• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ শাসনত ভাৰতত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ২৮ জন সাংবাদিকে! শিহৰণকাৰী প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:40 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা যোৱা এটা দশকত কমেও ২৮ জন সাংবাদিকে প্ৰাণ হেৰুৱাইছে।এই পৰিসংখ্যাৰ আঁৰত এক শিহৰণকাৰী তথ্য নিহিত হৈ আছে – হত্যা কৰা সাংবাদিকসকলৰ প্ৰায় আধা সংখ্যকে পৰিৱেশ সংক্ৰান্ত বিভিন্ন অপৰাধৰ বাতৰি কৰিবলৈ গৈ মৃত্যুবৰণ কৰে।

এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ (আৰ এছ এফ)ৰ এক প্ৰতিবেদনত। সাংবাদিকৰ সুৰক্ষা আৰু তেওঁলোকৰ বিৰুদ্ধে হিংসাৰ বাবে শাস্তিহীনতাৰ সংস্কৃতিৰ অন্ত পেলোৱাটো দেশত চলি থকা লোকসভা নিৰ্বাচনত মূল এজেণ্ডা হিচাপে ৰখা উচিত বুলি সংগঠনটোৱে দাবী কৰিছে।

Apply Now

তথ্য অনুসৰি, এই ২৮ জন সাংবাদিকৰ ভিতৰত কমেও ১৩ জনেই ঔদ্যোগীকৰণৰ নামত ভূমি দখল আৰু অবৈধ খননৰ দৰে স্পৰ্শকাতৰ বিষয়ত কাম কৰি আছিল। ইয়াৰে বৃহৎ সংখ্যকক পোনপটীয়াকৈ লক্ষ্য কৰি লৈছিল ভাৰতৰ কুখ্যাত ‘বালি মাফিয়া’ই। এই সংগঠিত অপৰাধ গোটটোৱে দেশৰ নিৰ্মাণ উদ্যোগৰ ক্ৰমবৰ্ধমান চাহিদাক মূলধন হিচাপে লৈ নিৰ্বিচাৰে বালি খনন কৰে।

অভিযোগ কৰা হৈছে যে এই মাফিয়া গোটসমূহৰ প্ৰভাৱশালী স্থানীয় ৰাজনীতিবিদসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে, যাৰ বাবে তেওঁলোকে এক প্ৰকাৰৰ প্ৰশাসনিক ছত্ৰছায়াত কাম কৰে। যেতিয়াই কোনো সাংবাদিকে এই গোটসমূহৰ আৰ্থিক স্বাৰ্থৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিছে বা তেওঁলোকৰ কাৰ্যকলাপ জনসাধাৰণৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছে, তেতিয়াই তেওঁলোকক নিৰ্মমভাৱে কণ্ঠৰোধ কৰা হৈছে। আটাইতকৈ ভয়ংকৰ কথাটো হ’ল এই হত্যাকাণ্ডৰ ন্যায়ৰ হাৰ প্ৰায় শূন্য।

এই পৰিস্থিতিৰ ভয়াৱহতাক বিবেচনা কৰি আৰ এছ এফে আগন্তুক নিৰ্বাচনত প্ৰাৰ্থীসকলৰ বাবে এলানি পৰামৰ্শ আগবঢ়াইছে। সাংবাদিকসকলৰ শাৰীৰিক আৰু ডিজিটেল সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে শীঘ্ৰে এক ফলপ্ৰসূ ব্যৱস্থা গঢ়ি তুলিবলৈ দাবী জনাইছে। বিশেষকৈ পৰিৱেশ দুৰ্যোগ বা খনন মাফিয়াৰ বিৰুদ্ধে কাম কৰাসকলক বিশেষ সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন। সংগঠনটোৰ মতে, দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ থকা সাংবাদিকসকলে এনেদৰে প্ৰাণ হেৰুৱাইছে আৰু অপৰাধীয়ে ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি ৰক্ষা পৰিছে।

ভাৰতৰ সাংবাদিকতাৰ ভৱিষ্যতৰ বাবে এই নিৰ্বাচনসমূহ অতি গুৰুত্বপূৰ্ণ বুলি স্পষ্ট কৰি দিছে ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছে। এই সন্ধিক্ষণত থিয় হৈ তেওঁলোকে সকলো ৰাজনৈতিক দলক আহ্বান জনাইছে যে ক্ষমতালৈ আহিলে এই শাস্তিহীনতাৰ সংস্কৃতিৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিয়ক।

পৰিৱেশ ৰক্ষাৰ বাবে দুৰ্নীতি উদঙাই দি প্ৰাণ হেৰুৱা সাংবাদিকসকলৰ পৰিয়ালে যাতে ন্যায় লাভ কৰক আৰু ভৱিষ্যতে সাংবাদিকসকলে নিৰ্ভয়ে কাম কৰাৰ পৰিৱেশ গঢ়ি উঠে সেয়া সময়ৰ দাবী। ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব আৰু সাংবাদিকৰ নিৰাপত্তাহীনতাই বিশ্বৰ আগত দেশৰ ভাবমূৰ্তি কলংকিত কৰি তুলিছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd