• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনৰ পৰা বিদায় ল’বলৈ সাজু ১০০০কোম্পানী; ৩০০টা কোম্পানীৰ ভাৰতলৈ অহাৰ প্ৰস্তুতি!

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , April 21, 2020 9:41 am

2 min read

India-China new

ফটো সৌজন্য: মেট্ৰ'ছাগা

76.3k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ আতংকৰ বাবে গোটেই বিশ্বৰে অৰ্থনীতি স্থৱিৰ হৈ পৰা দেখা গৈছে। কিন্তু এনে সময়তে ভাৰতৰ বাবে যেন অপেক্ষা কৰিছে এক ভাল খৱৰে।

বাতৰি অনুসৰি, চীনত সক্ৰিয় হৈ থকা প্ৰায় ১০০০টা কোম্পানীয়ে সম্প্ৰতি ভাৰতলৈ অহাৰ সুযোগ বিচাৰি আছে।

বিজনেছ টুডেৰ এক বাতৰি অনুসৰি, কৰ’না ভাইৰাছৰ বিভীষিকাৰ বাবে চীনত বিদেশী কোম্পানীসমূহে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

এনে পৰিস্থিতিত প্ৰায় ১০০০ বিদেশী কোম্পানীয়ে ভাৰতত প্ৰৱেশৰ বাবে চিন্তা কৰিছে। ইয়াৰ ভিতৰত ৩০০টা কোম্পানীয়ে ভাৰতত কাৰখানা নিৰ্মাণৰ বাবে সকলো প্ৰকাৰে তৈয়াৰ হৈ আছে। তেওঁলোকে সংশ্লিষ্ট চৰকাৰী পক্ষৰ সৈতে আলোচনাও চলাইছে।

কেন্দ্ৰীয় চৰতাৰৰ এগৰাকী বিষয়াই বিজনেছ টুডেৰ আগত এই কথা সদৰী কৰিছে।

বিষয়াগৰাকীৰ মতে বৰ্তমান প্ৰায় ১০০০কোম্পানীয়ে বিভিন্ন পৰ্যায়ত আলোচনা চলাই আছে। ইয়াৰে ৩০০ কোম্পানীক চৰকাৰে নিৰ্বাচিত কৰিছে।

বিষয়াগৰাকীৰ মতে কৰ’না ভাইৰাছ নিয়ন্ত্ৰণলৈ অহাৰ পাছত দেশৰ পৰিস্থিতি উন্নত হ’ব আৰু ভাৰত সামগ্ৰী প্ৰস্তুতকৰণৰ বিকল্প হাব ৰূপে চিহ্নিত হ’ব।

বাতৰি অনুসৰি, নিৰ্দ্ধাৰিত ৩০০টা কোম্পানীয়ে মোবাইল,ইলেকট্ৰনিক্স, মেডিকেল সৰঞ্জাম, টেক্সটাইল আৰু ছিন্থেটিক ফেব্ৰিকছ ক্ষেত্ৰত সক্ৰিয় হৈ আছে আৰু এতিয়া ভাৰতলৈ আহিব বিচাৰিছে।

চৰকাৰৰ ফালৰ পৰা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিলে এয়া চীনৰ বাবে এক ডাঙৰ আঘাত হ’ব। তদুপৰি, চীনৰ হাতৰ পৰা সামগ্ৰী প্ৰস্তুতকৰণৰ হাব ছিঙি যোৱাৰ শংকা বৃদ্ধি পাইছে।

আনহাতে, ভাৰতে বিদেশী কোম্পানীক দেশলৈ আকৰ্ষণ কৰাৰ বাবে নীতি প্ৰস্তুত কৰাত তৎপৰ হৈ পৰিছে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd