• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩৯ বছৰে ৰূপায়ণ নহ’ল অসম চুক্তি- চৰকাৰৰ বিৰুদ্ধে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ ক্ষোভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 2:40 pm
189
VIEWS
Share on FacebookShare on Twitter

“ৰাজ্যখনৰ পৰা অবৈধ বাংলাদেশী নাগৰিকৰ বহিস্কাৰৰ জৰিয়তে এখন বিদেশী মুক্ত অসম গঢ়াৰ স্বাৰ্থত ১৯৮৫ চনৰ ১৪ আগষ্টত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আন্দোলনকাৰী নেতৃবৃন্দৰ মাজত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল। অসম চুক্তি স্বাক্ষৰ হোৱাৰ আজি ৩৯ বছৰ উকলি গ’ল। এই সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ, বিজেপি, অগপ বা চুক্তি স্বাক্ষৰকাৰী দল – সংগঠনৰ নেতৃত্বও শাসনৰ ক্ষমতাত অধিষ্ঠিত হ’ল। কিন্তু কোনো চৰকাৰেই অসম চুক্তি ৰূপায়ণ নকৰিলে।

সংশ্লিষ্ট প্ৰতিটো ৰাজনৈতিক দলেই অসম চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্যবাসীক প্ৰৱঞ্চনা কৰিলে। ” আজি অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৩৯ বছৰ পূৰ্ণ হোৱাৰ মুহূৰ্তত আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰে। আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, ” চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন তথা পৰামৰ্শাৱলীও চৰকাৰে গ্ৰহণ নকৰিলে। চুক্তি ৰূপায়ণ নকৰি চৰকাৰে অবৈধ বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বহিস্ককৰণৰ মূল বিষয় নস্যাৎ কৰিছে।” আপৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াই প্ৰায় চাৰি দশকতো অসম চুক্তি ৰূপায়ণ নকৰাৰ বাবে কংগ্ৰেছ, বিজেপি, অগপক প্ৰতাৰক আৰু বিশ্বাসঘাতক আখ্যা দিয়ে।

তেওঁ কয়, ” ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অসমৰ অংশৰ ২৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬০ কিলোমিটাৰ আজিও উন্মুক্ত হৈ আছে। চুক্তি অনুসৰি সীমান্ত ছীল নকৰাৰ ফলত উন্মুক্ত সীমান্ত অতিক্ৰম কৰি নতুনকৈ প্ৰব্ৰজন চলি আছে। নিতৌ চোৰাং সামগ্ৰীৰ অবাধ বেহা অব্যাহত থকাৰ খবৰো সৰ্বজনবিদিত। এই ক্ষেত্ৰত বিগত দিনবোৰত ক্ষমতাত অধিষ্ঠিত হোৱা প্ৰতিটো দলৰ চৰকাৰৰে চূড়ান্ত ব্যৰ্থতা পৰিলক্ষিত হৈছে ।

“আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই অসম চুক্তি ৰূপায়ণ, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু বিদেশী বহিস্ককৰণৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চুক্তি ৰূপায়নৰ ক্ষেত্ৰত ইউ টাৰ্ণ লোৱা বুলি সমালোচনা কৰে।

আপৰ নেতাগৰাকীয়ে কয়,” অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ মূল আধাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আজিও উন্নীতকৰণ নহ’ল। তদুপৰি খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ বাবে অসম চুক্তিৰ ৬ নম্বৰ দফা চৰকাৰে কাৰ্যকৰী নকৰিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰে গঠন কৰি দিয়া বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ৰিপ’ৰ্টেই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে। কাৰ্যকৰী কৰা দূৰৰে কথা। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিয়ে তিনি মাহৰ ভিতৰত বিপ্লৱ শৰ্মা আয়োগৰ ৰিপ’ৰ্ট পৰীক্ষা কৰি বিতং প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল। কিন্তু আজিও সেয়া কাৰ্যকৰী নহ’ল। আমাৰ প্ৰশ্ন, – অসম চুক্তি ৰূপায়নৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰত তিনিবাৰ আৰু ৰাজ্যত দুবাৰকৈ ক্ষমতালৈ অহা বিজেপি চৰকাৰে কেতিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব? অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে কোন বছৰৰ, কোন মাহৰ কোন তাৰিখে গ্ৰহণ আৰু কাৰ্যকৰী কৰিব?”

এই সন্দৰ্ভত চৰকাৰক সময় সীমা নিৰ্ধাৰণ কৰি অসমবাসীক আশ্বস্ত কৰিবলৈ আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই আহ্বান জনায়।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd