৰা কম্বলখন বৰাৰ বাবে আছিল যেন সৰগৰ আশীৰ্বাদ।

Apply Now

‘’ মোক কম্বলখন দিয়াৰ বাবে মই এই ভদ্ৰলোকৰ প্ৰতি কৃতজ্ঞ। মোৰ ঘৰত থকাখন উৱলি গৈছে। মোৰ গাচ থকা ছুৱেটাৰটো ইমান পাতল হৈ পৰিছে যে ঠাণ্ডাৰ প্ৰকোপ ৰক্ষা কৰিবলৈ ই অসমৰ্থ,’’-বৰাই কয়।

বাওঁহাতখন  ভগা বৰাই কয় যে তেওঁ সদায় মাগিবলৈ যোৰহাটৰ বাহনা অঞ্চলৰ নাথগাঁৱৰ পৰা টেম্প’ৰে এ টি ৰোডৰ তৰাজান মছজিদৰ ওচৰলৈ আহে। দয়ালু টেম্প’ৰ চালকে তেওঁৰ পৰা মাজে সময়ে ভাড়া নলয় আৰু কেতিয়াবা তেওঁ আধা ভাড়া আদায় দিয়ে।

‘’ মই দুগৰাকী ভনীৰে সৈতে বাস কৰো। তাৰে এগৰাকী মোৰ দৰে শাৰীৰিকভাৱে অক্ষম আৰু তাইও মোৰ দৰে ভিক্ষা কৰে আৰু আমি ভিক্ষা কৰি যি পাও তাৰে চলি আছো। মোৰ দেউতা অসম আৰক্ষীৰ এগৰাকী হাবিলদাৰ আছিল কিন্তু বহুদিন আগতেই তেওঁ ঢুকাল আৰু মোৰ তেওঁৰ স্মৃতি মনত নপৰে,’’-তেওঁ কয়।

পেন্সন সম্পৰ্কত বৰাই কয় যে তেওঁৰ মাক যেতিয়া জীয়াই আছিল তেওঁলোকে কিবা অলপ পাইছিল কিন্তু ‘’সেয়া আছিল কেইবা বছৰো আগত।‘’

যোৱা মাহত ৰাতুল বৰুৱাই ইতিমধ্যে নি:কিন লোকৰ মাজত ৩৫ খন কম্বল বিতৰণ কৰিছিল যদিও কেইদিন আগতে আৱিস্কাৰ কৰা বৰাক অৰ্পন কৰা এই কম্বলখন তেওঁৰ বাবে আছিল এখন বিশেষ কম্বল।

পূৰ্বৰ বছৰবোৰত বৰুৱাই লিচুবাৰীৰ অনাথ আলয়, চাহ সম্প্ৰদায়ৰ আৰু এলেংমাৰাৰ গাঁৱবাসীৰ দৰিদ্ৰসকলৰ মাজত কম্বল বিতৰণ কৰিছিল।

কেইবছৰমান আগেয়ে এখন মটৰ চাইকেলে খুন্দিয়াই ভৰি ভগাৰ পিছত এগৰাকী গান্ধীবাদী বৰুৱা নিজেও শাৰীৰিকভাৱে অক্ষম ব্যক্তি। বৰুৱাই নিজকে মগনিয়াৰ বুলি বিবেচনা কৰে।

২০১৪ চনত স্থাপন কৰা এটা বেচৰকাৰী সংস্থা মহাপুৰুষ মাধৱদেৱ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা মুৰব্বী বৰুৱাই যোৱা বছৰ ইয়াৰ পঞ্জীয়ন কৰিছে যদিও কোনো পুজি লাভ কৰা নাই। ‘’ মোৰ কিছু বন্ধু আছে যিসকলে মই যেতিয়াই বিচাৰো সংস্থাটোক ধন দিবলৈ ৰাজী থাকে। বাকীখিনি মই মোৰ জেপৰ পৰা খৰচ কৰো,’’-তেওঁ কয়।

অনাথ শিশু আৰু মহিলাৰ বাবে এখন স্ব পৰিচালিত আশ্ৰম গঢ়াৰ লক্ষ্য আছে বৰুৱাৰ। ‘’ এই আশ্ৰমখনত স্বামীৰ দ্বাৰা পৰিত্যক্ত মহিলা তথা বিধৱাসকলক নিজকে স্বাৱলম্বী কৰি তোলাৰ বাবে আশ্ৰয় দিয়াৰ লগতে আনকি বয়সস্থ অবিবাহিতা মহিলাসকলকো বোৱাঁকটা আৰু আন শিল্পৰ প্ৰশিক্ষণেৰে সৱল কৰি তোলা হ’ব,’’-তেওঁ কয়।

৩১ জানুৱাৰীত ফাউণ্ডেশ্যনে গান্ধীৰ মৃত্যু দিৱসত গান্ধীৰ জীৱন আৰু শিক্ষাৰ বক্তৃতাৰ এটা প্ৰতিযোগিতা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰিব।

 

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd