• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৰি আটক ১১জন প্ৰতিবাদকাৰী

NE NOW NEWS এন ই নাও নিউজ
জাগীৰোড , January 20, 2019 9:22 am

2 min read

19-01-19 Jagiroad- CM Jonbeel Mela (8)

জোনবিল মেলাত শনিবাৰে ভাষণ দিছে মুখ্য মন্ত্ৰী সোণোৱালে। ফটো : ইউ বি

736
VIEWS
Share on FacebookShare on Twitter

পৰম্পৰা অটুট ৰাখি শনিবাৰে সামৰণি পৰা জোনবিল মেলাত মুখ্য অতিথিৰ ভাষণ দি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে তেওঁ জাতীয় স্বাৰ্থত কোনো ধৰণৰ আপোচ নকৰে। তদুপৰি, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ একাংশই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

জোনবিল মেলাৰ ৰাজদৰবাৰত ১৮ গৰাকী তিৱা ৰজাৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা অসমৰ ভাষা-কৃষ্টি সংস্কৃতি, জাতি-মাটিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ কোনো কাৰণ নাই।

মুখ্য মন্ত্ৰী সোণোৱালে জোনবিল মেলাৰ বিনিময় প্ৰথা ৰাজ্য চৰকাৰে সংৰক্ষণ কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ভাষণ প্ৰসংগত সদৰী কৰে। উক্ত অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে মধ্য অসমৰ ১৮গৰাকী তিৱা ৰজাক এবছৰৰ বাবে ৬০ হাজাৰকৈ টকাৰ ৰাজভাত্তা আগবঢ়ায়।

জোনবিল মেলাৰ শনিবাৰৰ সামৰণি অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ সৈতে উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী তথা জনপ্ৰিয় অভিনেতা যতীন বৰা।

আনহাতে, শনিবাৰে মুখ্য মন্ত্ৰী সোণোৱাল জোনবিল মেলালৈ আহি থকা সময়ত জাগীৰোডত কৃষক মুক্তি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু আমছুৰ লগতে কেইবাটাও সংগঠনে ক’লা পতাকা প্ৰদৰ্শন কৰে।

মুখ্য মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৰা ১১জন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে। আটক কৰা প্ৰতিবাদকাৰীসকলক জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে।

Recent News

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd