DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন আৰু বন্যপ্রাণী সুৰক্ষাৰ বাবে আপোচবিহীন সেৱা: নামেৰীৰ ১৪জন বনকৰ্মীলৈ বিশেষ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 9, 2020 2:22 pm
WhatsApp Image 2020-10-09 at 1.41.56 PM

ফটো: নৰ্থইষ্ট নাও

296
VIEWS
Share on FacebookShare on Twitter

নামেৰী ৰাষ্ট্ৰীয় উদ্যানে শেহতীয়াকৈ কঢ়িয়াই আনিছে এক বিশেষ সন্মান।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া তথা নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক পঙ্কজ শৰ্মাৰ তত্বাৱধানত ২০১৯ চনৰ চেপ্তেম্বৰ মাহৰ পৰা ২০২০ বৰ্ষৰ আগষ্ট মাহলৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন- কৰ্মীৰ দলটোৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে কেইবাবাৰো ৰাষ্ট্ৰীয় উদ্যানখনত দুষ্কৃতিকাৰীৰ কাৰ্য-কলাপ ৰোধ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ মাজতে দলটোৱে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ গভীৰ অৰণ্যৰ মাজত দুবাৰকৈ দুধৰ্ষ চোৰাং-চিকাৰীৰ লগত মুখা-মুখি সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে কেইবাটাও হস্ত-নিৰ্মিত বন্দুক, গুলী-বাৰুদ সহিতে আন আন আপত্তিজনক সামগ্ৰীও জব্দ কৰিছিল।

এনে সাহসিকতা তথা কৰ্মক্ষেত্ৰত পাৰদৰ্শিতাৰ স্বীকৃতি হিচাপে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে ৰাজ্যৰ আন আন প্ৰান্তৰ সৰ্বমুঠ আঠসত্তৰ জন ব্যক্তিৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ চৈধ্য জন বন-কৰ্মীক বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি পালন কৰা কৰ্তব্যনিষ্ঠা, ত্যাগ আৰু সাহসিকতাৰ পদক আৰু প্ৰশস্তি-পত্ৰ প্ৰদান কৰিবলৈ নিৰ্বাচন কৰিছিল।

এই গৌৰৱ লাভ কৰিবলৈ সক্ষম হোৱা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন-কৰ্মীসকল হৈছে ক্ৰমে নামেৰী ৱাইল্ডলাইফ ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ দেৱাশিস বুঢ়াগোঁহাই, বনপালক-১ অমৃত দলে, বনপালক-১ দীপ কলিতা, বনৰক্ষী গিৰিশ কলিতা, বনৰক্ষী হেমকান্ত দাস, হাতীৰ চৰ্দাৰ শুক্ল দাস, মাউত চেনীৰাম দাস, ঘাঁহী বিক্ৰম বে, দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ জোৱান দীপাঙ্কৰ ভট্টাচাৰ্য, নৱজিৎ কলিতা, গিদিয়ন দৈমাৰী, ফিক্সড পে’ বনকৰ্মী মিনাৰাম গগৈ, অসম গৃহৰক্ষী বাহিনীৰ জোৱান বীৰসিং গয়াৰী আৰু বিশ্বজিত দৈমাৰী।

যোৱা ৭ অক্টোবৰত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে উদযাপন হোৱা বন্যপ্ৰাণী সপ্তাহৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ মাননীয় মূখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোনোৱালে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষান, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা  আঙুৰলতা ডেকা, অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বল মুৰব্বী এ. এম. সিং, প্ৰধান মুখ্য বন সংৰক্ষক (ৱাইল্ডলাইফ)অমৃত সাহায়, অসম চৰকাৰৰ চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ উপস্থিতিত দলটোক এই বঁটা প্ৰদান কৰে।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন-কৰ্মীৰ এই সুনামত সমগ্ৰ শোণিতপুৰ জিলাবাসী গৌৰৱাম্বিত আৰু ভৱিষ্যতেও বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ হকে আপোচবিহীনভাৱে তেওঁলোকে কাম কৰি যাব বুলি জিলাবাসী আশাবাদী।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd