নিজৰ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হোৱা অসমৰ দুজন কৃষক ক্ৰমে মাজুলীৰ বিনয় লিখক আৰু লখিমপুৰৰ হেমকান্তি পায়েঙে কৃষি কৰ্ম বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
তেওঁলোকক এই বঁটা দিল্লীৰ পুছাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত প্ৰদান কৰা হয়।
লিখক আৰু পায়েঙে উক্ত বঁটাত ২ লাখ টকাৰ একোখনকৈ চেক লাভ কৰে।
বিনয় লিখক আৰু হেমকান্তি পায়েঙক উৎকৃষ্ট মানৰ সৰিয়হ খেতি কৰাৰ বাবে কৃষি কৰ্ম বঁটাৰে সন্মানিত কৰা হয়। কৃষি কৰ্ম বঁটা প্ৰাপ্ত বিনয় লিখক মাজুলীৰ গড়মূৰ কৃষি মণ্ডলৰ অধীনৰ বিৰিণাবাৰী গাঁৱৰ নিবাসী আৰু হেমকান্তি পায়েং লখিমপুৰ জিলাৰ নাওবৈছা কৃষি মণ্ডলৰ অধীনৰ পাকনিয়াঘাট গাঁৱৰ নিৱাসী।
উল্লেখযোগ্য যে অসমক পূৰ্বতেও ২০১৫-১৬ চনত উৎকৃষ্টমানৰ সৰিয়হ খেতিৰ বাবে সন্মানিত কৰা হৈছিল। উক্ত বৰ্ষত ২,৮৫,৬৭৭ হেক্টৰ মাটিত সৰিয়হ খেতি কৰি ১,৯৯,৫০১ মেট্ৰিক টন সৰিয়হ উৎপাদন কৰিবলৈ সক্ষম হৈছিল। ফলত অসম চৰকাৰক ২ কোটি টকাৰ চেক প্ৰাদানেৰে সন্মানিত কৰা হৈছিল।
কৃষি উন্নতী মেলাত অংশ গ্ৰহণ কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত কয় যে উন্নত প্ৰযুক্তিবিদ্যাৰে কি দৰে কৃষি কৰ্মত উন্নতী লাভ কৰিব পাৰি সেই বিষয়ত চৰকাৰে সজাগতা সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। লগতে প্ৰধান মন্ত্ৰী গৰাকীয়ে কৃষক সকলক কৃষি কৰ্মৰ পুৰণা পদ্ধতি ত্যাগ কৰি চৰকাৰী আঁচনিৰ উন্নতমানৰ পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আনহাতে কৃষি কৰ্ম বঁটা দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন উন্নতমানৰ উৎপাদিত সামগ্ৰীৰ বাবে দিয়া হয়। পশ্চিম বংগই আটাইতাকৈ উন্নতমানৰ মাহ জাতীয় শস্য উৎপাদনৰ বাবে, অসমক উন্নতমানৰ তৈলবীজ উৎপাদনৰ বাবে, বিহাৰক উন্নতমানৰ ধানজাতীয় শস্য উৎপাদনৰ বাবে, মধ্য প্ৰদেশক ঘেঁহু উৎপাদনৰ বাবে, পাঞ্জাৱক ধান উৎপাদনৰ বাবে উক্ত বঁটা প্ৰদান কৰা হয়। লগতে মেঘালয়, তামিলনাডু আৰু হিমাচল প্ৰদেশকো এই বঁটাৰে সন্মানিত কৰা হয়।