মহকুমাধিপতিৰ তদন্তত দেখা গৈছে যে বিগত ২০ দিনত দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত বিশেষভাৱে সক্ষম লোকৰ আশ্ৰয় গৃহত ১৩জন শিশুৰ মৃত্যু হৈছে। এই পৰ্যন্ত ৰোহিনীৰ আশা কিৰণ আশ্ৰয় গৃহত জানুৱাৰী মাহৰ পৰা ২৭ জনৰ মৃত্যু হোৱাৰ বাতৰিয়ে বিজেপিৰ পৰা অৱহেলা আৰু জীৱন-যাপনৰ দুৰ্বলতাৰ অভিযোগ উত্থাপন কৰিছে৷
আশা কিৰণ আশ্ৰয় গৃহত মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। যোৱা বছৰৰ তুলনাত মৃত্যুৰ সংখ্যা বহু বেছি হোৱাটো লক্ষ্য কৰি এছডিএম-এ কয় যে মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে জানিব পৰা যাব।
এছডিএমৰ প্ৰতিবেদনত শিশুসকলক যোগান ধৰা খোৱাপানীৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।
গাফিলতিৰ বাবে আপ চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ সময়তে নেশ্যনেল কমিছন ফৰ উইমেনে আশ্ৰয় গৃহলৈ তথ্য বিচাৰি উলিওৱা দল এটা প্ৰেৰণ কৰিছে।দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত নৈশ আশ্ৰয় শিবিৰৰ অডিটও এন চি ডব্লিউৱে চলাই আছে বুলিও কয়।
দিল্লীৰ মন্ত্ৰী আতিশীয়ে অৱশ্যে মৃত্যুৰ সংখ্যাক লৈ মতানৈক্য প্ৰকাশ কৰি ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব (এচিএছ)ক দণ্ডাধীশৰ তদন্ত আৰম্ভ কৰি ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কয়। তেওঁৰ পত্ৰত উল্লেখ কৰিছে যে ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা আশ্ৰয় গৃহত ১৪ জন লোকৰ মৃত্যু হৈছে।
আনহাতে, যিসকল লোকৰ গাফিলতিৰ বাবে মৃত্যু হৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শও বিচাৰিছে মন্ত্ৰীগৰাকীয়ে। ভৱিষ্যতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবেও পৰামৰ্শমূলক ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছিল।
দিল্লী বিজেপিৰ এটা দলো আশা কিৰণৰ আশ্ৰয় গৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
বিজেপিক তীব্র প্রতিক্রিয়া দি দিল্লীৰ মন্ত্রী গোপাল ৰায়ে কয় যে গেৰুৱা দলৰ নেতাসকলে ময়ুৰ বিহাৰৰ নলাত উটি যোৱা মাতৃ-পুত্রৰ ঘৰলৈ যোৱা নাছিল৷
লগতে সংশ্লিষ্ট মন্ত্ৰীগৰাকীয়ে গোচৰটো তীক্ষ্ণ দৃষ্টিৰে চোৱা-চিতা কৰি আছে আৰু দোষী লোকক ৰেহাই দিয়া নহ’ব বুলিও তেওঁ কয়। দিল্লী চৰকাৰ ৰাইজৰ সৈতে থিয় দিছে বুলিও তেওঁ কয়।