• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোজাইত নগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত আহ্বান দিয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , October 23, 2018 5:54 pm

2 min read

assam Bandh

প্ৰতীকী ছবি।

428
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত ৰাজ্যৰ অৰ্ধ শতাধিক জাতীয় সংগঠনে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ হোজাই জিলাত মিশ্ৰিত প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। বন্ধৰ সময়ছোৱাত জিলাখনৰ প্ৰায়বোৰ ঠাইতে দোকান পোহাৰৰ লগতে গাড়ীৰ চলাচল বন্ধ থাকে।

নীলবাগানৰ যুৱ সমাজৰ উদ্যেগত বন্ধৰ সমৰ্থক সকলে মটৰ চাইকেলেৰে ৰেলি কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি আকাশ বতাহ মুখৰিত কৰি তোলাৰ লগতে বন্ধৰ সমৰ্থনক সকলে নীলবাগানত ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা নীলবাগানত আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু এজন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যকে ধৰি ৬ জন বন্ধৰ সমৰ্থনকক আটক কৰি ডবকা আৰু নীলবাগান আৰক্ষী চকীত বন্দী কৰি ৰাখে।

আনহাতে ডবকা আৰু হোজাইত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হয়। ডবকাত বিজেপি কৰ্ম্মীয়ে বন্ধ ৰখা দোকান সমুহ খুলিবলৈ ওলাই অহাৰ লগতে আন একাংশ বঙালী সম্প্ৰদায়ৰ ব্যৱসায়ীয়ে দোকান পোহাৰ খোলা ৰাখে যদিও ৰাইজৰ উপস্থিতি শুন্য দেখা যায়। থিক সেইদৰে হোজাই চহৰতো বন্ধৰ সম্পূৰ্ন  প্ৰভাৱ পৰা নাই যদিও একাংশ হিন্দু সম্প্ৰদায়ৰ ব্যৱসায়ী সকলৰ বাহিৰে অন্যান্য ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ থকা পৰিলক্ষিত হয়।

আৰক্ষীয়েও জিলাখনৰ বিভিন্ন ঠাইত কটকটীয়া পহৰা দি থকা পৰিলক্ষিত হৈছে। বাতৰি লিখা সময়লৈকে কোনো স্থানৰ পৰা কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ খবৰ অহা নাই।

মুঠৰ ওপৰত আজি কৃষক মুক্তি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আমছুকে ধৰি প্ৰায় অৰ্ধশতাধিক দল-সংগঠনে যি উদ্ধেশ্য আগত ৰাখি ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছিল তাৰ প্ৰতি হোজাই জিলাৰ জনগনেও সমৰ্থন আগবঢ়োৱা দেখা গ’ল।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd