NORTHEAST NOW (Assamese)

নেলীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত একেটা পৰিয়ালৰে ৪জন লোক

February 4, 2019 6:42 am · এন ই নাও নিউজ
নেলীৰ পথ দুৰ্ঘটনাত দেওবাৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন।

জাগীৰোডৰ নেলীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দেওবাৰে একেটা পৰিয়ালৰে ৪জন লোক থিতাতে নিহত হয়। নেলীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত এটি ৭ বছৰীয়া শিশুকে ধৰি পৰিয়ালৰ চাৰিজন লোক নিহত হয়।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা নগাঁও অভিমুখে পৰিয়ালটো এখন ছুইফ্ট ডিজায়াৰেৰে গৈ থকা অৱস্থাতে নেলীত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। দ্ৰুতবেগী ছুইফ্ট ডিজায়াৰখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্ট এটাত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত নিহত পৰিয়ালটোৰ সদস্যকেইজনক বিনি কুমাৰ, চৰথ, গীতাঞ্জলি দেৱী আৰু শিশুটিক গোবি বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ এই শোকাৱহ দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি মৰ্মাহত হৈ পৰে। পাছত আৰক্ষীও আহি ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

Related News