• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌ ৰাজহুৱা খেলপথাৰত দ্বিতীয় বাৰ্ষিক মুকলি বিহু উদযাপন

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
April 16, 2018 12:10 pm
FB_IMG
230
VIEWS
Share on FacebookShare on Twitter

ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা আৰু প্ৰাক্তন সতীৰ্থৰ  উদ্যোগত তথা ডিমৌবাসী ৰাইজৰ সহযোগত পহিলা বহাগৰ দিনা ডিমৌ ৰাজহুৱা খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক  মুকলি বিহু উদযাপন কৰা হয়।

বিহুৰ আৰম্ভণিতে বিহুৱান আৰু সন্থাৰ পতাকা উত্তোলন কৰে  উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন আটাছু নেতা বিৰাজ বৰগোহাঁই আৰু আটাছু ডিমৌৰ সভাপতি জয়ন্ত গগৈয়ে। ইয়াৰ পিছতেই ৰাইচাইস্থিত বৰবৰুৱা মৈদামত কাৰ্যকৰী সভাপতি ঋতুৰাজ শেনচোৱাই মৈদাম তৰ্পণ কৰে।

ইয়াৰ পাছতেই ডিমৌৰ কুৰিগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক সম্বর্ধনা আৰু পৰম্পৰাগত জলপানৰে অপ্যায়ন কৰাৰ লগতে তেওঁলোকৰ পৰা সমূহীয়াকৈ সকলোৱে টাই আহোম আৰু অসমীয়াত আশীৰ্বাদ লয় ।

ইয়াৰ পিছতেই পৰম্পৰাগতভাৱে ৰাইজৰ মাজত কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জীৱনজিৎ সিংহ হাজৰিকাই হুঁচৰি আৰু বিহুৰ অনুষ্ঠান উদ্বোধন কৰাৰ পিছতেই নিত্য বৰুৱাৰ ওজা ঢোলবাদন, আদিত্য কাশ্যপ গগৈৰ ঢোলবাদন, ঔতলা সন্মিলিত হুঁচৰি দল, শিৱসাগৰ ছোৱালী সন্মিলিত হুঁচৰি দল, নিমাইজান সন্মিলিত হুঁচৰি দলৰ বিহু প্ৰদৰ্শনৰে মুকলি বিহুৰ সামৰণি পৰে।

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত মুকলি বিহুত আটাছুৰ প্ৰাক্তন সভাপতি সপোন গগৈ, প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই, প্ৰাক্তন আটাছু নেতা অজয় কুমাৰ গগৈ, মনোৰঞ্জন কোঁৱৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

আটাছু ডিমৌৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈ, শিৱসাগৰ জিলা সহঃ সম্পাদক নিপন বৰুৱা, উপঃ সভাপতি গোবিন গগৈ, মহকুমা সমিতিৰ সম্পাদক সন্দীপ গগৈয়ে মুকলি বিহুৰ সফল সামৰণিৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্যোগ্য যে যোৱা বছৰৰ পৰা আৰম্ভ কৰা এই মুকলি বিহুত আটাছু ডিমৌ আৰু প্ৰাক্তন সতীৰ্থই সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে।

Recent News

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd