• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰানৰ হিট লিষ্টত ট্ৰাম্প, মেলোনী, মেক্ৰনসহ ১৩ বিশ্বনেতা! জাৰি হ’ল মৃত্যু পৰোৱানা

প্ৰাক্তন উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছিল তেওঁৰ পুত্ৰ মোজতবা খামেনেইয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2026 4:51 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছিল তেওঁৰ পুত্ৰ মোজতবা খামেনেইয়ে। সেই অনুসৰিয়েই এইবাৰ ইৰান প্ৰশাসনে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। খামেনেইৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত বিশ্বৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ বিৰুদ্ধে মৃত্যু পৰোৱানা জাৰি কৰা হৈছে। তেহৰান পৌৰসভাৰ দ্বাৰা প্ৰকাশিত ইৰানৰ এখন বাতৰি কাকতত আমেৰিকা আৰু ইজৰাইলকে ধৰি ইউৰোপৰ কেইবাখনো দেশৰ শীৰ্ষ নেতাৰ ছবি প্ৰকাশ কৰি কোৱা হৈছে যে এইসকল নেতাই খামেনেইৰ মৃত্যুৰ বাবে জগৰীয়া।

ইৰানে প্ৰকাশ কৰা এই বিশ্বনেতাসকলৰ মৃত্যু পৰোৱানাত মুঠ ১৩ গৰাকী নেতাৰ নাম আৰু ছবি অন্তৰ্ভুক্ত কৰা হৈছে। এই হিট লিষ্টত স্থান পোৱা নেতাসকলৰ ভিতৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, বিদেশ সচিব মাৰ্কো ৰুবিঅ’ আৰু প্ৰতিৰক্ষা সচিব পিট হেগচেথ। ইয়াৰ উপৰিও ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু দেশখনৰ প্ৰতিৰক্ষা বিভাগৰ দুজন শীৰ্ষ বিষয়া ইজৰাইল কাটজ আৰু গিডিয়ন চাৰৰ নামো ইয়াত আছে। এই তালিকাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনী আৰু জাৰ্মানীৰ চান্সেলৰ ফ্ৰেডৰিক মেৰ্জসহ মুঠ ১৩ গৰাকী নেতাৰ নাম অন্তৰ্ভুক্ত হৈছে। প্ৰকাশিত তালিকাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুক পোনপটীয়াকৈ বন্দুকৰ লক্ষ্য হিচাপে দেখুওৱা হৈছে আৰু আনসকল নেতাক বন্দীৰ পোছাকত দেখুওৱা হৈছে।

Apply Now

উল্লেখ্য যে চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত ইৰানৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হৈছিল। শেহতীয়াকৈ তেওঁৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে তেওঁৰ পুত্ৰ মোজতবা খামেনেইয়ে শত্ৰুপক্ষক তীব্ৰ ভাষাৰে সকীয়াই দিছিল। এক লিখিত বাৰ্তাত তেওঁ কয় যে সমগ্ৰ জাতিৰ এটাই দাবী আৰু সেয়া হৈছে প্ৰতিশোধ। তেওঁলোকৰ প্ৰয়াত উচ্চতম নেতাৰ মৃত্যুৰ প্ৰতিশোধ তেওঁলোকে ল‘বই। ইয়াৰ উপৰিও তেওঁ কয় যে জঘন্য অপৰাধী আৰু হত্যাকাৰীৰ হাতত যিসকল নেতা শ্বহীদ হৈছে, তেওঁলোক সকলোৰে তেজৰ প্ৰতিশোধ লোৱাৰ প্ৰতিজ্ঞা কৰা হৈছে। তেওঁলোকে এই লক্ষ্য অৰ্জন কৰিবই আৰু অতি সোনকালে বিশ্বৰ সকলো স্বাধীনতা প্ৰেমী লোক এই পৱিত্ৰ অভিযানৰ অংশীদাৰ হ’ব।

ইৰানৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাৰ বাবে আমেৰিকা আৰু ইজৰাইল পোনপটীয়াকৈ দায়ী যদিও ইৰানৰ দাবী যে এই যুদ্ধত ইউৰোপৰ কেইবাখনো দেশ পৰোক্ষভাৱে জড়িত আছিল। তেহৰানৰ অভিযোগ অনুসৰি ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ দৰে দেশসমূহে কেৱল ইৰানৰ সাৰ্বভৌমত্বৰ ওপৰত হোৱা আক্ৰমণৰ গৰিহণা দিয়াই নাছিল, বৰঞ্চ আমেৰিকাৰ সামৰিক বিমানক নিজৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি দি এই গুপ্তহত্যা আৰু আক্ৰমণৰ ঘটনাত পৰোক্ষভাৱে সহায় কৰিছিল।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd