• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকলো বিৰোধী দলৰে বিধায়কক অসমক পুনৰ বিশেষ মৰ্য্যাদা প্ৰদান কৰাৰ দাবী উত্থাপনৰ বাবে আহ্বান অখিল গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 11, 2018 8:15 pm
Akhil press meet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৫-১৬ চনৰ পৰাই অসমে বিশেষ ৰাজ্যৰ মৰ্য্যাদা হেৰোৱাৰ ফলত বছৰি লাভ কৰি অহা ৩৫,০০-৪০০০ কোটি টকাৰ সাহায্যৰ পৰা বঞ্চিত হৈ আহিছে ৰাজ্যখন আৰু ইয়াৰ ফলত ৰাজ্যৰ উন্নয়নত প্ৰভাৱ পৰিছে। এই মন্তব্য কৃষক মুক্তিৰ নেতা অখিল গগৈৰ।

‘’মই অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফকে ধৰি অন্যান্য দলসমূহক আহ্বান জনাইছো যে তেওঁলোকে কাইলৈ বাজেট অধিৱেশনৰ দিনটোত বিধানসভাৰ মজিয়াত অসমৰ বিশেষ মৰ্য্যদা কৰ্তনৰ বিষয়টো উত্থাপন কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে যেন।‘’ আজি এক সংবাদমেল যোগে এইদৰে কয় কৃষক নেতা অখিল গগৈয়ে।

Apply Now

যোৱা ৯ মাৰ্চ তাৰিখে লোকসভাত কেন্দ্ৰই অসমকে ধৰি দহখন ৰাজ্যৰ বিশেষ মৰ্য্যাদা কৰ্তন কৰাক লৈ আজিৰ সংবাদমেলত সৰৱ হৈ উঠে অখিল গগৈ।

এই সন্দৰ্ভত তেওঁ অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীক অনুৰোধ জনাই কয়, ‘’মই হাতযোৰ কৰি আপোনাক অনুৰোধ জনাইছো আপুনি বিশেষ পদক্ষেপ হাতত লৈ অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তনৰ বিষয়টো সন্দৰ্ভত সুকীয়াকৈ অধিৱেশন অনুষ্ঠিত কৰি বিস্তৃতভাৱে বিষয়টো আলোচনা কৰক। আলোচনাৰ পিছত আপুনি বিধায়কসকলক লগত লৈ দিল্লীলৈ যাওক আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হওক।

যোৱাবছৰৰ দৰে যদি অসম বিধানসভাক প্ৰধান মন্ত্ৰীয়ে সাক্ষাৎ নিদিয়ে তেন্তে দিল্লীত আপোনালোকে ধৰ্ণা কাৰ্য্যসূচী হাতত লওক। অন্যথা অসম বিধানসভা নথকাটোৱেই ৰাইজৰ বাবে মংগলময়।‘’

তদুপৰি গগৈয়ে কয়, ‘’২০১৭ চনৰ ২৫ জুলাই দিনা এই বিষয়ক লৈ  বিতৰ্ক হৈছিল। বিতৰ্ক হৈ থকাৰ সময়ছোৱাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছিল যে কেন্দ্ৰই অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰা নাই। তেওঁ মাত্ৰ নামটোহে সলনি কৰা হ’ল বুলি মন্তব্য কৰিছিল। লগতে কৈছিল মনমোহন সিং প্ৰধান মন্ত্ৰী হৈ থকা সময়ত অসমক প্ৰৱঞ্চনা কৰিছিল। তাৰ বিপৰীতে তেওঁ নৰেন্দ্ৰ মোডীয়ে অসমৰ বাবে বহু পুঁজি আবণ্টন কৰিছে বাবে তেওঁৰ বাবে ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছিল।‘’

এই কথা উল্লেখ কৰি অখিল গগৈয়ে বিত্ত মন্ত্ৰী হিমন্ত বিশ্বক দগাবাজ আখ্যা দি কয়, ‘’আমি এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ বিষয়ে অৱগত হৈ বাৰেপতি সংবাদমেলৰ আয়োজন কৰাৰ লগতে ধৰ্ণা-আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিলো। তেতিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত বিভাগৰ মন্ত্ৰীয়ে অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰা হোৱা নাই বুলি মন্তব্য কৰিছিল।‘’

তদুপৰি কৃষক নেতাজনে অসমক বিশেষ শ্ৰেণীৰ মৰ্য্যাদা কৰ্তন কৰাৰ বাবে অসমৰ বহু পৰিমাণৰ লোকচান হ’ব বুলি সদৰী কৰি কয়, ‘’২০১৫-১৬ বৰ্ষৰ পৰা মৰ্য্যাদা কৰ্তনৰ ফলত বছৰি লাভ কৰি অহা ৩৫,০০-৪০০০ কোটি টকাৰ সাহায্যৰ পৰা ৰাজ্যখন বঞ্চিত হৈ আহিছে।

২০১৪-১৫ বৰ্ষত অসমে বিশেষ পৰিকল্পনা সাহায্য ৩১৯.৯৯ কোটি টকা, সাধাৰণ কেন্দ্ৰীয় সাহায্যৰ বাবদ ২,৭৯০.৮৫ কোটি টকা আৰু বিশেষ কেন্দ্ৰীয় সাহায্যৰ বাবদ ৮৮০ কোটি টকা লাভ কৰিছিল।‘’

তাৰ বিপৰীতে ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত সাধাৰণ কেন্দ্ৰীয় সাহায্য আৰু বিশেষ কেন্দ্ৰীয় সাহায্যৰ বাবদ এটকাও লাভ কৰা নাই বুলি অখিল গগৈয়ে মন্তব্য কৰে।

লক্ষণীয় যে কৃষক নেতাজনে অসমে ১৯৬৯ চনৰে পৰা বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্য্যাদা লাভ কৰা বুলি মন্তব্য কৰি কয়, ‘’১৯৬৯ চনৰ পৰা অসমে কেন্দ্ৰীয় চৰকাৰসমূহৰ পৃষ্ঠপোষকতাত ১০০ শতাংশৰ অনুদান লাভ কৰি আহিছিল। তাৰ বিপৰীতে নৰেন্দ্ৰ মোডী চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা ৫খন আঁচনিৰ নামত প্ৰদান কৰা সাহায্যৰ ৯০:১০ অনুপাতত আৰু অন্য তিনিখনত ৮০:২০ অনুপাততহে কেন্দ্ৰীয় অনুদান লাভ কৰি আছে। প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, তৈলবীজ আৰু তৈল বাগানৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান তথা ভূমি, স্বাস্থ্য আৰু উৎপাদন ক্ষমতাৰ ৰাষ্ট্ৰীয় অভিযানত পূৰ্বে ১০০ শতাংশ অনুদান পোৱাৰ বিপৰীতে এতিয়া ৮০:২০ অনুপাততহে কেন্দ্ৰ পৰা সাহায্য লাভ কৰিছে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd