বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ হকে তথা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আমৰণ আন্দোলন চলাই যোৱা পদ্মশ্ৰী ডাঃ নৰেন্দ্ৰ ডাভোলকাৰ শ্বহীদ হৈছিল ২০১৩ চনৰ২০ আগষ্টত ।তেওঁ শ্বহীদ হোৱা ২০ আগষ্ট তাৰিখটো “সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক” অৰ্থাৎ “AIPSN”ৰ আহ্বানত “ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস” (National Scientific Temper Day) হিচাপে পালন কৰি অহা হৈছে।
সেই উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই ইতিমধ্যেই এখন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে৷ জুলাই মাহৰ শেষৰে পৰাই সেই সন্দৰ্ভত ঢেকিয়াজুলি চহৰৰ লগতে এক বিস্তৃত অঞ্চলজুৰি বিদ্যালয়-মহাবিদ্যালয়সমূহৰ সৈতে যোগাযোগ কৰি প্ৰচাৰ চলোৱা হয়। প্ৰতিযোগিতাখনিৰ প্ৰতি শোণিতপুৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা পোৱা ব্যাপক সঁহাৰি আৰু সহায়-সহযোগিতা খুবেই আশাব্যঞ্জক বুলি শাখাৰ সম্পাদক প্ৰজিত নাথে জনাইছে।
বিশেষ অসুবিধাবশতঃ ৰচনা প্ৰতিযোগিতাখনিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে ৰচনাসমূহ জমা দিয়াৰ অন্তিম সময়-সীমা ২৫ আগষ্টলৈ বৃদ্ধি কৰা হৈছে। একেদৰে প্ৰতিযোগিতাখনিৰ ফলাফল ঘোষণা কৰাৰ তাৰিখ পূৰ্বে নিৰ্ধাৰিত ৫ ছেপ্টেম্বৰৰ সলনি ২০ ছেপ্টেম্বৰ কৰা হৈছে।
ৰচনা প্ৰতিযোগিতাখনিৰ উপৰি সমগ্ৰ দেশজুৰি পালন হোৱা “ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস” উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই অতিপাত গৰমৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি “ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয়”ত অনুষ্টুপীয়াকৈ তথা অতি চমুকৈ এখনি সজাগতা সভা অনুষ্ঠিত কৰে।
মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখা সমিতিৰ সম্পাদক প্ৰজিত নাথৰ তত্বাৱধানত অনুষ্ঠিত সভাখনিত ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱসৰ তাৎপৰ্যৰ বিষয়ে, ডাঃ ডাভোলকাৰৰ জীৱন সম্পৰ্কে তথা ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ে গোহাৰি পাঠ কৰে শাখাৰ সভাপতি ৰত্নেশ্বৰ ৰাভাই। আন বিভিন্ন বিষয় সামৰি এক চমু বক্তব্য ৰাখে সহকাৰী সম্পাদক কাবেৰী ডেকা নাথে। উক্ত অনুষ্ঠানটি সফল কৰি তোলাত মহাবিদ্যালয়ৰ অধ্যক্ষ গিয়াছুদ্দিন আহমেদৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীবৃন্দই যথেষ্ট সহায়-সহযোগিতা আগবঢ়ায়। তাৰোপৰি শাখাৰ অন্যতম সদস্যা তথা সাংস্কৃতিক বিভাগৰ সম্পাদক শেৱালী দাস হাজৰিকাৰ লগতে আন সদস্য-সদস্যাৰ সহযোগিতাও আছিল উৎসাহজনক।