• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাবুৱা, মাৰ্ঘেৰিটা, ধুবুৰীত আপৰ তৎপৰতা : কংগ্ৰেছ, বিজেপি ত্যাগ কৰি আপত যোগদান শতাধিকৰ

ৰাজ্যৰ আইন শৃংখলা ৰক্ষাত ব্যৰ্থ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী ডাঃ ভবেন চৌধুৰীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 26, 2024 9:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কিছুদিন ধৰি ৰাজ্যৰ আইন- শৃংখলা পৰিস্থিতিৰ অভাৱনীয় অৱনতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

আজি ডিব্ৰুগড় জিলাৰ চাবুৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত নাদুৱা গাওঁ পঞ্চায়তত অনুষ্ঠিত আপৰ এখন দলীয় যোগদান সভাত অংশগ্ৰহণ কৰি ডাঃ ভবেন চৌধুৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত বলাৎকাৰ, হিংসা, হত্যাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰে।

Apply Now

আপৰ নেতাগৰাকীয়ে কয়, ” যেতিয়ালৈকে অসমত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নহয় তেতিয়ালৈকে অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা নহয়। খিলঞ্জীয়া জনগোষ্ঠীসমূহক নিযুক্তিৰ ক্ষেত্ৰত ৮০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰতো ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। তদুপৰি আমি আম আদমী পাৰ্টিয়ে ‘কা’ প্ৰত্যাহাৰৰ বাবেও দাবী জনাই আহিছোঁ। ”

ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতা সন্দৰ্ভত ডাঃ চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰি কয়,” গৃহ বিভাগৰ দায়িত্ব পালনত হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। ” চাবুৱাত অনুষ্ঠিত যোগদান কাৰ্যসূচীত কংগ্ৰেছ আৰু বিজেপিৰ পৰা আহি শতাধিক নেতা-কৰ্মীয়ে আপত যোগদান কৰে।

ডাঃ চৌধুৰীৰ লগতে দলৰ জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰৰ উপস্থিতিত কংগ্ৰেছ ত্যাগ কৰি নাদুৱা মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ব্ৰজেন বৰুৱা, হাইতালি মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰশান্ত গগৈ, ডিকম মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শ্যাম কৰ্মকাৰ, বিশাল তাঁতীৰ লগতে বিজেপিৰ পৰা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি অনিৰুদ্ধ তাঁতী আৰু নীতিশ পাটনায়কে আপত যোগদান কৰে।

আম আদমি পাৰ্টীৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰা নৱাগত সকলক দললৈ আদৰণি ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী আৰু মনোজ ধানোৱাৰে। ইপিনে মাৰ্ঘেৰিটাৰ কেটেতং গাওঁ পঞ্চায়তৰ ৪ টা ৱাৰ্ডৰ কংগ্ৰেছৰ বহুসংখ্যক নেতা-কৰ্মীয়েও আপত যোগদান কৰে। আপৰ যুৱ শক্তিৰ আহ্বায়ক বাবুল বিকাশ চেতিয়া, ৰূপম ঘোষ, ডিগবৈ যুৱশক্তিৰ নেতা সঞ্জীৱ দাস আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ আম আদমী পাৰ্টিৰ নেতা মৃদুল দত্তৰ উপস্থিতিত আপত যোগদান কৰে অৰ্ধ শতাধিক কৰ্মীয়ে।

আনহাতে, ধুবুৰী জিলাত আজি অনুষ্ঠিত হয় আপৰ জিলা কৰ্মকৰ্তা সন্মিলন। বিলাসীপাৰা টাউন বিবাহ ভৱনত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ডেৰ শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। দলৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ড০ মামুন ইমদাদুল হক চৌধুৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা দলৰ আইন কোষৰ নেতা আশ্ৰাফুল আৰিফ শিকদাৰ উপস্থিত থাকে ।

সভাত ড০ মামুন ইমদাদুল হক চৌধুৰীয়ে দলীয় কৰ্মী সকলক পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হ’বলৈ আহ্বান জনায় ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd