ডিমৌ নগৰ সমিতিৰ উদ্যোগত স্বচ্ছ ভাৰত মিচনৰ অধীনত স্বচ্ছতা সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ্যে আজি ডিমৌৰ ছেইন্ট জনছ্ স্কুলত এখন সজাগতা সভা অনুষ্ঠিত হয়।
বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী কৰবী সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনত সভাৰ উদ্দেশ্য বাখ্যা কৰে দুৰ্গামাধৱ দিহিঙীয়াই।
সভাখনত স্বচ্ছ ভাৰত অভিযানৰ ডিমৌ নগৰ সমিতিৰ ব্ৰেণ্ড এম্বেচাদৰ তথা জেষ্ঠ সাংবাদিক শেখৰজ্যোতি দুৱৰীয়ে ছাত্ৰ ছাত্ৰী সকলক স্বচ্ছতা,পৰিস্কাৰ পৰিচ্ছন্নতাক নিজৰ জীৱনৰ এক কৰ্তব্যৰূপে গঢ়ি তুলিবলৈ আহ্বান জনায়।
ডিমৌৰ সমূহ নগৰবাসীক নিজৰ নগৰখনক এখন স্বচ্ছ, পৰিচ্ছন্ন নগৰ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন সাৰ্থক কৰিবলৈ হ’লে নিজৰ ঘৰ, বিদ্যালয়, গাঁও-নগৰৰ পৰা স্বচ্ছতাৰ অভিযান আৰম্ভ কৰিব লাগিব।
সভাত বিদ্যালয়খনৰ ভাস্কৰ শৰ্মা,পলী চেতিয়া,ডিমৌ নগৰ সমিতিৰ দিব্যৰঞ্জন গগৈ আদি উপস্থিত থাকি স্বচ্ছতাৰ ওপৰত ব্যক্তব্য আগবঢ়ায়।
সভাত উপস্থিত ৰাইজে ডিমৌ অঞ্চলৰ চুকে-কোণে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰশাসন আৰু নগৰ সমিতিয়ে সময়ে সময়ে লৈ অহা বিভিন্ন পদক্ষেপক শলাগ লয়।
ইতিমধ্যে এইলানি সজাগতা সভাৰ অংশস্বৰূপে ২৭ ফেব্ৰুৱাৰীত ডিমৌ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত হৈ গৈছে আৰু অহা ৬ মাৰ্চত কলিয়াপানী প্ৰাথমিক বিদ্যালয়ত,৭ মাৰ্চত কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয়ত,৮ মাৰ্চত হলি কিডছ স্কুল আৰু ৯ মাৰ্চত ডিমৌ লম্বোদৰ বৰগোহাঁই শংকৰদেৱ বিদ্যা নিকেতনত স্বচ্ছ ভাৰত অভিযানৰ অধীনত সজাগতা সভা অনুস্থিত হ’ব বুলি ডিমৌ নগৰ সমিতিয়ে জানিবলৈ দিছে।