• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2021 9:24 pm
a track
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিলে দিল্লীৰ আৰক্ষীয়ে।

কৃষকক কেইবাটাও চৰ্ত বান্ধি দি এই ৰেলী উলিয়াবলৈ অনুমতি দিয়া হৈছে।

Apply Now

ইপিনে পাকিস্তানে ৩০৮ টা ভুৱা টুইটাৰ একাউণ্ট ব্যৱহাৰ কৰি কৃষকৰ ট্ৰেক্টৰ ৰেলীত বাধা প্ৰদানৰ চেষ্টা চলাইছে বুলি আজি দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়া দীীপেন্দ্ৰ পাঠকে প্ৰকাশ কৰে।

কৃষকৰ ৰেলী বাধাপ্ৰাপ্ত হ’লে কৃষকসকল অধিক উত্তেজিত হ’ব আৰু চৰকাৰক ইয়াৰ বাবে দোষাৰোপ কৰিব, এনে আশা লৈয়েই পাকিস্তানৰ পৰা পৰিচালিত ৩০৮ টা টুইটাৰ একাউণ্টৰ জৰিয়তে এটা চক্ৰই বিভ্ৰান্তিকৰ কথা প্ৰকাশ কৰিবলৈ লৈছে।

পাকিস্তানত ১৩ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীৰ ভিতৰত সেই টুইটাৰ একাউণ্ট কেইটা খোলা হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা প্ৰতিবাদী কৃষকসকলে দিল্লীৰ ৰাজপথত উলিয়াবলগীয়া প্ৰস্তাৱিত ট্ৰেক্টৰ  ৰেলী স্থগিত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন খন সন্দৰ্ভত কোনো ৰায় দিবলৈ অসন্মতি প্ৰকাশ কৰিছিল ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বড়ৰেই এই সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে আইন শৃংখলা ৰক্ষাৰ দায়িত্ব যিহেতু আৰক্ষীৰ বিষয় সেয়ে কৃষকৰ প্ৰস্তাৱিত ট্ৰেক্টৰ ৰেলীৰ ক্ষেত্ৰতো দিল্লী আৰক্ষীয়েই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।

উল্লেখ্য প্ৰায় ডেৰ মাহ ধৰি দেশৰ ৰাজধানীৰ সীমান্ত অঞ্চলত প্ৰতিবাদৰত বিদ্ৰোহী কৃষকসকলৰ বাবে কিছুদিন পূৰ্বে কিছু সকাহ কঢ়িয়াই আনিছিল উচ্চতম ন্যায়ালয়ৰ এক ৰায়ে।

সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক বিতৰ্কিত তিনিখন কৃষি আইন কাৰ্যকৰীকৰণত স্থগিতাদেশ জাৰি কৰাৰ পিছতে থমকি ৰ’বলগীয়া হৈছিল চৰকাৰ।

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে বিতৰ্কিত কৃষি আইন সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি কৈছিল যে কেন্দ্ৰই বিতৰ্কিত কৃষি আইনকেইখন কাৰ্যকৰীকৰণ স্থগিত নকৰিলে উচ্চতম ন্যায়ালয়ে নিজেই স্থগিত কৰিবলৈ বাধ্য হ’ব।

“দিনৰ পিছত দিন দিল্লীৰ ৰাজপথত বয়স্ক লোক, মহিলাই আন্দোলন কৰি আছে। চৰকাৰে এই পৰিস্থিতি দেখিও কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই?” এই বুলিও দেশৰ শীৰ্ষ আদালতে প্ৰশ্ন কৰিছিল কেন্দ্ৰীয় চৰকাৰক।

কিয় বয়স্ক আৰু মহিলাসকলে আন্দোলনত অংশগ্ৰহণ কৰিছে সেয়া চৰকাৰে জানে নে নাই বুলিও প্ৰশ্ন কৰি মুখ্য ন্যায়াধীশ ববড়েই  কৈছিল, “আমি আজি পৰ্যন্ত কোনো সুদুত্তৰ পোৱা নাই। পৰিস্থিতি ক্ৰমশঃ সংকটজনক হৈহে গৈ আছে।”

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কৈছিল— “আন্দোলন যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি নাযায়। আমি নিজৰ মানুহৰ তেজ চাব নোখোজো আৰু কোনো লোকৰ মৃত্যু আমি চাব নোখোজো।”

উল্লেখ্য যে কেন্দ্ৰৰ তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰচণ্ড শীতকো নেওচি দেশৰ হাজাৰ হাজাৰ কৃষকে যোৱা প্ৰায় ডেৰ মাহ ধৰি আন্দোলন কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd