• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ ১ম পৰ্য্যায়ত ৰাজ্যজুৰি বিসংগতি; ঠায়ে ঠায়ে বঞ্চিতৰ প্ৰতিবাদ, বাতিল ভোটগ্ৰহণ

অনিৰ্বাণ পাঠক/ মানস প্ৰতীম গগৈ/ অক্ষয় প্ৰণৱ কলিতা by অনিৰ্বাণ পাঠক/ মানস প্ৰতীম গগৈ/ অক্ষয় প্ৰণৱ কলিতা
December 5, 2018 5:54 pm
assam panchayat poll

পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰা এগৰাকী আইতা আৰু ইফালে প্ৰথম বাৰৰ ভোটাৰ। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমবাসীৰ উৎসাহী অংশগ্ৰহণৰ বিপৰীতে ৰাজ্যজুৰি ব্যাপক বিসংগতিৰে বুধবাৰে ৩ বজাত বিভাগীয়ভাৱে সমাপ্ত হৈছে পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ১ম পৰ্য্যায়ৰ ভোট গ্ৰহণ।

খেলিমেলিৰ বাবে বিভিন্ন স্থানত বহু ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হোৱাৰ লগতে বহু ঠাইত বাতিল পৰ্য্যন্ত কৰিব লগা হৈছে ভোট গ্ৰহণ। বহু ঠাইত ভোটাৰে ভোট কেন্দ্ৰত হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে আন কিছু ঠাইত হাতত প্লেকাৰ্ড লৈয়ো প্ৰতিবাদ কৰা দেখা গ’ল বঞ্চিত ভোটাৰক।

Apply Now

শোণিতপুৰ জিলাৰ গহপুৰৰ পূব কলাবাৰী গাওঁ পঞ্চায়তৰ হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা কেন্দ্ৰটোত আধাতে বন্ধ কৰি দিবলগীয়া হয় ভোটগ্ৰহণ। কেন্দ্ৰটোৰ নিৰ্বাচনী বিষয়াই আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীৰ বেলট পেপাৰ একোজন ভোটাৰকে দিয়ে দুখনকৈ।

একেখন জিলাৰে গহপুৰৰ পূব ডুবিয়া আৰু গোপালপুৰত ৱাৰ্ড মেম্বাৰৰ আধা বেলট পেপাৰ ভুলকৈ আন পঞ্চায়তৰ বেলট পেপাৰৰ সৈতে যোৱাত পদটোৰ ভোটগ্ৰহণ এক বজাৰ পাছতে বন্ধ কৰি দিবলগীয়া হয়।

ইপিনে মৰিগাঁৱত নিজ গেৰুৱা গাওঁ পঞ্চায়তত ৱাৰ্ড মেম্বাৰৰ বেলট পেপাৰত অগপ প্ৰাৰ্থীৰ বিপৰীতে আহিল হাতৰ চিহ্ন। ধেমাজীৰ শ্ৰীপানী গাওঁ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ পদৰ বিজেপি প্ৰাৰ্থীৰ বিপৰীতে বেলতত আহিল নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতীক।

একেই বিসংগতি নগাঁৱৰ বঢ়মপুৰতো। বঢ়মপুৰৰ বৰবাৰী পঞ্চায়তত এজন কংগ্ৰেছ প্ৰাৰ্থীৰ নামৰ বিপৰীতে বেলতত আহিল পদুম ফুলৰ চিহ্ন।

কামৰূপ মহানগৰ জিলাৰ আমচিং গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ ৩১৬ গৰাকী ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাৰ বাবে ভোটদানৰ পৰা বঞ্চিত হয়। ইয়াৰ বিপৰীতে একেটা পঞ্চায়তৰে ৯ নং ৱাৰ্ডৰ ১৩৫ গৰাকী ভোটাৰে ভোটদান কৰাৰ পৰা বিৰত থাকিবলগীয়া হয়। মহানগৰ জিলাখনৰ হহঁৰা গাওঁ পঞ্চায়তৰ বগীবাৰীৰ ৭ আৰু ৮ নং ৱাৰ্ডৰ প্ৰায় ৫০ জন ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হয়।

একেদৰে জালুকবাৰী সমষ্টিৰ পছৰীয়া গাওঁ পঞ্চায়তৰ ভোটাৰ তালিকাত নাম নথকাৰ বাবে ভোটদানৰ পৰা বঞ্চিত হয় ১০৭ জন ভোটাৰ। পশ্চিম গুৱাহাটী সমষ্টিৰ মাজিৰগাওঁ পঞ্চায়তত ৬ শতাংশ লোক বঞ্চিত হৈছে ভোটদানৰ পৰা।

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ শান্তিপুৰ গাওঁ পঞ্চায়তৰ ৫ নং ৱাৰ্ডটো তালিকাৰ পৰা বাদ পৰিছে অৰ্ধ শতাধিক লোক।

মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কেতেটং গাওঁ পঞ্চায়তৰ ৪ শতাধিক আৰু জাগুনৰ লাকলা গাওঁ পঞ্চায়তৰ ৩ শতাধিক ভোটাৰ বঞ্চিত হ’ব লগা হৈছে ভোটদানৰ পৰা।

তেজপুৰৰ চামধৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰঘাটত ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে প্ৰায় ৭০০ লোক।

নাজিৰাৰ ৰহদৈ গাওঁ পঞ্চায়তৰ বেংমূৰীয়া কোঁৱৰগাঁৱৰ ৩ নং ৱাৰ্ডৰ ২৫ টা পৰিয়ালৰ ৯১ জন লোক ভোটদাৰ পৰা বঞ্চিত হয়। বঞ্চিত ভোটাৰসকলে হাতে হাতে প্লেকাৰ্ড লৈ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ উপৰিও অনেক বিসংগতিৰ খবৰ এতিয়াও আহিয়ে আছে। বহুলোকে পুনৰ ভোটগ্ৰহণৰো দাবী জনাইছে।

অনিৰ্বাণ পাঠক/ মানস প্ৰতীম গগৈ/ অক্ষয় প্ৰণৱ কলিতা

অনিৰ্বাণ পাঠক/ মানস প্ৰতীম গগৈ/ অক্ষয় প্ৰণৱ কলিতা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd