• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰায় ১৫৪ কোটি টকাত বিক্ৰী হ’ল ১০২ কেৰেটৰ এটুকুৰা নিখুঁত হীৰা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 6, 2020 1:38 pm

2 min read

WhatsApp Image 2020-10-06 at 1.15.58 PM
480
VIEWS
Share on FacebookShare on Twitter

১০২ কেৰেটৰ এটুকুৰা বিৰল শুভ্ৰ বৰণৰ হীৰা বিক্ৰী হৈছে ১৫.৭মিলিয়ন ডলাৰত। ভাৰতীয় টকাৰ মূল্যত এই পৰিমান হ’ব প্ৰায় ১৫৪কোটি টকা।

টেলিফোনৰ জৰিয়তেই এগৰাকী ব্যক্তিয়ে সেই হীৰা টুকুৰা ক্ৰয় কৰিছে।

বিৰল এই হীৰা টুকুৰা ক্ৰয় কৰা ব্যক্তিগৰাকীৰ পৰিচয় অৱশ্যে প্ৰকাশ কৰা হোৱা নাই।

কৰ’না ভাইৰাছ মহামাৰীৰ বাবে  হংকঙৰ ছোথেবাইয়ে অনলাইনত এই নিলামৰ আয়োজন কৰিছিল।

২০১৮ বৰ্ষত কানাডাৰ অণ্টাৰিঅ’ত আৱিস্কৃত ২৭১ কেৰেটৰ ৰুক্ষ হীৰাৰ পৰা কাটি অনা এই ডিম্বাকৃতিৰ হীৰাখণ্ডই ‘four Cs’ অৰ্থাৎ কাট, কালাৰ, ক্লীয়েৰিটি আৰু কাৰাট ওজনত ৰেংকিঙৰ শীৰ্ষ স্থান লাভ কৰা বুলি জনাইছিল নিলাম কৰিবলগীয়া কৰ্তৃপক্ষই।

উল্লেখ্য যে, এই ডিম্বাকৃতিৰ হীৰাখণ্ডক ‘ডি কালাৰ’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। ‘ডি কালাৰ’ হৈছে হীৰাৰ সৰ্বোচ্চ গ্ৰেডিং। এই শ্ৰেণীভুক্ত হীৰাক আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে অতি নিখুঁত তথা স্বচ্ছ হিচাপে গণ্য কৰা হয়।

স্মৰ্তব্য যে ২০১৩ চনত জেনেভাৰ ক্ৰিষ্টিত নিলাম হোৱা ১৬৩.৪১ কেৰেটৰ আয়তাকৃতিৰ হীৰাখণ্ডই বৰ্তমানলৈকে সৰ্বোচ্চ মূল্যৰ হীৰা ৰূপে পৰিগণিত হৈ আছে।

উক্ত আয়তাকৃতিৰ হীৰাখণ্ডৰ ভাৰতীয় মূল্যত দৰ আছিল প্ৰায় ২৪৭৬ কোটি ১৫ লাখ ৮০৫০ টকা।

২০১৩ চনত ডিম্বাকৃতিৰ বিভিন্ন হীৰাৰ মূল্য ৩০.৮ মিলিয়ন ডলাৰ আছিল। এতিয়া ডিম্বাকৃতিৰ হীৰাখণ্ড হিচাপে এই হীৰাখণ্ডই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন সৰ্বোচ্চ মূল্যৰ অভিলেখ স্থাপন কৰিব বুলি ধাৰণা কৰা হৈছিল।

বিশ্বৰ এই বিৰল ডিম্বাকৃতিৰ হীৰাখণ্ডৰ নিলাম অহা ১৫ ছেপ্টেম্বৰৰ পৰা হংকঙত আৰম্ভ হৈ ৫ অক্টোবৰত  বন্ধ হয়।

বিশ্বৰ চোথেবাইৰ বিশ্ব জুৱেলাৰীৰ অধ্যক্ষ গেৰী শ্বুলাৰে কৈছিল যে এই হীৰাখণ্ডৰ সৌন্দৰ্য আৰু বিৰলতাক অন্যৰ সৈতে তুলনা কৰাতো অতি কঠিন।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd