শুনিবলৈ আচৰিত যেন লাগিলেও এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সাত মাহ ধৰি অধ্যক্ষ নোহোৱাকৈয়ে চলি আছে। অধ্যক্ষ নোহোৱা বাবে বিদ্যালয়খনত প্ৰায় অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ অধ্যক্ষ তথা কৰ্তৃত্বশীল পক্ষ নথকাত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজতে লাগিছে অৰিয়া-অৰি। ফলত শৈক্ষিক পৰিৱেশ বিঘ্নিত হোৱাৰ লগতে চৰম বেমেজালিৰো সৃষ্টি হৈছে। এই অৱস্থা হৈছে মৰিগাওঁ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত।
জানিব পৰা মতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে যোৱা কেইবা মাহো ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষক অধ্যক্ষ নিযুক্তিৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো কোনো সুফল পোৱা নাই। শেহতীয়াকৈ তেওঁলোকে মৰিগাওঁ জিলাৰ বিভিন্ন দল-সংগঠনলৈ হস্তক্ষেপ বিচাৰি আৱেদন জনাব লগীয়া হৈছে।
আজি আমাৰ হাতত পৰা এই সম্পৰ্কীয় এখন আৱেদন হাতত পৰিছে, য’ত বিদ্যালয়খনৰ ১৩ জন শিক্ষক-শিক্ষয়িত্ৰীয়ে স্বাক্ষৰ কৰিছে আৰু যিখন মৰিগাওঁ জিলা সাংবাদিক সংস্থাৰ সভাপতি, মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ সভাপতি, মৰিগাওঁ জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি, মৰিগাওঁ জিলা তিৱা ছাত্ৰ সন্থা, উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি, অসম উন্নতি সভাৰ মৰিগাওঁ জিলা সম্পাদকলৈ সম্বোধন কৰা হৈছে।
আৱেদন পত্ৰখনত জিলাখনৰ ভিতৰতে পুৰণি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা হৈছে। আনহাতে বিদ্যালয়খনত বিষয় শিক্ষকৰো সাতটাকৈ পদ খালী হৈ আছে। ইয়াৰ ফলত অহা বৰ্ষত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নতুন নামভৰ্তিত অসুবিধাই দেখা দিব বুলি কোৱা হৈছে।
আৱেদনখনত কৰা অভিযোগ মতে যোৱা বছৰৰ ৩১ মে’ত তদানীন্তন অধ্যক্ষ গহীন চন্দ্ৰ নাথে অৱসৰ লোৱাৰ পিছত বিদ্যালয়খনৰ এজন জ্যেষ্ঠ শিক্ষকৰ পৰিৱৰ্তে এগৰাকী কনিষ্ঠ শিক্ষয়িত্ৰীক ইনচাৰ্জৰ দায়িত্ব দিয়াত জ্যেষ্ঠ শিক্ষকসকলৰ স্বাভিমানত আঘাত লাগে।