DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আক্রাছুৰ বন্ধত কোকৰাঝাৰৰ ছেৰফাংগুৰিত ট্ৰাকত অগ্নিসংযোগ : হতাহত ৪জন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
November 21, 2018 6:54 pm
IMG-20181121-WA0009
643
VIEWS
Share on FacebookShare on Twitter

সদৌ সম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সময়চোৱাত সন্দেহযুক্ত বন্ধ সমৰ্থকৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন ৩জন লোক বেয়াকৈ আহত হৈছে। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ছেৰফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত খোলোবাৰী এলেকাত আক্ৰাছুৰ সমৰ্থকে নিশা প্ৰায় ১১-০০ মান বজাত এখন ট্ৰাকক আগছি ধৰে আৰু ট্ৰাককখনত অগ্নিসংযোগ কৰে।

আৰক্ষী সূত্ৰই জনাইছে যে আক্ৰমণকাৰীসকলে UP-25 AT 6390 নম্বৰত পঞ্জীয়নভুক্ত ট্ৰাকখনত অগ্নিসংযোগ কৰি চালকক হত্যা কৰে আৰু ট্ৰাকখনত থকা আন ৩জন লোকক বেয়াকৈ আহত কৰে। এই ট্ৰাকখন উত্তৰ প্ৰদেশৰ পৰা তেজপুৰ অভিমুখে আহি আছিল। ছেৰফাংগুৰি আৰক্ষী থানাৰ পৰা কেই মিটাৰমান দূৰত্বত থকা আক্ৰাছুৰ কাৰ্যালয়ৰ সমীপত এই ট্ৰাকখনত অগ্নিসংযোগ কৰা হয়।

কেন্দ্ৰই বিটিচিক য়ুনিয়ন টেৰিটৰীয়েল কাউঞ্চিললৈ মৰ্যাদা দিবলৈ গ্ৰহণ কৰাৰ পদক্ষেপৰ প্ৰতিবাদকল্পে আক্ৰাছু, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে যোৱা ১৯ নৱেম্বৰৰ পুৱা ৫-০০ বজাৰ পৰা ২০ নৱেম্বৰৰ আবেলি ৫-০০ বজালৈকে ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল।

মৃত লোকজনক মহম্মদ ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে। আহতসকল হৈছে মহম্মদ আকিন, নাহিন আলী আৰকু ছানু আলী। এই সকলোকেইজন উত্তৰ প্ৰদেশৰ বাসিন্দা। আহতসকলক কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আহত ব্যক্তিসকলৰ এগৰাকী মহম্মদ আকিনে কৈছে, ‘যেতিয়া আমি ছেৰফাংগুৰি আহি পাইছিলোঁ, প্ৰায় ৮-১০জন লোকে আমাৰ ট্ৰাকখন আগচি ধৰিছিল আৰু বটল বোমা দলিয়াই ট্ৰাকখন সম্পূৰ্ণ জ্বলাই দিয়ে। আমি পলাই যাবলৈ বিছাৰিছিলোঁকিন্তু তেওঁলোকে আমাক আক্ৰমণ কৰে। তেওঁলোকৰ আক্ৰমণত ট্ৰাকখনৰ ভিতৰতেই চালকজনৰ মত্যু হয় আৰু আমি ৩জন আহত হওঁ।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১০জন লোকক গ্ৰেপ্তাৰ কৰিছে।  ছেৰফাংগুৰিৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কৈছে, ‘‘আমি এই ঘটনাটো গভীৰভাৱে গ্ৰহম কৰিছোঁ আৰু ঘটনাৰ সৈতে জড়িত কেইজনমানক গ্ৰেপ্তাৰ কৰিছোঁ। ঘটনাটোৰ এটা বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে।’’

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd