তামিলনাডুৰ মুখ্যমন্ত্ৰী জোচেফ বিজয়ে সোমবাৰে বিধানসভাত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ৰাজ্যখনৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহক বছৰি তিনিটাকৈ এলপিজি গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰাৰ লগতে ৰূপান্তৰকামী লোকসকলৰ বাবে চৰকাৰী বাছত বিনামূলীয়া যাত্ৰাৰ সুবিধাও আগবঢ়োৱা হ’ব বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
বিজয়ে জনোৱা অনুসৰি, বছৰি ২.৫ লাখ টকাৰ তলত আয় কৰা প্ৰতিটো পৰিয়ালে বছৰত তিনিটাকৈ গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব। ‘অন্নপূৰ্ণা ছুপাৰ ছিক্স’ নামেৰে এই নতুন আঁচনিখন অহা বছৰৰ পোংগল উৎসৱৰ পৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ১ কোটি ৩০ লাখ পৰিয়াল উপকৃত হ’ব বুলি আশা কৰা হৈছে।
আঁচনিখনৰ অধীনত যোগ্য পৰিয়ালসমূহৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ তিনিটা গেছ চিলিণ্ডাৰৰ খৰচৰ ধন প্ৰেৰণ কৰা হ’ব। এই আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ বছৰি প্ৰায় ৪ হাজাৰ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে। বিজয়ে কয় যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত ৰন্ধন গেছৰ দাম যথেষ্ট বৃদ্ধি পোৱাত সাধাৰণ পৰিয়ালসমূহৰ ওপৰত আৰ্থিক চাপ বৃদ্ধি পাইছে। সেই চাপ কিছু হ্ৰাস কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে।
ইফালে, মহিলাসকলৰ বাবে চলি থকা ‘ভেট্ৰি পায়ানাম’ আঁচনিখনো অধিক বিস্তৃত কৰাৰ ঘোষণা কৰা হৈছে। এতিয়াৰে পৰা কেৱল সাধাৰণ চৰকাৰী বাছতেই নহয়, এক্সপ্ৰেছ, এল এছ এছ আৰু ডিলাক্স বাছতো মহিলাসকলে বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। আন্তঃজিলা বাছতো এই সুবিধা প্ৰযোজ্য হ’ব।
এই সুবিধাৰ পৰিসৰ বৃদ্ধি কৰি এতিয়াৰে পৰা ৰূপান্তৰকামী লোকসকলকো আঁচনিখনৰ অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ, ৰাজ্যখনত মহিলা আৰু ৰূপান্তৰকামীসকলে নিৰ্দিষ্ট চৰকাৰী বাছত বিনামূলীয়াকৈ যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব।
মুখ্যমন্ত্ৰী বিজয়ে কয় যে মহিলাসকলৰ মুক্তভাৱে যাত্ৰা কৰাৰ অধিকাৰ তেওঁলোকৰ আৰ্থিক স্বাৱলম্বিতা আৰু পৰিয়ালৰ উন্নয়নৰ সৈতে গভীৰভাৱে জড়িত। যাতায়াতৰ খৰচৰ বাবে যাতে তামিলনাডুৰ কোনো মহিলাই সুযোগৰ পৰা বঞ্চিত নহয়, সেই সামাজিক ন্যায়ৰ নীতিক আগত ৰাখিয়েই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে।





