ফিফা বিশ্বকাপৰ পূৰ্বৰ সংস্কৰণসমূহত পল নামৰ বিখ্যাত অক্টোপাছটোৰ ভৱিষ্যতবাণীয়ে বিশেষ চৰ্চা লাভ কৰিছিল যদিও বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিঙৰ যুগত বিশ্বকাপৰ বিজয়ীৰ পূৰ্বানুমান কৰা প্ৰক্ৰিয়া অধিক উন্নত আৰু বিজ্ঞানসন্মত হৈ পৰিছে। ইনছব্ৰুক বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞানৰ অধ্যাপক আচিম জেইলেইছে তথ্য, বিশেষজ্ঞৰ জ্ঞান আৰু পৰিসংখ্যাগত আৰ্হিৰ ওপৰত আধাৰিত এটা মেচিন লাৰ্নিং এলগৰিথম ব্যৱহাৰ কৰি এতিয়ালৈকে আটাইতকৈ বৃহৎ পৰিসৰত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপৰ সম্ভাৱ্য বিজয়ীৰ নাম প্ৰকাশ কৰিছে। তেওঁৰ এই শেহতীয়া বিশ্লেষণ অনুসৰি, আগন্তুক বিশ্বকাপত বৰ্তমানৰ চেম্পিয়ন আৰ্জেণ্টিনা নহয়, বৰঞ্চ স্পেইন খিতাপ জয়ৰ মূল দাবীদাৰ হিচাপে পৰিগণিত হৈছে।
অধ্যাপক জেইলেইছে ‘দ্য ইণ্ডিপেণ্ডেণ্ট’ কাকতত উল্লেখ কৰা অনুসৰি, তেওঁৰ এলগৰিথমটোৱে দুটা সুকীয়া পৰ্যায়ত কাম কৰে। প্ৰথম পৰ্যায়ত বিভিন্ন জটিল পৰিসংখ্যাগত আৰ্হিৰ লগতে বুকমেকাৰ আৰু ট্ৰেন্সফাৰ মাৰ্কেটৰ বিশেষজ্ঞসকলৰ মতামত একত্ৰিত কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো দল আৰু খেলুৱৈৰ শক্তি নিৰ্ধাৰণ কৰা হয়। দ্বিতীয় পৰ্যায়ত এই মেচিন লাৰ্নিং এলগৰিখমটোৱে দলসমূহৰ শক্তিৰ আকলনৰ সৈতে আনুষংগিক তথ্যসমূহ কেনেদৰে সৰ্বোত্তমভাৱে সংযোগ কৰিব পাৰি সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰতিযোগিতাখনৰ সম্ভাৱ্য গতিবিধি নিৰ্ণয় কৰাৰ উদ্দেশ্যে গৱেষকৰ দলটোৱে এই ছিমুলেচন বা পৰীক্ষণ প্ৰায় এক লাখ বাৰ চলাইছিল। এই সুদীৰ্ঘ পৰীক্ষণৰ অন্তত প্ৰকাশ পোৱা ফলাফল অনুসৰি, ১৪.৫ শতাংশ জয়ৰ সম্ভাৱনাৰে স্পেইনে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। ইয়াৰ ঠিক পাছতেই ১২.৪ শতাংশ সম্ভাৱনাৰে ইংলেণ্ড আৰু ফ্ৰান্সে যুটীয়াভাৱে দ্বিতীয় স্থানত থকাৰ বিপৰীতে জাৰ্মানীয়ে ১১.২ শতাংশৰে পৰৱৰ্তী স্থান লাভ কৰিছে। আনহাতে, পৰ্টুগাল আৰু আৰ্জেণ্টিনাৰ খিতাপ জয়ৰ সম্ভাৱনা ক্ৰমে ৮.৯ শতাংশ আৰু ৮.২ শতাংশ বুলি প্ৰকাশ পাইছে।
জেইলেইছে উল্লেখ কৰা অনুসৰি, তেওঁৰ এলগৰিথমটোৱে নিৰ্ভুল বিশ্লেষণৰ বাবে প্ৰধানকৈ চাৰিটা চলক বা কাৰকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰথমতে, যোৱা আঠ বছৰৰ সকলো আন্তঃৰাষ্ট্ৰীয় মেচৰ ফলাফলৰ ওপৰত ভিত্তি কৰি দলসমূহৰ অতীতৰ শক্তিৰ এক অনুমান কৰা হৈছে। দ্বিতীয়তে, আগন্তুক প্ৰতিযোগিতাখনৰ সন্দৰ্ভত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বুকমেকাৰৰ মতামতৰ পৰা ভৱিষ্যতৰ শক্তিৰ উমান লোৱা হৈছে।
তৃতীয়তে, ক্লাব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈসকলে গ’ল দিয়াৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ ব্যক্তিগত ৰেটিং প্ৰস্তুত কৰা হৈছে। অৱশেষত, খেলুৱৈসকলৰ বৰ্তমানৰ মানদণ্ড আৰু ভৱিষ্যতৰ সম্ভাৱনাসমূহ তেওঁলোকৰ প্ৰত্যাশিত বজাৰ মূল্যৰ জৰিয়তে প্ৰতিফলিত কৰা হৈছে। এই তথ্যসমূহ ট্ৰেন্সফাৰমাৰ্কেট ৱেবছাইটৰ পৰা সংগ্ৰহ কৰা হৈছে, যিয়ে প্ৰকৃত বজাৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ জনসাধাৰণৰ সামূহিক মতামতৰ পদ্ধতি ব্যৱহাৰ কৰে।
এতিয়া সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীসকলৰ দৃষ্টি নিৱদ্ধ হৈছে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ মূল খেলপথাৰত। প্ৰযুক্তিৰ এই অত্যাধুনিক বিজ্ঞানসন্মত পূৰ্বানুমান বাস্তৱত কিমান দূৰ ফলপ্ৰসূ হয় আৰু স্পেইনে সঁচাকৈয়ে খিতাপ দখল কৰিবলৈ সক্ষম হয় নে নহয়, সেয়া প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ পাছতহে চূড়ান্তভাৱে স্পষ্ট হ’ব।





