• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেলমেটবিহীন দুচকীয়া বাহনৰ চালকক তেল নিদিবলৈ পেট্ৰ’ল পাম্পলৈ নিৰ্দেশ উপায়ুক্তৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 13, 2018 2:23 pm
বৰপেটাত পথ সুৰক্ষা সজাগতা বৰ্ষ উপলক্ষ্যে আয়োজিত সভা

বৰপেটাত পথ সুৰক্ষা সজাগতা বৰ্ষ উপলক্ষ্যে আয়োজিত সভা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে কেবাজনৰো। পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে বৰপেটাত শুভাৰম্ভ কৰা হৈছে পথ সুৰক্ষা সজাগতা বৰ্ষ ২০১৮। বৰপেটা জিলা প্ৰশাসনে কালি বৰপেটা জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত এই বৰ্ষ পালনৰ শুভাৰম্ভ কৰে।

বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় প্ৰাংগনত পথ সুৰক্ষা সজাগতা বৰ্ষ ২০১৮ উপলক্ষে ৰূপায়ণ কৰা হয় দিনজোৰা কাৰ্যসূচী। বৰপেটাৰ উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি পথ দুৰ্ঘটনাই বিগত সময়ছোৱাত বহু লোকৰ জীৱন হানি কৰাৰ লগতে বহু পৰিয়াললৈ অন্ধকাৰ নমাই অনাৰ ওপৰত বক্তব্য আগবঢ়ায়।

Apply Now

উপায়ুক্ত গৰাকীয়ে কয় যে, সমগ্ৰ বিশ্বতে পথ দুৰ্ঘটনা এক ভয়াবহ সমস্যাত পৰিণত হৈছে। পথ দুৰ্ঘটনা ৰোধ কৰাটো আজি সময়ৰ এক আহ্বান হিচাপে পৰিগণিত হৈছে। পথ সুৰক্ষা সম্পৰ্কে উচ্চতম ন্যায়ালয়ে দিয়া কিছু বাণী সম্বলিত ষ্টিকাৰ উন্মোচন কৰাৰ লগতে মালাকাৰে কয় যে, সন্ত্ৰাসবাদীৰ আক্ৰমণত যিমান লোকৰ মৃত্যু হৈছে ইয়াৰ তুলনাত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা কোনোগুণে কম নহয়।

দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত চালকে হেলমেট পিন্ধাটো অতি জৰুৰী। হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালক আৰু আৰোহীক তেল নিদিবলৈও জিলাখনৰ পেট্ৰ’ল পাম্পসমূহৰ কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ দিয়া বুলি সভাত সদৰী কৰে উপায়ুক্তগৰাকীয়ে।

সভাত বৰপেটা জিলা পৰিবহন বিষয়া গৌতম  দাসে কয় যে, সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা ৰাজ্যখনৰ চিহ্নিত এঘাৰখন জিলাৰ ভিতৰত বৰপেটা জিলা শীৰ্ষত। বিগত বৰ্ষত বৰপেটা জিলাত মটৰ বাইক দুৰ্ঘটনাত ১২৫ জন লোকৰ মৃত্যু হোৱা বুলি জিলা পৰিবহন বিষয়া গৌতম  দাসে জানিবলৈ দিয়ে। জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবেই ইতিমধ্যে যান-বাহন আইন আৰু পথ সুৰক্ষা আইন উলংঘা কৰাৰ অপৰাধত প্ৰায় ২৫০ গৰাকী চালকৰ অনুজ্ঞাপত্ৰ তিনিমাহৰ বাবে বাতিল কৰা হৈছে বুলিও দাসে জানিবলৈ দিয়ে।

সভাত  বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰদীপ কুমাৰ দাসে ভাষণ প্ৰদান কৰে। সভাৰ পিচতে বাইক আৰু কাৰ ৰেলী উদ্বোধন কৰে আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই। সভাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ গোস্বামী আৰু উপ-অধীক্ষক ডাঃ দীপাংকৰ বৰুৱাই দুৰ্ঘটনাত আহত হোৱা ব্যক্তিসকলৰ জীৱন ৰক্ষাৰ সন্দৰ্ভত ল’বলগীয়া প্ৰাথমিক চিকিৎসাৰ ওপৰত ব্যাখ্যা আগবঢ়ায়।

সভাত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰী, বৰপেটা সদৰ মহকুমাধিপতি সুনীত চতৱান, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি, উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে দুৰ্ঘটনাৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত এক ‘মকড্ৰিল’ প্ৰদৰ্শন কৰা হয়।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd