মাত্ৰ এজন শিক্ষকেৰেই চলি আছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়। ৩৩ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী এজন শিক্ষকৰ ওপৰত নিৰ্ভৰশীল। দেশৰ দুৰ্বল শিক্ষা ব্যৱস্থাৰ এই ছবিখন উন্মোচিত হৈছে শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত।
শিক্ষাৰ অধিকাৰ আইন অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰাথমিক বিদ্যালয়ত প্ৰতি ৩০ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কমেও এজন শিক্ষক থাকিব লাগে। উচ্চ প্ৰাথমিকত অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতি ৩৫ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কমেও এজন শিক্ষক থাকিব লাগে।
প্রতিবেদনত কোৱা হৈছে যে ২০২৪-২৫ শিক্ষাবৰ্ষত দেশৰ মুঠ ১ লাখ ৪ হাজাৰ ১২৫খন বিদ্যালয় এজন শিক্ষকেৰেই চলি আছে৷ এই বিদ্যালয়সমূহত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩৩ লাখ ৭৬ হাজাৰ ৭৬৯। অৰ্থাৎ প্ৰতিখন বিদ্যালয়ত গড়ে ৩৪ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে।
প্ৰতিবেদনত কোৱা হৈছে যে এনে বিদ্যালয়ৰ সংখ্যা অন্ধ্ৰ প্ৰদেশত সৰ্বাধিক। লগতে এই তালিকাত আছে ঝাৰখণ্ড, পশ্চিম বংগ, মধ্যপ্ৰদেশ, কৰ্ণাটক।
কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি অন্ধ্ৰ প্ৰদেশত এনে বিদ্যালয়ৰ সংখ্যা ১২,৯১১ খন। উত্তৰ প্ৰদেশত ৯,৫০৮, ঝাৰখণ্ড ৯,১৭২, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু পশ্চিম বংগত ক্ৰমে ৮১৫২, ৭৩৪৯, ৬৪৮২ খন। শিক্ষা মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে চৰকাৰে এই ভয়াৱহ পৰিস্থিতিৰ সমাধানৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থকা বিদ্যালয়সমূহ একত্ৰিত কৰা হৈছে বুলিও তেওঁ কয়। সমস্যা সমাধানৰ বাবে চৰকাৰে ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়ৰ পৰা শিক্ষক থকা বিদ্যালয়লৈ শিক্ষক নিযুক্তি দিছে। যাতে ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত শিক্ষা লাভ কৰে।





