২০১৫-১৬ চনৰ পৰাই অসমে বিশেষ ৰাজ্যৰ মৰ্য্যাদা হেৰোৱাৰ ফলত বছৰি লাভ কৰি অহা ৩৫,০০-৪০০০ কোটি টকাৰ সাহায্যৰ পৰা বঞ্চিত হৈ আহিছে ৰাজ্যখন আৰু ইয়াৰ ফলত ৰাজ্যৰ উন্নয়নত প্ৰভাৱ পৰিছে। এই মন্তব্য কৃষক মুক্তিৰ নেতা অখিল গগৈৰ।
‘’মই অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফকে ধৰি অন্যান্য দলসমূহক আহ্বান জনাইছো যে তেওঁলোকে কাইলৈ বাজেট অধিৱেশনৰ দিনটোত বিধানসভাৰ মজিয়াত অসমৰ বিশেষ মৰ্য্যদা কৰ্তনৰ বিষয়টো উত্থাপন কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে যেন।‘’ আজি এক সংবাদমেল যোগে এইদৰে কয় কৃষক নেতা অখিল গগৈয়ে।
যোৱা ৯ মাৰ্চ তাৰিখে লোকসভাত কেন্দ্ৰই অসমকে ধৰি দহখন ৰাজ্যৰ বিশেষ মৰ্য্যাদা কৰ্তন কৰাক লৈ আজিৰ সংবাদমেলত সৰৱ হৈ উঠে অখিল গগৈ।
এই সন্দৰ্ভত তেওঁ অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীক অনুৰোধ জনাই কয়, ‘’মই হাতযোৰ কৰি আপোনাক অনুৰোধ জনাইছো আপুনি বিশেষ পদক্ষেপ হাতত লৈ অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তনৰ বিষয়টো সন্দৰ্ভত সুকীয়াকৈ অধিৱেশন অনুষ্ঠিত কৰি বিস্তৃতভাৱে বিষয়টো আলোচনা কৰক। আলোচনাৰ পিছত আপুনি বিধায়কসকলক লগত লৈ দিল্লীলৈ যাওক আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হওক।
যোৱাবছৰৰ দৰে যদি অসম বিধানসভাক প্ৰধান মন্ত্ৰীয়ে সাক্ষাৎ নিদিয়ে তেন্তে দিল্লীত আপোনালোকে ধৰ্ণা কাৰ্য্যসূচী হাতত লওক। অন্যথা অসম বিধানসভা নথকাটোৱেই ৰাইজৰ বাবে মংগলময়।‘’
তদুপৰি গগৈয়ে কয়, ‘’২০১৭ চনৰ ২৫ জুলাই দিনা এই বিষয়ক লৈ বিতৰ্ক হৈছিল। বিতৰ্ক হৈ থকাৰ সময়ছোৱাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছিল যে কেন্দ্ৰই অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰা নাই। তেওঁ মাত্ৰ নামটোহে সলনি কৰা হ’ল বুলি মন্তব্য কৰিছিল। লগতে কৈছিল মনমোহন সিং প্ৰধান মন্ত্ৰী হৈ থকা সময়ত অসমক প্ৰৱঞ্চনা কৰিছিল। তাৰ বিপৰীতে তেওঁ নৰেন্দ্ৰ মোডীয়ে অসমৰ বাবে বহু পুঁজি আবণ্টন কৰিছে বাবে তেওঁৰ বাবে ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছিল।‘’
এই কথা উল্লেখ কৰি অখিল গগৈয়ে বিত্ত মন্ত্ৰী হিমন্ত বিশ্বক দগাবাজ আখ্যা দি কয়, ‘’আমি এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ বিষয়ে অৱগত হৈ বাৰেপতি সংবাদমেলৰ আয়োজন কৰাৰ লগতে ধৰ্ণা-আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিলো। তেতিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত বিভাগৰ মন্ত্ৰীয়ে অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰা হোৱা নাই বুলি মন্তব্য কৰিছিল।‘’
তদুপৰি কৃষক নেতাজনে অসমক বিশেষ শ্ৰেণীৰ মৰ্য্যাদা কৰ্তন কৰাৰ বাবে অসমৰ বহু পৰিমাণৰ লোকচান হ’ব বুলি সদৰী কৰি কয়, ‘’২০১৫-১৬ বৰ্ষৰ পৰা মৰ্য্যাদা কৰ্তনৰ ফলত বছৰি লাভ কৰি অহা ৩৫,০০-৪০০০ কোটি টকাৰ সাহায্যৰ পৰা ৰাজ্যখন বঞ্চিত হৈ আহিছে।
২০১৪-১৫ বৰ্ষত অসমে বিশেষ পৰিকল্পনা সাহায্য ৩১৯.৯৯ কোটি টকা, সাধাৰণ কেন্দ্ৰীয় সাহায্যৰ বাবদ ২,৭৯০.৮৫ কোটি টকা আৰু বিশেষ কেন্দ্ৰীয় সাহায্যৰ বাবদ ৮৮০ কোটি টকা লাভ কৰিছিল।‘’
তাৰ বিপৰীতে ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত সাধাৰণ কেন্দ্ৰীয় সাহায্য আৰু বিশেষ কেন্দ্ৰীয় সাহায্যৰ বাবদ এটকাও লাভ কৰা নাই বুলি অখিল গগৈয়ে মন্তব্য কৰে।
লক্ষণীয় যে কৃষক নেতাজনে অসমে ১৯৬৯ চনৰে পৰা বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্য্যাদা লাভ কৰা বুলি মন্তব্য কৰি কয়, ‘’১৯৬৯ চনৰ পৰা অসমে কেন্দ্ৰীয় চৰকাৰসমূহৰ পৃষ্ঠপোষকতাত ১০০ শতাংশৰ অনুদান লাভ কৰি আহিছিল। তাৰ বিপৰীতে নৰেন্দ্ৰ মোডী চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা ৫খন আঁচনিৰ নামত প্ৰদান কৰা সাহায্যৰ ৯০:১০ অনুপাতত আৰু অন্য তিনিখনত ৮০:২০ অনুপাততহে কেন্দ্ৰীয় অনুদান লাভ কৰি আছে। প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, তৈলবীজ আৰু তৈল বাগানৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান তথা ভূমি, স্বাস্থ্য আৰু উৎপাদন ক্ষমতাৰ ৰাষ্ট্ৰীয় অভিযানত পূৰ্বে ১০০ শতাংশ অনুদান পোৱাৰ বিপৰীতে এতিয়া ৮০:২০ অনুপাততহে কেন্দ্ৰ পৰা সাহায্য লাভ কৰিছে।‘’