• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩৯ বছৰে ৰূপায়ণ নহ’ল অসম চুক্তি- চৰকাৰৰ বিৰুদ্ধে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ ক্ষোভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 2:40 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাজ্যখনৰ পৰা অবৈধ বাংলাদেশী নাগৰিকৰ বহিস্কাৰৰ জৰিয়তে এখন বিদেশী মুক্ত অসম গঢ়াৰ স্বাৰ্থত ১৯৮৫ চনৰ ১৪ আগষ্টত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আন্দোলনকাৰী নেতৃবৃন্দৰ মাজত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল। অসম চুক্তি স্বাক্ষৰ হোৱাৰ আজি ৩৯ বছৰ উকলি গ’ল। এই সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ, বিজেপি, অগপ বা চুক্তি স্বাক্ষৰকাৰী দল – সংগঠনৰ নেতৃত্বও শাসনৰ ক্ষমতাত অধিষ্ঠিত হ’ল। কিন্তু কোনো চৰকাৰেই অসম চুক্তি ৰূপায়ণ নকৰিলে।

সংশ্লিষ্ট প্ৰতিটো ৰাজনৈতিক দলেই অসম চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্যবাসীক প্ৰৱঞ্চনা কৰিলে। ” আজি অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৩৯ বছৰ পূৰ্ণ হোৱাৰ মুহূৰ্তত আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰে। আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, ” চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন তথা পৰামৰ্শাৱলীও চৰকাৰে গ্ৰহণ নকৰিলে। চুক্তি ৰূপায়ণ নকৰি চৰকাৰে অবৈধ বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বহিস্ককৰণৰ মূল বিষয় নস্যাৎ কৰিছে।” আপৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াই প্ৰায় চাৰি দশকতো অসম চুক্তি ৰূপায়ণ নকৰাৰ বাবে কংগ্ৰেছ, বিজেপি, অগপক প্ৰতাৰক আৰু বিশ্বাসঘাতক আখ্যা দিয়ে।

তেওঁ কয়, ” ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অসমৰ অংশৰ ২৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬০ কিলোমিটাৰ আজিও উন্মুক্ত হৈ আছে। চুক্তি অনুসৰি সীমান্ত ছীল নকৰাৰ ফলত উন্মুক্ত সীমান্ত অতিক্ৰম কৰি নতুনকৈ প্ৰব্ৰজন চলি আছে। নিতৌ চোৰাং সামগ্ৰীৰ অবাধ বেহা অব্যাহত থকাৰ খবৰো সৰ্বজনবিদিত। এই ক্ষেত্ৰত বিগত দিনবোৰত ক্ষমতাত অধিষ্ঠিত হোৱা প্ৰতিটো দলৰ চৰকাৰৰে চূড়ান্ত ব্যৰ্থতা পৰিলক্ষিত হৈছে ।

Apply Now

“আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই অসম চুক্তি ৰূপায়ণ, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু বিদেশী বহিস্ককৰণৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চুক্তি ৰূপায়নৰ ক্ষেত্ৰত ইউ টাৰ্ণ লোৱা বুলি সমালোচনা কৰে।

আপৰ নেতাগৰাকীয়ে কয়,” অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ মূল আধাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আজিও উন্নীতকৰণ নহ’ল। তদুপৰি খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ বাবে অসম চুক্তিৰ ৬ নম্বৰ দফা চৰকাৰে কাৰ্যকৰী নকৰিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰে গঠন কৰি দিয়া বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ৰিপ’ৰ্টেই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে। কাৰ্যকৰী কৰা দূৰৰে কথা। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিয়ে তিনি মাহৰ ভিতৰত বিপ্লৱ শৰ্মা আয়োগৰ ৰিপ’ৰ্ট পৰীক্ষা কৰি বিতং প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল। কিন্তু আজিও সেয়া কাৰ্যকৰী নহ’ল। আমাৰ প্ৰশ্ন, – অসম চুক্তি ৰূপায়নৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰত তিনিবাৰ আৰু ৰাজ্যত দুবাৰকৈ ক্ষমতালৈ অহা বিজেপি চৰকাৰে কেতিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব? অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে কোন বছৰৰ, কোন মাহৰ কোন তাৰিখে গ্ৰহণ আৰু কাৰ্যকৰী কৰিব?”

এই সন্দৰ্ভত চৰকাৰক সময় সীমা নিৰ্ধাৰণ কৰি অসমবাসীক আশ্বস্ত কৰিবলৈ আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd