মুখ্য মন্ত্ৰী এন বীৰেন সিঙে আজি সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য চৰকাৰখনে কাৰো সৈতে বিবাদ নিবিচাৰে। লাগিলে সি কোনো ব্যক্তিয়েই হওক, কোনো সংঘঠনেই হওক। তেওঁৰ চৰকাৰে সকলো বিষয় আলোচনাৰ মাধ্যমেৰে সমাধা কৰিব বিচাৰে।
আজি সংবাদ মাধ্যমৰ লোকে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহাৰ দাবীত চলাই থকা কৰ্ম বিৰতি ধৰ্মঘট সম্পৰ্কত কৰা এটা প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰীজনে এইদৰে কয়। তেওঁক এই প্ৰশ্ন সোধা হৈছিল তেওঁৰ Meeyamgi Numit নামৰ মাহকীয়া এটা জনপ্ৰিয় অনুষ্ঠানৰ আজিৰ কাৰ্য্যসূচীৰ মাজতে।
উল্লেখযোগ্য যে অল মণিপুৰ ট্ৰেইড য়ুনিয়ন কাউন্সিল আৰু অল মণিপুৰ গৱৰ্নমেণ্ট এমপ্লয়ীজ অ’ৰ্গেনাইজেইশ্যনৰ যুটীয়া কাৰ্য ৰূপায়ণ সমিতি (Joint Action Committee)য়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে যোৱা ২২ মাৰ্চৰ পৰা ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহাৰ দাবীত কৰ্ম বিৰতি পালন কৰি আছে।
চৰকাৰ এতিয়া এই ধৰ্ণাকাৰী আৰু ইয়াৰ সমৰ্থকসকলৰ বিৰুদ্ধে ‘কাম নকৰা দিনৰ দৰমহা নাই’ নীতি আৰোপ কৰিবলৈ বাধ্য হোৱাৰ পথত।
মুখ্য মন্ত্ৰীজনে জনাইছে যে তেওঁ ইতিপূৰ্বে যুটীয়া কাৰ্য্য ৰূপায়ণ সমিতি (JAC)ক জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত সোমবাৰৰ পৰা পুনৰ স্বাভাৱিক কৰ্মদিনলৈ ঘূৰি যাবলৈ আহ্বান জনাইছিল।
প্ৰাশাসনিক সচিবসকল আৰু বিভাগীয় মুৰব্বীসকলৰ সৈতে যোৱা ২৩ মাৰ্চত এই সম্পৰ্কত এখন সভা অনুষ্ঠিত কৰা হৈছিল আৰু যদিহে যুটীয়া কাৰ্য্য ৰূপায়ণ সমিতিয়ে (JAC) এই আহ্বানক আওকাণ কৰে তেন্তে চৰকাৰে পৰি থকা কামবোৰ, বিশেষকৈ মাৰ্চ-এণ্ডিঙৰ কামবোৰ কৰিবলৈ উপযুক্ত লোকক ভেৰোণীয়াকৈ হ’লেও আনি কাম কৰিবলৈ প্ৰশাসনিক সচিবসকলক কৰ্তৃত্ব দিয়া হৈছে।
উল্লেখযোগ্য যে মণিপুৰত মুঠ ৯৮,৮৪৫ জন চৰকাৰী কৰ্মচাৰী আছে আৰু ৪৫,৫২৩জন পেন্সনাৰ আছে। এইসকলক সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহা, পেন্সন দিবলৈ হ’লে বছৰি অতিৰিক্ত ১৪০০ কোটি টকাৰ প্ৰয়োজন হ’ব।