• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

কিশোৰী বলাৎকাৰৰ অভিযোগত তিনি দুৰ্বৃত্তক গ্ৰেপ্তাৰ: বিজেপি মন্ত্ৰীৰ পুত্ৰ জড়িত থকাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2022 2:24 pm
gang rape
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ উনাকোটি জিলাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে তিনি দুৰ্বৃত্তক লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি যোৱা ১৯ অক্টোবৰত কুমাৰঘাটৰ এটা তিনিমহলীয়া অট্টালিকাত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল কিশোৰীগৰাকী।

কুমাৰঘাটৰ এগৰাকী স্থানীয় আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে কিশোৰীগৰাকীৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত এগৰাকী মহিলাসহ তিনিগৰাকী অভিযুক্তক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু অভিযুক্ত আন কেইবাগৰাকীও পলাতক অৱস্থাত আছে বুলি সংবাদ মাধ্যমৰ আগত তেওঁ সদৰী কৰিছে।

Apply Now

কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ কৰা মতে, ধৃত চুবুৰীয়া মহিলাগৰাকীয়ে কিশোৰীগৰাকীক কুমাৰঘাটৰ অট্টালিকাটোলৈ লগত লৈ গৈছিল আৰু পূৰ্বৰে পৰা তাত থকা লোকসকলে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰিছিল।

ইফালে এই ঘটনাত ৰাজ্যখনৰ শাসকীয় বিজেপি চৰকাৰৰ এগৰাকী ৰাজ্যিক মন্ত্ৰীৰ পুত্ৰ জড়িত বুলি দাবী কৰি বিৰোধী কংগ্ৰেছ আৰু চিপিআই(এম)- এ গোচৰৰ সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

ত্ৰিপুৰা কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিধায়ক আশীষ সাহাই অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰি সাংবাদিকৰ আগত কয়, “ধৰ্ষণৰ গোচৰত এগৰাকী মন্ত্ৰীৰ পুত্ৰৰ নাম জড়িত হৈ আছে। সেয়েহে, আমি এই বিষয়টোত মুখ্যমন্ত্ৰী মানিক সাহাৰ পৰা এক বিবৃতি বিচাৰো। আমি সকলো অভিযুক্তক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছো।”

আনহাতে চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে দলবদ্ধ ধৰ্ষণৰ গোচৰটোত এগৰাকী মন্ত্ৰীৰ পুত্ৰৰ নাম উত্থাপিত হোৱাটো লজ্জাজনক বুলি উল্লেখ কৰি অভিযুক্ত মন্ত্ৰীপুত্ৰৰ বিৰুদ্ধে তদন্তৰ দাবী জনায়। যদি মন্ত্ৰীগৰাকীৰ পুত্ৰ গোচৰৰ অভিযুক্ত হয়, তেন্তে তেওঁক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগিব বুলি চৌধুৰীয়ে দাবী কৰে।

অৱশ্যে, বিৰোধীৰ এই অভিযোগক বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰি অস্বীকাৰ কৰিছে। উনাকোটি জিলাৰ বিজেপি সভাপতি পবিত্ৰ চন্দ্ৰ দেবনাথে এক বিবৃতিত এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰি ঘটনাৰ সময়ত মন্ত্ৰীগৰাকীৰ পুত্ৰ আগৰতলাত আছিল বুলি মন্তব্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

October 20, 2026 5:36 pm
দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd