• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ বাবে সুকীয়া আইন প্ৰৱৰ্তন আৰু অজনজাতীয় ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়াৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 10:50 pm
KAAC

ডিফু চহৰত ৫ অক্তোবৰত উলিওৱা প্ৰতিবাদী কাৰ্য্যসূচীৰ দৃশ্য।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত নতুন আইন আৰু নিয়ম-কানুনৰ প্ৰচলন আৰু ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ লোকৰ নাম কৰ্তনৰ দাবীৰে আজি ২৪ প্লাছ নামৰ কেইবাটাও সামাজিক সংগঠনৰ ঐক্যবদ্ধ গোটে ধৰ্ণা কাৰ্য্যসূচী পালন কৰা হয়।

ছেমছন সিং ইংতি সোঁৱৰণী উদ্যানৰ সন্মুখত এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি দিয়া ভাষণত জে আই কাথাৰে কয়, “আমি কাৰ্বি স্বায়ত্তশাসিত পৰিষদত নতুন আইন আৰু নীতি প্ৰৱৰ্তন আৰু জিলাখনৰ ভোটাৰ তালিকাৰ পৰা অজনজাতীয় লোকৰ নাম কৰ্তনৰ বাবে আন্দোলন কৰিব লাগিব। ১৯৬৯-অত সেই সময়ৰ নেতাসকলে ষষ্ঠ অনুসূচীৰ ক্ষমতা ৰাজ্যপালৰ ওচৰত এৰি দিছিল। তাৰ আগলৈকে কাৰ্বি আংলঙৰ সকলো ক্ষমতা পাহাৰী জনজাতিসকলৰ হাততে আছিল।”

Apply Now

আনহাতে ষষ্ঠ অনুসূচীৰ প্ৰসংগ আনি তেওঁ কয় যে ষষ্ঠ সংবিধানৰ অনুসূচীৰ দফা ২ আৰু উপদফা ৭ মতে জিলাখনৰ জনজাতীয় লোকসকলেই হ’ল পৰিষদৰ নীতি আৰু আইন প্ৰণয়নৰ একমাত্ৰ কৰ্তৃপক্ষ। ৰাজ্যপালে কেৱল ইয়াত অনুমোদনহে দিব পাৰে। কিন্তু এতিয়া পৰিষদৰ হাতত কোনো ক্ষমতা নাই আৰু ৰাজ্যপালৰ হুকুমৰ অধীন।

ইফালে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্বি পৰিষদক নতুন আইন প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিয়া সত্ত্বেও সেয়া কৰা নাই বুলি কাৰ্বি পৰিষদক দোষাৰোপ কৰে।

“এইটো আমাৰ অৱগত যে কাৰ্বি পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিসকলে এইটো কৰা নাই। তেওঁলোকে দুজন অজজাতীয় লোকক, ক্ৰমে জয়ন্ত চুতীয়া আৰু বি কে মিশ্ৰক, কাৰ্বি পৰিষদৰ নীতি-নিয়ম প্ৰস্তুতি কমিটীত অন্তৰ্ভুক্ত কৰিছে।” এইদৰে কয় কাথাৰে।

কাৰ্বি পৰিষদৰ নীতি-নিয়ম প্ৰস্তুতি কমিটীৰ এজন সদস্যক এই কামৰ কি হৈছে বুলি কাথাৰে সোধাত তেওঁ সেই ফাইলটো গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জনায়। এই কথাত কাথাৰে প্ৰশ্ন কৰে, “কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ বাবে গুৱাহাটীয়ে কেনেকৈ নিয়ম বনাব?”

আনহাতে কাথাৰে বংগসেনাকো আক্ৰমণ কৰি কয় যে অনুপ্ৰৱেশে কাৰ্বি আংলঙৰ জনগাঁথনি সলনি কৰি দিছে। “বিজেপ আৰু বংগসেনাই আজিৰ প্ৰতিবাদী সভাত মানুহে যাতে অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে হোজাই আৰু লামডিঙত ৰেইল ৰখাই দিছে। নহ’লে আজি আৰু মানুহে ইয়াত অংশগ্ৰহণ কৰিলে হেঁতেন। ইয়াত বংগসেনাই কাম কৰি আছে আৰু আমাৰ মানুহে তেতিয়াহে জানিব যেতিয়া আমি নিজৰ ঠাইৰ পৰাই বিতাৰিত হ’ম। ত্ৰিপুৰাত খিলঞ্জীয়া মানুহে ইতিপূৰ্বে সেইটো পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াতো বেছি দিন নাই।” কাথাৰে কয়।

২৪ প্লাছ নামৰ সন্মিলিত গোটটোৰ দাবীসমূহৰ ভিতৰত অসম ভূমি আৰু ৰাজহ আইন, ১৮৮৬ৰ বাতিল আৰু প্ৰথাগত ভূমি নীতিৰ পুনৰ প্ৰৱৰ্তন, ষষ্ঠ অনুসূচীৰ ৪ নং দফাৰ জনজাতীয় প্ৰথাগত আইন পুনৰ প্ৰৱৰ্তন, দফা ৩ আৰু উপদফা ১ৰ অধীনত জনজাতীয় গাওঁ পৰিষদ গঠন কৰা ইত্যাদি।

প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপে চহৰখনত এটা শোভাযাত্ৰা উলিওৱা হয়। এই কাৰ্য্যসূচীৰ বাবে ৫ ঘণ্টা ধৰি ডিফু চহৰৰ দোকান-পোহাৰ বন্ধ থাকে। প্ৰতিবাদী কাৰ্য্যসূচীটোক নেতৃত্ব প্ৰদান কৰে কাৰ্বি আংলং ৰং আছাৰ আমেইৰ সভাপতি ধনচিং ৰংহাং, ২৪ প্লাছ আহ্বায়ক ৰতন তেৰাং, ছেমছন তেৰন, হেম্ফু ইংতি, ৰাজেশ টিছু, ক্লিৰদপ তেৰাং, আংতং ইংতি কাথাৰ আৰু জনা তেৰাঙে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd