• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2026 8:00 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিনটো স্বাভাৱিকভাৱেই আৰম্ভ হৈছিল। তেতিয়া ৰমজান মাহ চলি আছিল। সকলো ছাত্ৰ-ছাত্ৰী প্ৰাৰ্থনাৰ বাবে শাৰী পাতি থিয় হৈছিল। হঠাতে খবৰ আহে যে ইৰাণত প্ৰথমটো মাৰ্কিন আক্ৰমণ সংঘটিত হৈছে। ইয়াৰ পিছতেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ততাতৈয়াকৈ স্কুল ছুটী দিয়াৰ কথা ঘোষণা কৰে। অভিভাৱকসকলক খবৰ দিয়া হৈছিল যাতে তেওঁলোকে আহি ছাত্ৰীসকলক লৈ যায়। সেই অনুসৰি ছুটী দিয়াৰ কামো আৰম্ভ হৈছিল। কিন্তু হঠাতে স্কুলখন ধ্বংসস্তূপত পৰিণত হয়। ১২০ গৰাকী শিশু কন্যাক ধৰি মুঠ ১৫৬ জন লোকৰ মৃত্যু হয়। আজি ইমান দিনৰ পিছতো বিবিচিৰ সৈতে কথা পাতিবলৈ গৈ স্কুলখনৰ শিক্ষয়িত্ৰী আমাইনে নাদেমিৰ দুচকুত সেই মৰ্মান্তিক মৃত্যুৰ বিভীষিকা। তেওঁ প্ৰশ্ন কৰিছে, সিহঁতৰ দোষ কি আছিল?

৩৩ বছৰীয়া নাদেমিয়ে কৈছে, এয়া এতিয়া আৰু স্কুল হৈ থকা নাই, দেৱালে দেৱালে কেৱল মৃত্যু, শোক আৰু তেজৰ দাগ। তেওঁৰ মনত পৰিছে যে তেওঁ যিটো শ্ৰেণীত আছিল তাত আৰু পাঁচগৰাকী ছাত্ৰী আছিল। হঠাতে এটা বিস্ফোৰণৰ শব্দ কাণত পৰে। সকলোকে লৈ ওলাই আহিবলৈ ওলাওঁতেই পুনৰ আন এটা বিস্ফোৰণ হয়। স্কুলতেই আহি পৰে এটা মিছাইল। নাদেমিয়ে কয়, মই যিজনী শিশুক হাতত ধৰি আছিলো, তাইকো বিচাৰি নাপালোঁ। মোৰ উশাহ ল’বলৈ বৰ কষ্ট হৈছিল। তেওঁ জনোৱা মতে তেওঁৰ গোটেই শৰীৰেৰে তেজ বৈ আছিল।

Apply Now

যোৱা ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ প্ৰথম দিনাই দক্ষিণ ইৰাণৰ সৰু চহৰ মিনাবৰ সেই স্কুলখনত আক্ৰমণ হৈছিল। প্ৰথম অৱস্থাত আমেৰিকাই ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাছিল। বৰঞ্চ ট্ৰাম্পে ইৰাণৰ ওপৰতে দোষ জাপি দিছিল। তেওঁ কৈছিল যে আমাৰ অনুমান এয়া ইৰাণৰেই কাম, আন ক’ৰবাত লক্ষ্য কৰিবলৈ গৈ ভুলতে নিজৰ দেশৰ স্কুলতেই তেওঁলোকে আক্ৰমণ কৰি পেলাইছে। অৱশ্যে কিছু দিনৰ ভিতৰতেই মাৰ্কিন চোৰাংচোৱাৰ আভ্যন্তৰীণ তদন্তৰ প্ৰতিবেদন পোহৰলৈ আহে। তাত কোৱা হয় যে দক্ষিণ ইৰাণৰ মিনাবত চলোৱা এই মাৰাত্মক আক্ৰমণৰ বাবে সম্ভৱতঃ মাৰ্কিন সেনাই দায়ী আছিল।

এই সমগ্ৰ ঘটনাক লৈ এতিয়াও বিতৰ্ক চলি আছে। কিন্তু সেইবোৰলৈ নাদেমিৰ কোনো ভ্ৰূক্ষেপ নাই। বৰঞ্চ তেওঁৰ এতিয়াও মনত পৰে নিজৰ তেজৰে লুতুৰি-পুতুৰি হোৱা শৰীৰটোৰ কথা। মনত পৰে চাৰিওফালে ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থকা তেজৰ চেকুৰা লগা শিশুবোৰৰ কথা। ইৰাণৰ যুদ্ধ কেতিয়া শেষ হ’ব কোনেও নাজানে। কিন্তু যুদ্ধ শেষ হ’লেও এই প্ৰশ্নটো সদায় থাকি যাব, সেই কণমাণি শিশুবোৰৰ কি দোষ আছিল? লোভ আৰু আগ্ৰাসনৰ জুইত কিয় ইমানবোৰ নিস্পাপ প্ৰাণ জ্বলি ছাঁই হৈ গ’ল? অৱশ্যে নাদেমিয়ে এই কথা ভালদৰেই জানে যে ইয়াৰ উত্তৰ তেওঁ কেতিয়াও নাপায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd