• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা  : ১৪টা সমষ্টিত গঠন হ’ব নতুন ৰাজহচক্র

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2026 7:11 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজহ প্ৰশাসন পুনৰ্গঠনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ স্পষ্টকৈ কয় যে, আগন্তুক সময়ত পঞ্চায়তৰ সীমাৰ দৰে প্ৰতিটো বিধানসভা সমষ্টিৰ ভিতৰতে সংশ্লিষ্ট ৰাজহচক্র থাকিব। যিসমূহ সমষ্টিৰ নিজা ৰাজহচক্র নাই, সেইসমূহত নতুনকৈ ৰাজহচক্র গঠন কৰা হ‘ব। এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে ৰাজহ প্ৰশাসনক অধিক সুসংগঠিত, জবাবদিহিমূলক আৰু জনমুখী কৰি তোলা।

মুখ্যমন্ত্ৰীয়ে সদনত জনোৱা মতে, বৰ্তমান অসমৰ বহু সমষ্টিত ৰাজহচক্রৰ ভৌগোলিক সীমা বিধানসভা সমষ্টিৰ সীমাৰ সৈতে মিল নাথাকে। ফলত ভূমি-সম্পৰ্কীয় কাম-কাজ, খাজনা, নামজাৰী, পট্টা, দুৰ্যোগ ব্যৱস্থাপনা, নিৰ্বাচনী প্ৰস্তুতি, চৰকাৰী আঁচনিৰ ৰূপায়ণ আদিত প্ৰশাসনিক জটিলতা সৃষ্টি হয়। এই অসুবিধা দূৰ কৰাৰ উদ্দেশ্যে চৰকাৰে ১০৮টা বিধানসভা সমষ্টিত ৰাজহচক্রৰ সীমা সমষ্টিৰ সীমাৰ সৈতে সমন্বয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰাজহচক্রবিহীন ১৪টা বিধানসভা সমষ্টিত একোটাকৈ নতুন ৰাজহচক্র স্থাপন কৰা হ‘ব।

Apply Now

মুখ্যমন্ত্ৰীয়ে সদনত এইটোও জানিবলৈ দিয়ে যে, ৰাজহচক্র নথকা সমষ্টিসমূহৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। সকলো জিলা আয়ুক্তলৈ এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হৈছে। বৰ্তমান বান পৰিস্থিতিৰ বাবে কিছু কাম বিলম্বিত হৈছে যদিও বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ এসপ্তাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। তেওঁ কয় যে, এই সমগ্ৰ প্ৰক্ৰিয়াটো চৰকাৰে তাৎক্ষণিকভাৱে আৰম্ভ কৰিছে আৰু ইয়াক অগ্ৰাধিকাৰ ভিত্তিত সম্পন্ন কৰা হ‘ব।

এই ঘোষণাৰ সময়ত মুখ্যমন্ত্ৰীয়ে এক ৰাজনৈতিক বাৰ্তাও প্ৰেৰণ কৰে। তেওঁ স্পষ্টকৈ কয় যে, এই পুনৰ্গঠন চৰকাৰৰ নীতি-নির্ধাৰণমূলক সিদ্ধান্ত; সেয়ে কোনো বিধায়কে নিজ নিজ সমষ্টিত ইয়াৰ ৰাজনৈতিক কৃতিত্ব ল‘ব নালাগে। তেওঁৰ মতে, ই ৰাজ্যজুৰি একে নীতি অনুসৰি গ্ৰহণ কৰা প্ৰশাসনিক সংস্কাৰ, ব্যক্তিগত বা আঞ্চলিক সফলতা নহয়।

ৰাজহচক্র হৈছে অসমৰ ভূমি প্ৰশাসনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰীয় একক। ভূমি পট্টা, নামজাৰী, মিউটেচন, ভূমি-অধিগ্ৰহণ, চৰ এলেকাৰ নথিভুক্তি, চৰকাৰী ভূমি সংৰক্ষণ, দুৰ্যোগৰ ক্ষতিপূৰণ, বান সাহায্য, ভোটাৰ তালিকাৰ বহু প্ৰশাসনিক সমন্বয় আদি কাম ৰাজহচক্রৰ জৰিয়তেই সম্পন্ন হয়।

বিগত কেইবাবছৰ ধৰি বহু বিধানসভা সমষ্টিৰ অংশ বিভিন্ন ৰাজহচক্রত বিভক্ত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ ফলত এখন সমষ্টিৰ বিধায়ক, জিলা প্ৰশাসন আৰু ৰাজহ বিভাগৰ মাজত সমন্বয়ৰ অভাৱ দেখা দিছিল। বহু ক্ষেত্ৰত এখন গাঁৱৰ মানুহে এটা কামৰ বাবে ভিন্ন ৰাজহচক্র কাৰ্যালয়ত যাবলগীয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd