• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভুটানৰ পৰা খোজ কাঢ়ি অহা শ্ৰমিকক লৈ আতংকিত বাক্সাৰ কাউলিবাসী

ভুটানৰ পৰা অহা আটাই কেইজন শ্ৰমিককে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰা হৈছে

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , April 27, 2020 3:30 pm

2 min read

IMG-20200427-WA0088

ফটো : নৰ্থ-ইষ্ট নাও

7.6k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ মাজতে ভুটান ৰাষ্ট্ৰৰ ভাংতাৰৰ কাৱৈপানী অঞ্চলত কৰ্মৰত অসমৰ ১০ জনকৈ শ্ৰমিক পাহাৰ বগাই, নৈ পাৰ হৈ খোজকাঢ়ি আহি বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৰ কাউলীত দেওবাৰে সন্ধিয়া প্ৰৱেশ কৰাৰ পিছত কাউলি অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি হয়।

ইয়াৰে ৫ গৰাকী লোক শোণিতপুৰ জিলাৰ আৰু ৫ গৰাকী লোক নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ কাউলীৰ।

ভুটানৰ ভাংটাৰৰ কাৱৈ পানীত কৰ্মৰত এঘাৰ গৰাকী  শ্ৰমিকে ৰাবিবাৰে পুৱতি নিশা  ৪-০০ বজাৰ পৰা পাহৰুৱা পথেৰে খোজকাঢ়ি আহি কালি সন্ধিয়া ১০ গৰাকী শ্ৰমিক  উপস্থিত হৈছিল নাগ্ৰীজুলিৰ কাউলীত।

এঘাৰ গৰাকীৰ ভিতৰত পথতে এগৰাকী শ্ৰমিক নিখোজ হৈ পৰে। লোক কেইজন খোজ কাঢ়ি আহি কাউলীত উপস্থিত হোৱাৰ পিছত অঞ্চলটোত ক’ৰ’নাৰ আতংকত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

স্থানীয় সচেতন ব্যক্তি সকলে প্ৰথমে লোক কেইজনক আগচি ধৰি সামাজিক দূৰত্ব বজাই ৰাখি কাউলী তৰুণগাঁও প্ৰাথমিক বিদ্যালয়ত ৰাখি থৈ আৰক্ষী প্ৰশাসন আৰু চিকিৎসা কৰ্মীক খবৰ দিয়ে।

খবৰ পাই নিশা ঘটনাস্থলীত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী পৰিদৰ্শক অসীম বৰা আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈ কাউলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। চিকিৎসকৰ দল এটাও কাউলীৰ তৰুণগাঁৱত উপস্থিত হৈ শ্ৰমিক কেইজনৰ স্বাস্থ্যৰ বুজ লয়।

পিছত লোক কেইজনক নিশাই ১০৮ এম্বুলেন্সৰ দ্বাৰা নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰি আটাইকেইজনকে কোৱাৰেণ্টাইন কৰা হয়।

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ মনোহৰ দাসে জনোৱা মতে নিশা প্ৰায় ১০ মান বজাত ভূটানৰ পৰা অহা শ্ৰমিক কেইজনক কোৱাৰেণ্টাইন কৰা হৈছে। তেওঁলোকে অনাহাৰে থাকি পাহাৰ বগাই, নৈ পাৰ হৈ  খোজকাঢ়ি অহা বাবে যথেষ্ট দুৰ্বল হৈ পৰিছে আৰু আটাইকেইজনকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কোৱাৰেণ্টাইন কৰা হয় আৰু খাদ্যৰ যোগান ধৰা হয়।

বৰ্তমান আটাইকেইজন সুস্থ হৈ আছে বুলিও চিকিৎসক ডাঃ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

 কোৱাৰেণ্টাইনত থকা লোক কেইজন হৈছে শোণিতপুৰ জিলাৰ ৰাম দয়াল পাইক, ৰূপেছ ওৰাং, পাপলু ভূমিজ,  আমজান খান আৰু বাক্সা জিলাৰ কাউলীৰ মহেশ্বৰ বিশ্বাস, সম্ভূ বিশ্বাস,  হিৰো বৈশ্য, অখিল বিশ্বাস, উদয় বৈশ্য আৰু  প্ৰভাত বাক্সি।

উল্লেখ্য যে ভুটান ৰাষ্ট্ৰৰ পৰা মুঠ এঘাৰ জন শ্ৰমিক অসমলৈ উভতি আহিছিল যদিও এগৰাকী শ্ৰমিক দলটোৰ পৰা নিখোজে হৈ আছিল বুলি শ্ৰমিকৰ দলটোৱে প্ৰকাশ কৰিছিল।

নিখোজ হোৱা শ্ৰমিকজনক আৰক্ষীয়ে বিচাৰি আছিল যদিও আজি দিনৰ ভাগত শ্ৰমিকজন নিজে কাউলীত আহি উপস্থিত হয় আৰু তেওঁকো নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়লৈ কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হয়। এই লোকজনৰ নাম হ’ল খুদাং মুন্ডা।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd