যোৱা কিছুদিন ধৰি হোমিঅ’পেথিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে ধাৰাবাহিক আন্দোলন চলাই আহিছে।
তাৰ বিপৰীতে লাষ্টগেটত ধৰ্ণা কাৰ্য্যসূচী কৰি থকা অৱস্থাতে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে নিৰ্বিচাৰভাৱে লাঠীচালনা কৰিছিল। ফলত হোমিঅ’পেথিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ তিনিখন মহাবিদ্যালয়ত তলা ওলোমাই উক্ত লাঠীচালনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
এই ছাত্ৰ-ছাত্ৰীসকলৰ দাবীসমূহ পূৰণ কৰিবৰ বাবে আহ্বান জনাই আজি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন চিঠি প্ৰেৰণ কৰে।
তেওঁ সেই চিঠিখনত উল্লেখ কৰা অনুসৰি ‘মই এই চিঠিৰ সৈতে হোমিঅ’পেথিক মহাবিদ্যালয় ছাত্ৰ সন্থাই উত্থাপন কৰা দাবীসম্বলিত স্মাৰক পত্ৰ গাঁথি দিছো, য’ত অসমৰ হোমিঅ’পেথিক মহাবিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে উল্লেখ আছে।লগতে ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট কতৃপক্ষক দাবীসমূহৰ সঠিক সমাধান প্ৰদান কৰিবৰ বাবে স্মাৰক পত্ৰখনত আহ্বান জনাইছে।’
তদুপৰি তেওঁ চিঠিখনত স্পষ্টকৈ উল্লেখ কৰে যে হোমিঅ’পেথিক মহাবিদ্যালয় সমূহত শিক্ষা প্ৰদান কৰিবৰ বাবে প্ৰয়োজনীয় অধ্যাপকৰ অভাৱ আৰু এই সমস্যাই মহাবিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশত বাধাৰ সৃষ্টি কৰিছে।
আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি দুৰ্বল বুলি উল্লেখ কৰি কয় ‘হোমিঅ’ কলেজ সমূহৰ আন্তঃগাঁথনি সবল কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। লগতে মই এই মহাবিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণৰ বাবে অনুৰোধ জনাইছো।’
ইয়াৰোপৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰা চিঠিখনত উল্লেখ কৰে যে ৰাজ্যত বহুসংখ্যক হোমিঅ’পেথিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সমাপ্ত কৰি নিবনুৱা হৈ থাকিবলগীয়া হৈছে। তথাপি স্বাস্থ্য বিভাগে এই নিবনুৱাসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত যোৱা কেইবাটাও বছৰ ধৰি কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই।
আনহাতে চিঠিখনত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলে স্মাৰক পত্ৰতউল্লেখ কৰা সকলোবোৰ সমস্যাক গুৰুত্ব প্ৰদান কৰি তাৎক্ষণিকভাৱে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে স্বাস্থ্যবিভাগক আহ্বান জনায়।