ৰাজ্যখনে যাতে মৎস উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব পাৰে আৰু মীন পালন খণ্ডত অধিক সংখ্যক যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ পথ সুগম হয় তাৰ বাবে ফলপ্ৰসূ ব্যৱসায়িক নীতি এটা প্ৰস্তুত কৰাৰ ওপৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুত্ব আৰোপ কৰে।
আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনামূলক বৈঠকত পৌৰহিত্য কৰি সোণোৱালে মীন পালন খণ্ডক অধিক গতিশীল কৰাৰ বাবে ‘আসাম ফিচাৰী ৰুলছ-১৯৫৩’ সংশোধনৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে।
ৰাজ্যখনত মৎস পালনৰ যথেষ্ট সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰি তেওঁ যুৱ প্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এক পৰিৱেশ নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আনহাতে এই খণ্ডত চলি থকা একচেটিয়া ব্যৱসায়ৰ পৰিসমাপ্তি ঘটোৱা তথা ৰাজহ আহৰণত থকা আসোঁৱাহ সমূহ আঁতৰ কৰাৰ লগতে বিভাগটোক প্ৰশাসনিক বিভাগলৈ উন্নীত কৰাৰ বাবে আইনত নতুন দফা সংযোগৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে।
মাছৰ গুণগত দিশ আৰু ভিন্নতাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ মাছ বেণ্ডিং কৰাৰ ওপৰত পদক্ষেপ ল’বলৈ তেওঁ মীন বিভাগক নিৰ্দেশ দিয়ে।
আনহাতে ৰাজ্যখনৰ বিপদ সংকুল থলুৱা মাছসমূহ সংৰক্ষণৰ বাবে মীন বিভাগে জিন বেংক প্ৰকল্প এটা গ্ৰহণ কৰিছে বুলি আজিৰ বৈঠকত বিভাগটোৰ ফালৰ পৰা জনোৱা হয়।
আজিৰ উক্ত পৰ্যালোচনামূলক বৈঠকত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্য মন্ত্ৰীৰ উপদেষ্টা হৃষীকেশ গোস্বামী, মীন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব এম চি জহৰিৰ লগতে বহু কেইজন উচ্চপদস্থ বিষয়া উপস্থিত আছিল।