শোণিতপুৰৰ লোক্ৰাৰ মানশিৰি নৈত জাঁপ দি আজি এজন যুৱকে আত্মহনন কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে আজি বিয়লি প্ৰায় ৩ বজাত বালিপৰাৰ সমীপৰ মানশিৰি নৈৰ পাৰত এজন যুৱকে স্কুটীৰে আহি অলপ সময় ৰোৱাৰ অন্তত হঠাতে মানশিৰি নৈত জাঁপ দিয়ে।
আনহাতে এজন পথচাৰীয়ে এই ঘটনা দেখি লগে লগে চাৰিদুৱাৰ আৰক্ষী থানাক খবৰ দিয়ে।
ফলত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত নৈখনত যুৱকজনৰ উদ্ধাৰৰ বাবে অভিযান চলাই অৱশেষত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে নৈখনৰ পাৰতে যুৱকজনৰ এ এছ ১২ কে ৫৩৭২ নম্বৰৰ স্কুটীখনো উদ্ধাৰ কৰে।
আত্মহননৰ পথ বাচি লোৱা যুৱকজন লোক্ৰাৰ বাসিন্দা বীৰ বাহাদুৰ লিম্বুৰ পুত্ৰ প্ৰাঞ্জল লিম্বু (২৫ ) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।
অৱশ্যে যুৱকজনে কি কাৰণত আত্মহত্যাৰ দৰে পথ বাচি ল’লে সেই সম্পৰ্কত জানিব পৰা হোৱা নাই। আৰক্ষীৰ অনুসন্ধানতহে এই কথা পোহৰলৈ আহিব।