ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত চলি থকাৰ লগতে দ্বিতীয়খন খচৰা প্ৰকাশৰ দিনো চমু চাপি আহিছে। অহা ৩০ জুনত নাগৰিকপঞ্জীৰ দ্বিতীয় খচৰাখন প্ৰকাশ পাব।
নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা প্ৰকাশৰ পূৰ্বে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ৰাজ্যখনৰ জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ প্ৰেৰণ কৰিছে এখন পত্ৰ। হাজেলাৰ এই পত্ৰখনে এনআৰচিৰ পৰা বহু লোকৰ নাম কৰ্তন হোৱাৰ ইংগিত বহন কৰিছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গোচৰৰ ভিত্তিত প্ৰেৰণ কৰা এই পত্ৰক লৈ শংকিত হৈ পৰিছে একাংশ লোক। এক নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কেইদিনমান পূৰ্বে প্ৰেৰণ কৰা এই পত্ৰখনত উল্লেখ কৰা হৈছে যে ইতিমধ্যে বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা লোকৰ আত্মীয়ৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব।
গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে লেখ আবেদন নং ৩৬০/১৭ৰ শুনানি গ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি থৈছে। এই ৰায়ৰ আধাৰতে এনআৰচি কৰ্তৃপক্ষই বিদেশী হিচাপে চিনাক্ত লোকৰ ভাতৃ-ভগ্নী, আত্মীয় কুটুম্বৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
হাজেলাৰ পত্ৰ লাভ কৰা পিছতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে সংশ্লিষ্ট জিলাত বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে চিনাক্ত কৰা লোকৰ নাম সংগ্ৰহৰ কামত ব্যস্ত হৈ পৰিছে। ইয়াৰ লগতে বংশবৃক্ষ পৰীক্ষণৰ জৰিয়তে বিদেশী চিনাক্ত লোকৰ আত্মীয়ৰ নাম এনআৰচিৰ পৰা কৰ্তনৰ কামো আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।
কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে অলপতে অসমত ১৯,৬১২ জন লোকক বিদেশী বুলি চিনাক্তকৰণৰ কথা ব্যক্ত কৰিছিল। আনহাতে, সংসদত এক লিখিত প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে অসমত বিদেশী হিচাপে ঘোষিত প্ৰায় ২০,০০০ লোকক ডিটেনশ্যন কেম্পত ৰখা হৈছে। এতিয়া এই লোকসকলৰ সতি-সন্ততি তথা আত্মীয়ৰ নাম এনআৰচিৰ পৰা বাদ পৰিলে কেইবালাখ লোকৰো নাম নাগৰিকপঞ্জীৰ পৰা কৰ্তন হোৱাটো নিশ্চিত হৈ পৰিছে।