“লতাশিল খেলপথাৰত হেংদান দেখুৱাই বীৰত্ব প্ৰদৰ্শন কৰাসকল এতিয়া দিল্লী-দিচপুৰত ভিজা মেকুৰী। সততা আৰু সৎ সাহস নাথাকিলে আমি সফল হ’ব নোৱাৰোঁ, বিশেষকৈ যিসকল নেতাই জাতীয় সংগঠনৰ দায়িত্ব লৈ ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত জাতিৰ অস্তিত্বক লৈ দৰদাম কৰে সেই একে ভূমিকা নিৰ্বাচিত নেতা হৈয়ো প্ৰদৰ্শন কৰে।” –আজি এইদৰে জাতীয় সংগঠনৰ মজিয়াৰ পৰা ৰাজনীতিলৈ যোৱা নেতাসকলক উদ্দেশ্যি তীব্ৰ কটাক্ষ কৰিছে প্ৰৱ্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি হাজৰিকাই জাতীয় সংগঠনৰ নেতাসকলে যাতে অসমৰ ৰাইজৰ পৰিপন্থী কোনো কাম নকৰে তাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান জনায়। তেওঁ লগতে জাতীয় সংগঠনৰ কোনো সদস্যই যেন আগন্তুক দিনত কেতিয়াও নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণ নকৰে আৰু চৰকাৰী কোনো সা-সুবিধা নলয় তাক নিশ্চিত কৰিবলৈ কয়।
ইয়াৰ উপৰি অসম বিধান সভাত জাতীয় সংগঠনৰ পৰা যোৱা ৬০জন সদস্য আছে বুলি কৈ জাতিৰ স্বাৰ্থত তেওঁলোকক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ আহ্বান জনায়।
সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি উপমন্যু হাজৰিকাই অসমৰ লাখ লাখ নাগৰিকে এই বিধেয়কখনৰ বিৰোধিতা আৰু প্ৰতিবাদ কৰি থকাৰ পাছতো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত নিশ্চুপ হৈ থকা কাৰ্যক গৰিহণা দিয়ে।
তেওঁ লগতে ১৯৫১ চনক ভিত্তি হিচাপে লৈ থলুৱা মানুহৰ বাবে অসমৰ ভূমি, চৰকাৰী চাকৰি, চৰকাৰী সা-সুবিধা, বেপাৰ-বাণিজ্যৰ অনুজ্ঞাপত্ৰ আৰু শিক্ষানুষ্ঠানত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ আছে বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে এই সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, সংবিধানে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা ৰাজ্য চৰকাৰক দিছে। কিন্তু ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে নিজৰ কৰণীয়খিনিৰো দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত জাপি দি এখন কমিটি গঠন কৰিবলৈ দি বিষয়টো গুৰুত্বহীন কৰি পেলোৱা বুলি মন্তব্য কৰে।
হাজৰিকাই অসম চৰকাৰৰ শাসক দল বিজেপি আৰু অগপই বিগত এটা মাহত নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা গা এৰা দিয়া বুলি অভিযোগ আনি কয় যে সকলো কথাতে ৰাজ্য চৰকাৰে নিজৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰলৈ ঠেলি থকা বুলি কয়। যোৱা ৩০ মে’ত নতুন দিল্লীত মুখ্য মন্ত্ৰী আৰু গৃহ মন্ত্ৰ্যালয়ৰ মাজত হোৱা আলোচনাৰ পাছৰ পৰাই এই গা এৰা দিয়া ভূমিকা স্পষ্ট ৰূপত প্ৰকাশ পোৱা বুলিও মন্তব্য কৰে।
সংবাদমেলত উপমন্যু হাজৰিকাই ব্ৰহ্ম কমিটীৰ প্ৰসংগ আনি এই কমিটীৰ প্ৰতিবেদনক গুৰুত্বহীন কৰি চৰকাৰে এখন নতুন কমিটী গঠন কৰাৰ প্ৰয়াস কৰি থকা বুলি কয়।
আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰূদ্ধে সৰৱ হৈ মহন্তই দুটা কাৰ্যকাল মুখ্য মন্ত্ৰী হৈ থাকিও খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বাবে একো নকৰিলে বুলি অভিযোগ কৰে। লগতে এতিয়া চৰকাৰ অংশীদাৰ হৈয়ো চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিজে নিজৰ বিৰূদ্ধে প্ৰতিবাদ কৰি থকা বুলি মন্তব্য কৰে।