• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভাত বিজেপিৰ কোন ক’ত? গুৱাহাটীত নতুন মুখ; যৌন কেলেংকাৰি সত্ত্বেও ৰাজেন গোহাঁইৰ টিকট নিশ্চিত!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 4, 2019 12:25 am
Himanta Bishwa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভালৈ আগতীয়াকৈ টঙালি বন্ধা অসম বিজেপিয়ে ৰাজ্যৰ ১৪টা সমষ্টিৰ প্ৰায়কেইটাতে কাক কাক প্ৰাৰ্থিত্ব দিব তাৰ এটা মোটামুটি হিচাপ খাৰা কৰিছে। দলৰ এটা ভিতৰুৱা সূত্ৰই জনোৱামতে মাত্ৰ দুই-এটাত বাদে বৰ্তমানৰ ৭জন সাংসদৰ প্ৰায়সকলেই নিজৰ নিজৰ সমষ্টিত টিকট পোৱাটো নিশ্চিত।

যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিত বৰ্তমানৰ সাংসদ ক্ৰমে কামাখ্য প্ৰসাদ তাচা আৰু ৰামেশ্বৰ তেলীক পুনৰ প্ৰাৰ্থিত্ব দিয়াৰ পক্ষত আছে ৰাজ্যিক নেতৃত্ব।

Apply Now

ইপিনে যৌন কেলেংকাৰিয়ে জোকাৰি যোৱা সত্ত্বেও নগাওঁ সমষ্টিৰ পৰা ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে টিকট পোৱাটো এক প্ৰকাৰৰ নিশ্চিত। বিকল্প হিচাপে কিষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি সত্য ৰঞ্জন বৰাৰ নামটো ৰাখিছে যদিও কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত জ্যেষ্ঠ নেতাজনৰ গুৰুত্বৰ ভিত্তিত অগ্ৰাধিকাৰ পোৱাটো খাটাং।

আনহাতে সাংসদ বিজয়া চক্ৰবৰ্তীৰ দখলত থকা গুৱাহাটী সমষ্টিত দেখা যাব নতুন মুখ। সাংসদগৰাকীয়ে ইতিপূৰ্বে সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ ব্যক্ত কৰিছিল তেওঁ আৰু নিৰ্বাচন নেখেলাৰ ইচ্ছাৰ বিষয়ে। নিৰ্ভৰযোগ্য সূত্ৰৰ মতে হিমন্ত বিশ্বই হ’ব গুৱাহাটীত টিকট পোৱাৰ আটাইতকৈ সম্ভাৱনা থকা প্ৰাৰ্থী। অৱশ্যে সূত্ৰটোৱে আন এটা সমীকৰণ দাঙি ধৰি কয় যে হিমন্ত বিশ্বক মঙলদৈত থিয় কৰাই ৰমেন ডেকাকো গুৱাহাটীত নমোৱাৰ বিকল্প সাজু কৰি ৰাখিছে দলে।

বৰ্তমান ৰমেন ডেকাৰ দখলত থকা মঙলদৈত ডেকাৰ লগতে প্ৰাৰ্থিত্বৰ ‘বিকল্প’ত আছে দুখন নতুন মুখ- পৰ্য্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া।

‘লখিমপুৰ সমষ্টিত বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাই পুনৰ টিকট পোৱাটো এক প্ৰকাৰৰ নিশ্চিত’, নাম প্ৰকাশত অনিচ্ছুক দলৰ সূত্ৰটোৱে কয়।

‘তেজপুৰৰ বৰ্তমান সাংসদ ৰাম প্ৰসাদ শৰ্মাই টিকট নোপোৱাটো এক প্ৰকাৰৰ খাটাং। সমষ্টিটোৰ পৰা বিধায়ক ৰাজেন বৰঠাকুৰ বা দলটোৰ নেতা ঋতুপৰ্ণ চাংমাইক প্ৰাৰ্থিত্ব দিয়া হ’ব পাৰে। এই ক্ষেত্ৰত ৰাজেন বৰঠাকুৰ ১ নম্বৰ বিকল্প’, সূত্ৰটোৱে জনালে নৰ্থ-ইষ্ট নাওক।

বৰ্তমান বিজেপিৰ দখলত নথকা সমষ্টিৰ ভিতৰত স্বায়ত্তশাসিত জিলা সমষ্টি (ডিমা হাচাও আৰু কাৰ্বি আংলং)ত নতুনকৈ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা বিদ্যাসিং ইঙলেঙে পোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈছে।

সাংসদ বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাবলৈ ধুবুৰীৰ আসনখনত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা সংখ্যালঘু নেতা তৌফিক ৰহমানৰ নামটো আগ স্থানত ৰখা হৈছে। অৱশ্যে প্ৰাক্তন কংগ্ৰেছী বিধায়ক এজনৰ নামো চৰ্চাত আছে বুলি সূত্ৰটোৱে আমাক জনায়।

ইপিনে কংগ্ৰেছৰ দুৰ্গস্বৰূপ তথা গৌৰৱ গগৈৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টিত কোনো এজন যুৱ প্ৰতিনিধিক নমোৱাৰ সিদ্ধান্ত লোৱা হৈছে যদিও নাম ঠিক হোৱা নাই। এই ক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপ-সভাপতি দিপলু ৰঞ্জন শৰ্মাৰ নামটো চৰ্চাত আছে।

বৰাক উপত্যকাৰ শিলচৰ লোকসভা সমষ্টিত সুস্মিতা দেবৰ বিৰুদ্ধে দলটোৱে এইবাৰ থিয় কৰাব বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাজদ্বীপ ৰয়ক। পূৰ্বে কবীন্দ্ৰ পুৰকায়স্থই সুস্মিতা দেবৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল।

এ আই য়ু ডি এফৰ দখলত থকা কৰিমগঞ্জ আৰু বৰপেটা সমষ্টিৰ প্ৰসংগত সূত্ৰটোৱে এতিয়াও প্ৰাৰ্থীৰ নাম স্পষ্ট হোৱা নাই বুলি জানিবলৈ দিয়ে।

জানিব পৰামতে, ১৪ টা সমষ্টিৰ ভিতৰত কেৱল কোকৰাঝাৰ সমষ্টিতো মিত্ৰ দল বিপিএফক এৰি দিব ৰাষ্ট্ৰীয় দলটোৱে। বাকীবোৰ সমষ্টিত প্ৰাৰ্থীৰ নাম এটা বা দুটা বিকল্প ৰাখি প্ৰায় স্পষ্ট কৰি তুলিছে ৰাজ্যিক নেতৃত্বই আৰু এই তালিকাকে ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব।

“ইয়াৰ মাজতে যদি অগপ পুনৰ মিত্ৰতালৈ উভতি আহে তেওঁলোকক কলিয়াবৰ সমষ্টিটো এৰি দিয়া হ’ব”, নিৰ্ভৰযোগ্য সূত্ৰটোৰ দাবী।

সূত্ৰটোৱে লগতে কয় যে হাইকমাণ্ডৰ এই নিৰ্দেশ আছে যে অহা ২ মাৰ্চলৈকে কোনো প্ৰাৰ্থীয়ে টিকট বিচাৰি আৱেদন জনাব নোৱাৰিব।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd