অৱশেষত গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিলে দিল্লীৰ আৰক্ষীয়ে।
কৃষকক কেইবাটাও চৰ্ত বান্ধি দি এই ৰেলী উলিয়াবলৈ অনুমতি দিয়া হৈছে।
ইপিনে পাকিস্তানে ৩০৮ টা ভুৱা টুইটাৰ একাউণ্ট ব্যৱহাৰ কৰি কৃষকৰ ট্ৰেক্টৰ ৰেলীত বাধা প্ৰদানৰ চেষ্টা চলাইছে বুলি আজি দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়া দীীপেন্দ্ৰ পাঠকে প্ৰকাশ কৰে।
কৃষকৰ ৰেলী বাধাপ্ৰাপ্ত হ’লে কৃষকসকল অধিক উত্তেজিত হ’ব আৰু চৰকাৰক ইয়াৰ বাবে দোষাৰোপ কৰিব, এনে আশা লৈয়েই পাকিস্তানৰ পৰা পৰিচালিত ৩০৮ টা টুইটাৰ একাউণ্টৰ জৰিয়তে এটা চক্ৰই বিভ্ৰান্তিকৰ কথা প্ৰকাশ কৰিবলৈ লৈছে।
পাকিস্তানত ১৩ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীৰ ভিতৰত সেই টুইটাৰ একাউণ্ট কেইটা খোলা হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।
উল্লেখ্য ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা প্ৰতিবাদী কৃষকসকলে দিল্লীৰ ৰাজপথত উলিয়াবলগীয়া প্ৰস্তাৱিত ট্ৰেক্টৰ ৰেলী স্থগিত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন খন সন্দৰ্ভত কোনো ৰায় দিবলৈ অসন্মতি প্ৰকাশ কৰিছিল ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বড়ৰেই এই সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে আইন শৃংখলা ৰক্ষাৰ দায়িত্ব যিহেতু আৰক্ষীৰ বিষয় সেয়ে কৃষকৰ প্ৰস্তাৱিত ট্ৰেক্টৰ ৰেলীৰ ক্ষেত্ৰতো দিল্লী আৰক্ষীয়েই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।
উল্লেখ্য প্ৰায় ডেৰ মাহ ধৰি দেশৰ ৰাজধানীৰ সীমান্ত অঞ্চলত প্ৰতিবাদৰত বিদ্ৰোহী কৃষকসকলৰ বাবে কিছুদিন পূৰ্বে কিছু সকাহ কঢ়িয়াই আনিছিল উচ্চতম ন্যায়ালয়ৰ এক ৰায়ে।
সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক বিতৰ্কিত তিনিখন কৃষি আইন কাৰ্যকৰীকৰণত স্থগিতাদেশ জাৰি কৰাৰ পিছতে থমকি ৰ’বলগীয়া হৈছিল চৰকাৰ।
সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে বিতৰ্কিত কৃষি আইন সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি কৈছিল যে কেন্দ্ৰই বিতৰ্কিত কৃষি আইনকেইখন কাৰ্যকৰীকৰণ স্থগিত নকৰিলে উচ্চতম ন্যায়ালয়ে নিজেই স্থগিত কৰিবলৈ বাধ্য হ’ব।
“দিনৰ পিছত দিন দিল্লীৰ ৰাজপথত বয়স্ক লোক, মহিলাই আন্দোলন কৰি আছে। চৰকাৰে এই পৰিস্থিতি দেখিও কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই?” এই বুলিও দেশৰ শীৰ্ষ আদালতে প্ৰশ্ন কৰিছিল কেন্দ্ৰীয় চৰকাৰক।
কিয় বয়স্ক আৰু মহিলাসকলে আন্দোলনত অংশগ্ৰহণ কৰিছে সেয়া চৰকাৰে জানে নে নাই বুলিও প্ৰশ্ন কৰি মুখ্য ন্যায়াধীশ ববড়েই কৈছিল, “আমি আজি পৰ্যন্ত কোনো সুদুত্তৰ পোৱা নাই। পৰিস্থিতি ক্ৰমশঃ সংকটজনক হৈহে গৈ আছে।”
মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কৈছিল— “আন্দোলন যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি নাযায়। আমি নিজৰ মানুহৰ তেজ চাব নোখোজো আৰু কোনো লোকৰ মৃত্যু আমি চাব নোখোজো।”
উল্লেখ্য যে কেন্দ্ৰৰ তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰচণ্ড শীতকো নেওচি দেশৰ হাজাৰ হাজাৰ কৃষকে যোৱা প্ৰায় ডেৰ মাহ ধৰি আন্দোলন কৰি আছে।