DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আম্ফানত মৃত্যু ২১ জন লোক : ১৯০ কিঃমিঃৰ গতিৰ ধুমুহাই গৃহহীন কৰিছে পাঁচ লক্ষাধিক লোকক

অত্যধিক বৃষ্টিপাতৰ ফলত ভয়ংকৰ বানপানী হোৱাৰো আংশকা প্ৰকাশ বতৰ বিজ্ঞানীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2020 9:11 am
index.jpg15

আম্ফানৰ কৱলত পৰাৰ পূৰ্বে বৰষুণ ফালি শিশু পুত্ৰক ৰক্ষা কৰিবলৈ এগৰাকী মাতৃৰ কৰুণ প্ৰচেষ্টা, ফ'টো-ৰয়টাৰ

1k
VIEWS
Share on FacebookShare on Twitter

সাগৰীয় ধুমুহা চাইক্ল’ন আম্ফাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে পশ্চিমবংগ, ওড়িশাত আৰু চুবুৰীয়া দেশ বাংলাদেশত।

১৭০ৰ পৰা ১৯০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত বলা ধুমুহা বৰষুণে ইতিমধ্যে পশ্চিমবংগৰ বিভিন্ন ঠাইৰ ২১ জন লোকৰ প্ৰাণ কাঢ়ি নিছে।

পশ্চিমবংগ আৰু ওড়িশাৰ হাজাৰ হাজাৰ ঘৰ, সুউচ্চ আট্টালিকা, বিদ্যুৎ পৰিবাহী খুঁটা আদি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰকাণ্ড গছ বাগৰি পৰিছে আম্ফানত।

ক’ৰ’নাতংকৰ ওপৰতে আম্ফানে পশ্চিমবংগত বিধ্বংসী তাণ্ডৱ চলাই প্ৰায় ১ লাখ কোটি টকাৰ সম্পদ ক্ষতিগ্ৰস্ত কৰিছে বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে।

পশ্চিবংগত প্ৰায় ৫ লাখ লোক গৃহহীন হোৱাৰ লগতে ওড়িশাত ১ লাখ লোক গৃহহীন হৈ এই প্ৰচণ্ড বতাহ ধুমুহাৰ সময়ত মুকলি আকাশৰ তলত অৱস্থান কৰিবলৈ বাধ্য হৈছে।

আম্ফানত তিষ্ঠিব নোৱাৰি ৰাজপথ বাগৰি পৰিছে প্ৰকাণ্ড এজোপা গছ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক সংবাদ মেল সম্বোধন কৰি কয় যে ৰাজ্যখনত আম্ফানত মৃত্যু হোৱা লোকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পাইছে।

উত্তৰ ২৪ পৰগণা জিলাত ৫,৫০০ ৰো অধিক ঘৰ বিধ্বংসী ধুমুহাই সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। জিলাখনত এজোপা প্ৰকাণ্ড গছ পৰি এগৰাকী ১৩ বছৰী কিশোৰীৰ মৃত্যু ঘটিছে।

ইফালে ৰাজ্যখনৰ ৰাজধানী কলকতাও ক্ষতিগ্ৰস্ত হৈছে বিধ্বংসী আম্ফানত। মহানগৰখনত বিভিন্ন ঠাইত গছ বাগৰি পৰা বাট পথ পানীৰে উপচি পৰাৰ ভিডিঅ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থপনা বাহিনী( NDRF)ৰ ৪১ টা দলে ৰাজ্যখনত উদ্ধাৰ অভিযান চলাই আছে।

ক’ৰ’নাতংকৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্ব ৰক্ষা কৰিব লগীয়া হোৱাৰ বাবে NDRFৰ উদ্ধাৰ অভিযানৰ প্ৰত্যাহ্বান দ্বিগুণলৈ বৃদ্ধি পাইছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে সঞ্চালক সত্য নাৰায়ণ প্ৰধানে।

ইফালে বিবিচিএ বাতৰি অনুসৰি পশ্চিমবংগ আৰু বাংলাদেশকে ধৰি আম্ফান এতিয়ালৈকে ২১ জন লোকৰ মৃত্যু ঘটিছে।

বাংলাদেশত প্ৰায় ৩ মিলিয়ন লোক বিধ্বংসী আম্ফানৰ দ্বাৰা ক্ষিতগ্ৰস্ত হোৱা বুলি বিবিচই বাতিৰত প্ৰকাশ।

ইফালে বতৰ বিজ্ঞানীয়ে জনাইছে যে ৩০০ মিলিমিটাৰৰো অধিক অবিৰত বৃষ্টিপাতৰ ফলত বানপানীয়ে ভয়ংকৰ ৰূপ ল’ব পাৰে আম্ফান আক্ৰান্ত অঞ্চলবোৰত!

Recent News

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

Maharashtra assembly speaker polls: ৰাহুল নৰ্ৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচিত; সদনত সিন্দে শিৱিৰৰ প্ৰথমটো জয়

Maharashtra assembly speaker polls: ৰাহুল নৰ্ৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচিত; সদনত সিন্দে শিৱিৰৰ প্ৰথমটো জয়

CJI Ramana: ‘ন্যায়পালিকা কেৱল সংবিধানৰ প্ৰতিহে দায়বদ্ধ’, ৰাজনৈতিক দলসমূহক সমালোচনা দেশৰ মুখ্য ন্যায়াধীশৰ

CJI Ramana: ‘ন্যায়পালিকা কেৱল সংবিধানৰ প্ৰতিহে দায়বদ্ধ’, ৰাজনৈতিক দলসমূহক সমালোচনা দেশৰ মুখ্য ন্যায়াধীশৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd